গুৱাহাটীঃ ছেবাই হাইস্কুল শিক্ষান্ত পৰীক্ষা কোনো বিসংগতি নোহোৱাকৈ সুকলমে অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছিল  যদিও নিত্য নতুন বিসংগতিয়ে চৰকাৰ তথা ছেবাৰ সকলো দম্ভালিকে অসাৰ প্ৰতিপন্ন কৰিছে। আৰক্ষীৰ জৰিয়তে শিক্ষাৰ্থীক তালাচী, পৰীক্ষা কেন্দ্ৰত চি চি টি ভি লগাই চমক সৃষ্টি কৰা  চৰকাৰ তথা ছেবাই পূৰ্বৰ দৰে এইবাৰো নানা বিসংগতিৰে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালিহে খেলা দেখা গল।

যিমানে প্ৰতিশ্ৰুতি নিদিয়ক কিয় ছেবাই যেন ভুল কৰিবই। ভুল কৰি ভাল পোৱা ছেবাক নিয়ন্ত্ৰণ কৰিবলৈ সমৰ্থ নহ'ল স্বয়ং শিক্ষামন্ত্ৰী। বিপৰীতে এইবাৰো দেখা গ'ল বিগত বৰ্ষসমূহৰ দৰে একে প্ৰতিচ্ছবি।পৰীক্ষাৰ সূচী অনুযায়ী ২০ ফেব্ৰুৱাৰীত আছিল গণিত বিষয়ৰ পৰীক্ষা। কিন্তু বি টি এডিৰ বাগছা জিলাৰ ৮২ নং বৰিমখা হাইস্কুল কেন্দ্ৰত গণিতৰ প্ৰশ্ন কাকতৰ সলনি পৰীক্ষাৰ্থীক দিয়ে অসমীয়া বিষয়ৰ প্ৰশ্ন কাকত।এই খবৰ বিয়পি পৰাৰ লগে লগে শংকিত হৈ পৰে সমগ্ৰ ৰাজ্যৰ পৰীক্ষাৰ্থী আৰু অভিভাৱকসকল।

একেই পৰিৱেশ দেখা গ'ল হোজাইতো। হোজাই জিলাৰ মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰশ্নকাকতৰ বিসংগতিৰ বাবে এঘন্টা পলমকৈ পৰীক্ষা অনুষ্ঠিত হয়। জানিব পৰা মতে, মোৰাঝাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰত গণিতৰ প্ৰশ্নকাকতৰ পৰিৱৰ্তে সমাজ বিজ্ঞানৰ প্ৰশ্ন কাকতৰহে পেকেট আহে। প্ৰায় এঘন্টা পাছত অইন কেন্দ্ৰৰ পৰা প্ৰশ্ন কাকত আনি ফটোষ্টেট কৰি পৰীক্ষা অনুষ্ঠিত কৰা হয়।

শিক্ষামন্ত্ৰী তথা ছেবাৰ এনে দায়িত্বজ্ঞানহীন কাণ্ডত ক্ষুব্ধ হৈ পৰিছে ৰাজ্যখনৰ একাধিক দল-সংগঠন।এই সন্দৰ্ভত newsnextone.comৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপত কেইবাটাও ছাত্ৰ সংগঠনে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ছেবা আৰু শিক্ষা বিভাগক গৰিহণা দিয়ে।

ধৰ্মেশ্বৰ দাস, কাৰ্যালয় সম্পাদক, আছুঃ আছুৱে পৰীক্ষা আৰম্ভ হোৱাৰ পূৰ্বেই  ছেবাৰ বিষয়াগৰাকীক লগ ধৰি হাইস্কুল শিক্ষান্ত পৰীক্ষা ক্ৰটিহীনভাৱে অনুষ্ঠিত কৰিব লাগে বুলি দাবী জনাইছিলো।ছেবাৰ বিষয়ববীয়াইয়ো বিসংগতি নোহোৱাকৈ পৰীক্ষা অনুষ্ঠিত কৰিব বুলি আছুৰ প্ৰতিনিধিক কথা দিছিল। কিন্তু সময়ত দেখা গ'ল শিক্ষামন্ত্ৰী আৰু শিক্ষা বিভাগ এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে।এনে কাণ্ডক আমি ধিক্কাৰ দিছো।শিক্ষা বিভাগে আৰু ছাত্ৰ-ছাত্ৰীক লৈ হেতালি খেলিব নালাগে। ছেবাৰ কাণ্ডহীনতাৰ বাবে এনে বিসংগতি হৈছে। ছেবাৰ সংস্কাৰ হ'বই লাগিব।

লৰেন্স ইছলাৰী, সাধৰণ সম্পাদক, এবছুঃ এয়া দূ্ৰ্ভাগ্যজনক আৰু গৰিহণাৰ যোগ্য। এই কাণ্ডৰ তদন্ত হ'ব লাগে। গাফিলতি কৰা সকলে শাস্তি পাব লাগে। ছেবাই ফাদিল হোৱা কাকত দুখনৰ পৰীক্ষা কি কৰিব সেই কথা স্পষ্ট কৰক।

পলাশ চাংমাই, সাধৰণ,সম্পাদক, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদঃ আমি গোটেই ব্যৱস্থাটো পৰিৱৰ্তনৰ বাবে বহুবাৰ চৰকাৰক আহ্বান জনাইছো। এই কাণ্ডৰ বাবে শিক্ষা বিভাগ, শিক্ষামন্ত্ৰী আৰু ছেবা সম্পূৰ্ণৰূপে দায়ী। এই কাণ্ড ছেবাৰ বাবে সৰু কথা হ'ব পাৰে, কিন্তু লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ বাবে সৰু কথা নহয়। ইয়াৰ লগত জাতিটোৰ ভবিষ্যত জড়িত হৈ আছে। চি চি টি ভি লগাই চমক সৃষ্টি কৰাতকৈ প্ৰকৃতাৰ্থত ছেবাক পৰিৱৰ্তন কৰক। ছেবাক জাতীয় অনুষ্ঠান হিচাপে গঢ় দিয়ক।

মানৱজ্যোতি দাস, সম্পাদক, এন এছ ইউ আইঃ পৰিৱৰ্তনৰ নামত দম্ভালি মাৰি প্ৰতিটো কথাতে পূৰ্বৰ চৰকাৰক দোষ দিয়া এই চৰকাৰৰ দিনত এনে কাণ্ড হ'ব নালাগিছিল। এনে কাণ্ডক ধিক্কাৰ দিছো। আজিলৈ পাঠ্যপুঠি যোগান ধৰিব নোৱাৰা চৰকাৰখনে পৰীক্ষাৰ্থীক আৰক্ষী লগাই তালাচী চলোৱাতকৈ পৰীক্ষা পদ্ধতিৰ সংস্কাৰ কৰক।

সীমান্ত দাস, ৰাজ্যিক সম্পাদক, এবিভিপিঃ  এয়া গৰিহণাৰ যোগ্য। আমি নিন্দা কৰিছো। ছাত্ৰ-ছাত্ৰীকলৈ হেতালি খেলা বন্ধ হ'ব লাগে। গাফিলতি কৰা কৰ্মচাৰীসকলক তদন্ত হোৱাৰ পূৰ্বে চাকৰিৰ পৰা নিলম্বন কৰিব লাগে।

ছহিদ আলী আহমেদ, উপ সাধৰণ সম্পাদক, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদঃ এই কাণ্ডক আমি গৰিহণা দিছো। গাফিলতি কৰা সকলৰ বিৰুদ্ধে তদন্ত হ'ব লাগে। ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনক লৈ হেতালি খেলা বন্ধ হ'ব লাগে। এই ক্ষেত্ৰত শিক্ষা বিভাগ সচেতন হোৱা উচিত।