ডিজিটেল ডেস্কঃ তেওঁ এনে ৰোগত আক্ৰান্ত আছিল যি ৰোগৰ বাবে মগজুৰ বাহিৰে শৰীৰৰ আন আন অংশই কাম কৰা নাছিল৷ তাৰ পিছতো হাৰ মনা নাছিল তেওঁ৷ বিজ্ঞানৰ জগতত গৱেষনা কৰিবলৈ এৰা নাছিল৷ 

নাম আছিল তেওঁৰ ষ্টিফেন উইলিয়াম হকিং৷ ২১ বছৰ বয়সতে হকিঙৰ দেহত মটৰ নিউৰন নামৰ ৰোগে তেওৰ শৰীৰত থিতাপি লৈছিল৷ ৰোগক পৰিক্ৰমি মহান বিজ্ঞানী হৈ পৰিছইল হকিং৷ এগৰাকী তত্ত্বমূলক পদাৰ্থবিদ তথা মহাকাশ বিজ্ঞানী ৰূপে খ্যাতি লাভ কৰি বিগ বেং আৰু কৃষ্ণগহ্বৰ সন্দৰ্ভত পৃথিৱীক প্ৰথমে অৱগত কৰিছিল ষ্টিফেন হকিঙে৷ 

১৯৪২ চনৰ ৮ জানুৱাৰীত ইংলেণ্ডৰ অক্সফৰ্ডত ড০ ফ্ৰেংক হকিঙৰ ঔৰসত আৰু ইছাবেল হকিঙৰ গৰ্ভত ষ্টিফেন হকিঙৰ জন্ম হৈছিল৷ হকিং যদি ভাৰতত জন্ম গ্ৰহণ কৰিলে হেতেন তেন্তে কি কৰিলে হেতেন৷ বিশ্বৰ আগশাৰীৰ সংবাদ মাধ্যম বিবিচিয়ে বুধবাৰে এটি প্ৰতিবেদন প্ৰকাশ কৰে৷ 

বিবিচিয়ে ফেচবুক পেজত এই প্ৰশ্ন উত্থাপন কৰিছিল৷ এই ক্ষেত্ৰত বিভিন্ন লোকে উত্তৰ দিয়ে এনেদৰেঃ

মাধৱ শ্ৰীমোহনে বিবিচিৰ ফেচবুক পেজত উত্তৰ দিয়ে কয় ‘‘এতিয়া লৈকে হকিঙৰ ঘৰ বাপচী হলেহেতেন৷ তেও সীতাৰমণ হৰেকৃষ্ণ হল হেতেন৷ সমগ্ৰ জীৱন গোমাতা আৰু গোমূত্ৰৰ পিছত লাগি থাকিল হেতেন৷’’ 

মহম্মদ ৰিজৱানে কয় ‘‘যদি তেও ভাৰতত জন্ম লাভ কৰিলে হেতেন তেন্তে শৈশৱতে মনত কহিনুৰ ভৰাই দিলে হেতেন আৰু পকৰা বিক্ৰী কৰি থাকিল হেতেন৷’’ 

শুভম সিঙে কয় ‘‘বৈজ্ঞানিক কোনো দেশৰ নহয়৷ তেওঁ সমগ্ৰ বিশ্বৰ হয়৷ ভাৰতেও বিশ্বক বহু বিজ্ঞানী দিছে৷’’

তৰত্তোম আফৰুজে কয় ‘‘সক্ষম লোকসকলৰ কোনো দেশৰ কথা নাহে৷ হকিঙে ভাৰতত জন্ম পালেও নাম উজলালে হেতেন৷’’

ঋষিয়ে কয় ‘‘ভাৰতত হকিঙে জন্ম পালে এপিজি আব্দুল কালামৰ দৰে হেলেত হেতেন৷ দেশক উন্নতিৰ পথলৈ নিলে হেতেন৷’’

অঞ্জুল শৰ্মাই কয় ‘‘যদি ভাৰতবৰ্ষত জন্ম পালেহেতেন তেন্তে হকিঙে মহাকাশৰ ষ্টেছনত ৰাম মন্দিৰ বনালে হেতেন৷ নিজৰ ঘৰটো গৰুৱা কৰিলে হেতেন৷’’

গোৱৰ্ধনে কয় ‘‘ব্ৰহ্মসুত্ৰ আৰু বেদ পঢ়িলে হেতেন আৰু সৃষ্টি নিৰ্মাণৰ সঠিক কথা জানিলে হেতেন৷

কৰিশ্মাই কয় ‘‘চৰকাৰে সন্মান দিয়াৰ পৰিৱৰ্তে কমজকল্যাণ বিভাগৰ হুইল চেয়াৰ দিলে হেতেন৷’’

সন্দীপে কয় ‘‘ধাৰ্মীক কৰ্মকাণ্ডত পৰি একো কৰিব নোৱাৰিলে হেতেন৷’’

অখিলেশ প্ৰকাপ সিঙে কয় ‘‘ভাৰত জন্ম গ্ৰহণ কৰিলে দেশদ্ৰোহী সজালে হেতেন৷’’

কুমাৰ কৃষ্ণই কয় ‘‘অযোধ্যাৰ মন্দিৰৰ ডিজাইন বনালে হেতেন’’