Error message

Deprecated function: Unparenthesized `a ? b : c ? d : e` is deprecated. Use either `(a ? b : c) ? d : e` or `a ? b : (c ? d : e)` in require_once() (line 17 of /home/nno/web/newsnextone.com/public_html/sites/all/modules/moneysuite/ms_core/ms_core.module).

নগাঁৱঃ নগাঁৱৰ চামগুৰিৰ গটঙাত দেওবাৰে পুৱাই সংঘটিত এক পথ দুৰ্ঘটনাই সম্প্ৰতি শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোতে। এখন আগৰ কাঠ ভৰ্তি ট্ৰাক আৰু নগাঁৱৰ পৰা তেজপুৰ অভিমুখী এখন যাত্ৰীবাহী ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত ট্ৰেভেলাৰ খনৰ চালক সহ এটি শিশু থিতাতে নিহত হোৱাৰ উপৰিও পোন্ধৰ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হব লগীয়া হয়। নিহত হোৱা ট্ৰেভেলাৰ খনৰ চালক গৰাকী চামগুৰিৰ শিঙীয়াৰ সুৰেণ মজুমদাৰ বুলি চিনাক্ত কৰাৰ লগতে থিতাতে নিহত শিশুটি মুজ্জামিল বুলি চিনাক্ত কৰিছে আত্মীয়ই। 

ইফালে দুৰ্ঘটনাটোত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত সকলো যাত্ৰীকে ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে স্থানীয় ৰাইজে। উল্লেখ্য যে, দূৰ্ঘটনা সংঘটিত হোৱাৰ কিছুসময়ৰ পাছতেই দূৰ্ঘটনাস্থলীত পোহৰলৈ আহে আন এক চাঞ্চ্যলকৰ ঘটনা। দূৰ্ঘটনাটোত পতিত হোৱা এ এছ ০৩ বি চি ১০৪১ নম্বৰৰ ট্ৰাকখনে কঢ়িয়াই আনিছিল বৃহৎ পৰিমাণৰ আগৰ কাঠ। 

চোৰাং ভাবে আগৰ কাঠ সৰবৰাহ কৰা ট্ৰাকখন তীব্ৰ বেগেৰে অহাৰ ফলতেই ভয়ংকৰ দূৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ প্ৰকাশ কৰাৰ লগতে আৰক্ষী-প্ৰশাসনৰ চকুৰ সন্মুখেৰে কিদৰে আচলতে এচাম অসাধু চক্ৰই চোৰাং আগৰ কাঠৰ সৰবৰাহ কৰিব পাৰে তাক লৈও সংবাদ মাধ্যমৰ আগত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। 

আনহাতে স্থানীয় ৰাইজ দূৰ্ঘটনাস্থলীতে ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থা আৰু টি.কে কোম্পানীৰ লেহেমীয়া গতিৰ বাবেই বহুবোৰ দূৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন কৰি টি.কে কোম্পানীৰ ওপৰত সৰৱ হোৱা পৰিলক্ষিত হ'ল। স্থানীয় ৰাইজে বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথটোৰ দুৰাৱস্থাৰ বাবেই চামগুৰি অঞ্চলত প্ৰতিদিনে দূৰ্ঘটনা সংঘটিত হোৱাৰ লগতে কেইবাজনো লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা বুলি কৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে। উল্লেখ্য যে, এতিয়া আৰক্ষী-প্ৰশাসন আৰু বন বিভাগে আগৰ ভৰ্ত্তি ট্ৰাকখন ওপৰত কি ব্যৱস্থা লয় তথা ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰাৱস্থাৰ ওপৰত চৰকাৰ আৰু টি.কে কোম্পানীয়ে কেনেধৰণৰ পদক্ষেপ গ্ৰহন কৰে সেয়া অতিশয় লক্ষ্যণীয় হব।