প্ৰতীকি ফটো
প্ৰতীকি ফটো

গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত নাওকাটাৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান শংকৰদেৱ একাডেমি কৰ্তৃপক্ষৰ বিৰুদ্ধে নিজ কলেজৰ ছাত্ৰ-ছাত্ৰীক নকল যোগান ধৰাৰ চেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ খোদ সংবাদমাধ্যমক এই এই অভিযোগ উত্থাপন কৰে শংকৰদেৱ একাডেমিৰ অধ্যক্ষ অভয় কাকতিয়ে।

উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ৰাজনীতি বিজ্ঞানৰ পৰীক্ষাত শংকৰদেৱ একাডেমিৰ স্বত্বাধিকাৰী মদন কুমাৰে নিজ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক পৰীক্ষাত নকল যোগান ধৰিবলৈ অধ্যক্ষ অভয় কাকতিক হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ অধ্যক্ষ অভয় কাকতিক হেঁচা দিয়ে। অধ্যক্ষই নকল যোগান ধৰিবলৈ অস্বীকাৰ একাডেমিৰ পৰা ছাটাই কৰে অধ্যক্ষ অভয় কাকতিক৷ 

উল্লখ্য যে, দৰং জিলাৰ বুঢ়াৰ পশ্চিম দৰং জুনিয়ৰ কলেজ পৰীক্ষা কেন্দ্ৰত নকল যোগান ধৰিব দিয়াৰ অভিযোগ উত্থাপন কৰে অধ্যক্ষ অভয় কাকতিয়ে৷ কামৰূপ জিলাৰ পুঠিমাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা ভাৰতীয় খাদ্য নিগমৰ অৱসৰপ্ৰাপ্ত বিষয়া আছিল অভয় কাকতি। 

ডেফেলী আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা সমৰজ্যোতি বৰুৱা আৰু সম্পাদক যতীন কুমাৰে এনে ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰে। ইয়াৰ পূর্বেও শংকৰদেৱ একাডেমিৰ বিৰুদ্ধে ছাত্ৰৰ প্ৰমাণ পত্ৰ মোকোলাই নিদি একেখন শিক্ষানুষ্ঠানতে নামভৰ্তি কৰিবলৈ বাধ্য কৰোৱাৰ অভিযোগ উত্থাপন হৈছিল। 

নয়নজ্যোতি ৰাজবংশী নামৰ ছাত্ৰ এজনৰ উচ্চ মাধ্যমিক পৰীক্ষাৰ প্ৰমাণ পত্ৰ ৰাখি থৈছিল মদন কুমাৰে। উচ্চশিক্ষা গ্ৰহণত বাধা প্ৰাপ্ত হোৱা বিষয়টো অৱগত কৰাইছিল পূব ডেফেলী ছাত্ৰ সন্থাক। কিন্তু ইয়াৰ পিছতো একাডেমিৰ মাচুল দিব থকা বুলি কৈ হাৰাশস্তি কৰা হৈছিল অভিভাৱকক।

এখন প্ৰথমিক বিদ্যালয়ৰ শিক্ষক তথা এটি জাতীয়তাবাদী সংগঠনৰ নেতা মদন কুমাৰে ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ব্যস্ত থকাৰো অভিযোগ উত্থাপন হয়। শংকৰদেৱ একাডেমিৰ স্বত্বাধিকাৰী মদন কুমাৰে নিউজ নেক্সট ওৱানক কয় যে নকল যোগান ধৰিবলৈ হেঁচা দিয়া অভিযোগৰ সত্যতা নাই। 

এটি ছাত্ৰ সংগঠনে ব্যক্তিগত আক্ৰোশ পূৰণৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা বুলি কয় মদন কুমাৰে। অধ্যক্ষ অভয় কাকতিয়ে লিখিত স্পষ্টীকৰণ দি তেও ৰোগত আক্ৰাম্ত হৈ থকা বুলিহে কোৱাত ঘটনা ৰহস্যৰ মাজত সোমাই পৰে। সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিছে পূব ডেফেলী ছাত্ৰ সন্থাৰ লগতে সচেতন মহলে৷