শিলচৰঃ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই মানুহৰ চিন্তা-চৰ্চাক উচ্চ শিখৰলৈ নিছে যদিও মানুহবোৰে যেন ক্ৰমান্বয়ে হেৰুৱাই পেলাইছে মায়া-মমতা, মানৱতা৷ এতিয়া যেন এক আসুৰিক শক্তিয়ে একাংশক দানৱ কৰি তুলিছে। বৰাক উপত্যকাৰ কাছাৰ জিলাত দেওবাৰে সংঘটিত এটি ঘটনাই যেন পুনৰ উদঙাই দিলে জীৱশ্ৰেষ্ঠৰ নীচ স্বৰূপ।

একৈশ শতিকাৰ জীৱশ্ৰেষ্ঠ মানৱৰ হাতত এটি এঘাৰ বছৰীয়া কণমাণিৰ প্ৰাণ যোৱাটো এতিয়া খবৰ কাকত তথা নিউজ চেনেলৰ এটা খবৰহে৷ সমাজ ব্যৱস্থা কিমান ভয়াৱহ তথা বিশৃংখল হৈ পৰিছে তাক ফঁহিয়াই চোৱাৰ আহৰি যেন কাৰোৰেই নাই৷

হত্যা-হিংসাৰ দৰে আসুৰিক কাৰ্যৰ পৰা মানুহক আঁতৰাই আনি প্ৰেম, ভালপোৱা, মানুহে মানুহক ভাল পোৱাৰ শিক্ষাদানৰ পাঠশালাত মানুহবোৰ যেন একত্ৰিত হোৱাৰ সময়৷ যেন পুনৰ এজন এঘাৰ বছৰীয়া শিশুক হত্যা কৰিবলৈ মানুহে কেতিয়াও ভাবিব নোৱাৰে৷

কাছাৰ জিলাৰ বিনোদ নগৰ চাহ বাগানৰ ৰবিলাল তেলেংগানাৰ পুত্ৰ সন্তান ৰঞ্জিত তেলেংগানাৰ এতিয়া আছিল পখিলা খেদাৰ বয়স৷ দেওবাৰে সমনীয়াৰ সৈতে মাৰ্বল খেলি দৌৰি ফুৰোতে কেনেবাকৈ সোমাল এখন আধা খোলা দোকানত৷ দোকানৰ মালিক বিধান দাসে কিশোৰজনক চোৰ সজাই অনুষ্ঠিত কৰিলে ৰাজহুৱা বিচাৰ৷

ৰাইজৰ আদালত চলি থকাৰ সময়তে মুন্না শুক্লবৈদ্য আৰু কেইজনমান লোকে মাৰধৰ কৰাৰ ফলত এঘাৰ বছৰীয়া শিশুটিয়ে অকাল মৃত্যুক আঁকোৱালি লয়৷ দানৱ সদৃশ লোককেইজনৰ ভয়ত শিশুটিৰ পিতৃ ৰবিলাল আৰু মুন্না শুক্লবৈদ্যই থানাত এখন এজাহাৰ দিবলৈও ভয় কৰিছিল যদিও ধোয়াৰবন্দ আৰক্ষীয়ে ঘটনাৰ উমান পাই মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি গোচৰ ৰুজু কৰে৷

দৰিদ্ৰ, শ্ৰমিক পৰিয়ালটোৰ পুত্ৰ হেৰোৱা মৰ্মবেদনা অসুৰহঁতে বুজিবনে? ওভতাই আনি দিব পাৰিবনে পখিলা খেদা বয়সৰ ৰঞ্জিতক?