চিৰাং:  চিৰাং জিলাৰ বাসুগাঁও থানাৰ অন্তৰ্গত পূৱ খাটালপাৰা গাওঁৰ নিত্যানন্দ বিশ্বাস নামৰ লোকজনৰ ঘৰত বুধবাৰে নিশা ১০ বজাত প্ৰচণ্ড শব্দ কৰি এক বিস্ফোৰণ সংঘটিত হয় । বিস্ফোৰণত কোনো লোক নিহত হোৱা নাই যদিও নিত্যানন্দ বিশ্বাসৰ পত্নী হাৰানি বিশ্বাস সামান্য পৰিমাণে আহত হয় ।

নিত্যানন্দ বিশ্বাসৰ ঘৰৰ পিছপিনে হোৱা এই বিস্ফোৰণৰ ফলত ঘৰৰ বেৰ আৰু বয়-বস্তুৰো কিছু ক্ষতিসাধন হৈছে। অঞ্চলবাসীৰ মাজত আতংক সৃষ্টিকাৰী উক্ত ঘটনাৰ পিছত জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়া সকল আহি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ।

ঘটনাস্থলীত উপস্থিত হৈ পৰ্য্যবেক্ষণৰ পিছত আইটিবিপি বিষয়া এগৰাকীয়ে বিস্ফোৰণটো আই ই ডিৰ আছিল বুলি নিশ্চিত কৰে। আনহাতে জিলা আৰক্ষী অধীক্ষক শংকৰ ব্ৰত ৰায়মেধিয়ে ঘটনাটো ব্যাক্তিগত আক্ৰোশৰ বাবে সংঘটিত হোৱা ঘটনা বুলি সন্দেহ প্ৰকাশ কৰে ।

উল্লেখ্য যে দুমাহ পূৰ্বেও দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা নিত্যানন্দ বিশ্বাসৰ ঘৰতে বোমা উদ্ধাৰ হৈছিল আৰু পুনৰাই একেখন ঘৰতে আইইডি বিস্ফোৰণৰ ঘটনাই সন্দেহৰ উদ্ৰেক ঘটাইছে। দিন মজুৰিৰ বাবেই দিনটো বাহিৰত থকা নিত্যানন্দ বিশ্বাসৰ সৈতে কোনো দুষ্কৃতিকাৰীৰ সম্পৰ্ক আছে নে উদং ঘৰত দুষ্কৃতিকাৰীয়ে বোমা থৈ যায় সেয়া আৰক্ষীৰ তদন্তৰ পিছত হে স্পষ্ট হ'ব ।