নতুন দিল্লীঃ চাৰি বছৰীয়া এক দীঘলীয়া উৎকন্ঠা অৱসান। ৩০ মে’ বৃহস্পতিবাৰৰপৰা আৰম্ভ আইচিচি ক্ৰিকেটৰ বিশ্বকাপ। ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হ'ব লগীয়া এইবাৰ বিশ্বকাপ ক্ৰিকেটত দেশৰ লগতে ১০ খন ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব৷ 

৩০ মে’ৰপৰা জুলাই ১৪ তাৰিখলৈ ৪৫ দিন ধৰি চলিব লগীয়া বিশ্বকাপ টুৰ্ণামেণ্ট খনৰ আজি প্ৰথমখন মেছত মুখা-মুখী হ'ব আয়োজক দেশ ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা। ভাৰতীয় সময় অনুসৰি আজি আৰম্ভণি খেলখন অনুষ্ঠিত হ’ব দিনৰ ৩ বজাৰপৰা।

আনহাতে, অহা পাঁচ জুনত এইবাৰ বিশ্বকাপ ক্ৰিকেটত প্ৰথমখন খেলত অৱৰ্তীন হ’ব ভাৰতে। ভাৰতৰ প্ৰথমখন খেলত প্ৰতিদ্বন্দী হ’ব দক্ষিণ আফ্ৰিকা।

আনহাতে, বিশ্বকাপ ক্ৰিকেটৰ আৰম্ভণিৰ পূৰ্বে ভাৰতীয় দলটোৰ অধিনায়ক বিৰাট কৌহলীক জনোৱা হৈছে বিশেষ সন্মান। সেই অনুসৰি লৰ্ডছত তাৰকাৰ ক্ৰিকেটাৰ গৰাকীৰ এটা ম'ম প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। মেডাম টুছাডে নিৰ্মাণ কৰা প্ৰতিমূৰ্তিতো স্থাপন কৰি ষ্টিভ ডেভিছে কয় কৌহলীৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে এইয়া উপযুক্ত সময়। 

উল্লেখযোগ্য কথা এই যে প্ৰতিমূৰ্তিটোৰ বাবে কৌহলিয়ে নিজে আগবঢ়াইছে জোতা আৰু গ্ল’বছ। সম্পূৰ্ণ ভাৰতীয় দলৰ পোছাকত ক্ৰিকেটাৰ গৰাকীৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। ইয়াৰ পূৰ্বতেও মেদাম তুছাদে মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰ, উচেইন বল্ট আৰু ছাৰ মো ফৰাহৰ ম’মৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল।