বিহালীঃ দৰিদ্ৰ ঘৰৰ সন্তান নইনা মুণ্ডাই সৰুৰে পৰা দৰিদ্ৰতা দেখি আহিছে৷ দৰিদ্ৰ ঘৰখনত দুবেলা-দুমঠি খাবলৈ নাপায় কিশোৰ অৱস্থাত ঘৰৰ পৰা ওলাই আহিছিল৷ পঢ়া-শুনা এৰি পৰিয়ালৰ ভৰণ-পোষণৰ দায়িত্ব লৈ পুৱাৰে পৰা গধুলিলৈ কপালৰ ঘাম মাটিত পেলাইছিল নইনাই৷ ঘৰৰ পৰা ওলাই আহি ইঘৰ-সিঘৰত প্ৰতিদিনে দিন হাজিৰা কৰিবলৈ ধৰে৷ এনেকৈয়ে দিন হাজিৰা কৰি পৰিয়াল পোহপাল দি আহিছিল দৰিদ্ৰ নইনাই৷

এনেকৈ ঘৰৰ পৰা কামৰ বাবে ওলাই আহি এদিন প্ৰেমত পৰে এগৰাকী যুৱতীৰ৷ প্ৰায় ২০-২২ বছৰত বয়সত নইনাই পৰিয়ালক যুৱতীগৰাকীক পচণ্ড হোৱা বুলি কয়৷ ইটো পৰিয়ালে সিটো পৰিয়ালৰ সৈতে আলোচনা কৰাৰ অন্তত নইনা বিবাহপাশত আবদ্ধ হয় যুৱতীগৰাকীৰ সৈতে৷ বিশ্বনাথ জিলাৰ বিহালীৰ কুলাগুৰিৰ জাৰণি গাঁৱৰ নইনাই বিবাহপাশত আবদ্ধ হয় সুহাগী মুণ্ডাৰ সৈতে৷ সুহাগী মুণ্ডাৰ সৈতে সুখে-দুখে সংসাৰ চলাবলৈ আৰম্ভ কৰে নইনাই৷

তাৰ মাজতে নাইনাই নিজ পৰিয়াল এৰি সুহাগীৰ পিতৃৰ ঘৰত তথা শহুৰৰ ঘৰত থাকিবলৈ লয়৷ শহুৰৰ ঘৰত থাকি দিন-হাজিৰা কৰি পত্নীক সুখত ৰাখিছিল নইনাই৷ সুহাগীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ প্ৰায় দহ বছৰ অতিক্ৰম কৰিলে৷ তেওঁলোকৰ সংসাৰলৈ দহ বছৰত চাৰিটা সন্তান আহিল৷ সতি-সন্ততিৰ সৈতে এটি ডাঙৰ পৰিয়াল হ’ল তেওঁৰ৷ তেওঁলোকৰ এগৰাকী সন্তান ডাঙৰ হৈ অহাৰ লগতে স্কুললৈ যাবলৈ আৰম্ভ কৰে৷ এনেদৰে সংসাৰ চলি থাকিল তেওঁলোকৰ৷ প্ৰায় এবছৰ পূৰ্বৰ পৰা কাৰোবাৰ যেন নজৰ হে লাগিল তেওঁলোকৰ সংসাৰত৷

এবছৰ পূৰ্বৰ পৰা সঘনে নইনা-সুহাগীৰ মাজত প্ৰায়ে কাজিয়াৰ সূত্ৰপাত হয়৷ সন্তান কেইটাৰ সন্মুখতে তৰ্তাতৰ্কিত লিপ্ত হয়৷ সংসাৰখন অশান্তিৰ সৃষ্টি হয়৷ তাৰ মাজতে এদিন নিশা নইনা সকলোকে আঁচৰিত কৰি নোহোৱা হৈ থাকে৷ ওচৰ-চুবুৰীয়াই নইনাৰ কথা সুধিলে সুহাগীয়ে কাম কৰিবলৈ যোৱা বুলি কয়৷ সন্তান কেইটাই পিতৃৰ কথা সুধিলেও কাম কৰিবলৈ যোৱা বুলি কয়৷ ইয়ালৈকৈ ঠিকেই আছিল৷ দেওবাৰে হিন্দী কথাছবিৰ দৰে পট পৰিৱৰ্তন হয়৷ দেওবাৰে সুহাগীয়ে বৰ কন্যাৰ সৈতে কোনো কথাক লৈ তৰ্কা-তৰ্কিত লিপ্ত হয়৷

তৰ্কা-তৰ্কিয়ে কাজিয়াৰ ৰূপ লয়৷ তাৰ মাজতে সুহাগীয়ে কন্যাক ভাবুকি দি পিতৃৰ দৰে হত্যা কৰি পুতি থব বুলি কয়৷ হঠাৎ সুহাগীৰ মুখৰ পৰা ওলাই অহা শব্দটোৱে কাহ পৰি জীন যোৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হয়৷ নইনাৰ কন্যাই কথাষাৰক সহজে নলৈ আৰক্ষীৰ ওচৰলৈ যোৱাৰ সিন্ধান্ত লয়৷ নইনাই তৰা গোচৰৰ ভিত্তিত বিহালী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি সুহাগীক আটক কৰে৷ আটক কৰাৰ পিছতে উৰহীৰ ওৰ ওলায়৷ সুহাগীয়ে নইনাৰ সৈতে সংসাৰ চলাই থাকোতেই প্ৰেমত পৰিছিল ওচৰেৰে মংৰা মুণ্ডা নামৰ যুৱক এজনৰ সৈতে৷

পৰকীয়া প্ৰেমৰ বাবে বাটৰ কাঁইট আতৰাবলৈ স্বামী নইনা মুণ্ডাক হত্যা কৰিছিল সুহাগী আৰু মংৰা মুণ্ডাই৷ ২০১৬ চনৰ ১৯ অক্টোবৰত স্বামী নইনা মুণ্ডা হঠাৎ নিৰুদ্দেশ হৈছিল। পিতৃৰ নিৰুদ্দেশৰ কথা মাতৃ সুহানি মুণ্ডাক ল'ৰা-ছোৱালীয়ে সুধিলে তেওঁ কাজিয়া কৰি ঘৰৰ পৰা ওলাই গৈছে কেতিয়াবা কাম কৰিবলৈ যোৱা বুলি কয়। পিতৃ নোহোৱা হোৱাৰ পিছৰে পৰা মাংৰা মুণ্ডা আৰু মাতৃৰ অবৈধ প্ৰেমৰ বিষয়ে সন্তানেও অৱগত হৈছিল৷

এই লৈ কিবা ক'লেই ল'ৰা-ছোৱালীক ঘৰৰ পৰা খেদিম বুলি ভাবুকি প্ৰদান কৰে মাতৃ সুহানিয়ে। পিতৃৰ কথা সুধি মাতৃৰ সৈতে কাজিয়াত লিপ্ত হৈছিল সন্তান। পিতৃক হত্যা কৰাৰ দৰে পুতি থম বুলি কোৱাত সন্তান কেইটাই মাকক খঙেৰে সোধ-পোছ কৰে৷ অৱশেষত মাতৃয়ে এবছৰ পূৰ্বে স্বামী নইনাক কুঠাৰৰে ঘপিয়াই হত্যা কৰি ঘৰৰ দাঁতিৰ পথাৰত পুতি থোৱা বুলি কয়।

বিহালী আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত গাত খান্দি নইনাৰ জকা উদ্ধাৰ কৰে৷ সুহাগী মুণ্ডা আৰু মাংৰা মুণ্ডাক আটক কৰাৰ লগতে উদ্ধাৰ কৰে হত্যাকাণ্ডত ব্যৱহৃত কুঠাৰখন। হিন্দী কথাছবিৰ দৰে অবৈধ প্ৰেমৰ কৰুণ পৰিণতিয়ে এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।