গুৱাহাটীঃ এখন গাড়ীয়ে ব্যাপক চৰ্চা লাভ কৰিছে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীত৷ টেকিয়ন নামৰ এখন দ্ৰুতবেগী গাড়ীয়ে মনোযোগ আকৰ্ষণ কৰিছে সকলোৰে৷ গাড়ীখন আমি দৈনন্দিন দেখাৰ দৰে সাধাৰণ গাড়ী নহয়৷ ৬ ছেকেণ্ডত ৬০ কিলোমিটাৰ ইনষ্টেন্ট পিকআপ ল’ব পাৰে এই বিশেষ বাহনখনে৷  

আইআইটি, গুৱাহাটীৰ ২৭ জনীয়া ছাত্ৰৰ দল এটাই নিৰ্মাণ কৰিছে এই বিশেষ চাৰিচকীয়া বাহনখন। ২০১৫ বৰ্ষৰ অক্টোবৰ মাহত দলটোৱে গাড়ীখন নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু ২০১৬ ৰ জানুৱাৰীত নিৰ্মাণৰ কাম শেষ হৈছিল৷ এই ৰেচিং গাড়ীখন ৬০০ চিচি পেট্ৰল ইঞ্জিনযুক্ত৷

চলিত বৰ্ষৰ ক’ম্বাইতোৰত ব্লেক ৰেচিং বাহন ডিজাইন নিৰ্মাণ প্ৰতিযোগীতাত উক্ত বাহনখনে দ্বিতীয় পুৰষ্কাৰ লাভ কৰিছে৷ সৰ্বমুঠ ৭২ টা দলে যোগদান কৰিছিল৷ ভৱিষ্যতলৈ বেটাৰী আৰু মানুহৰ যৌথ শক্তিৰদ্বাৰা এখন তিনিচকীয়া বাহন নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে বুলি দলটোৰ এজন সদস্যই প্ৰকাশ কৰে৷