Printer-friendly version

বিশেষ প্ৰতিবেদনঃ ১৯৪৭ চনৰ ১৪ আগষ্ট। সেইদিনা বিয়লি বিমানেৰে কৰাচীৰ পৰা দিল্লীলৈ উভতিছিল লৰ্ড মাউণ্টবেটেন। মাজ আকাশৰ পৰা তেওঁ স্পষ্টকৈ দেখিবলৈ পাইছিল পঞ্জাৱৰ ভিন্ন স্থানৰ পৰা ওপৰলৈ উৰি যোৱা ধোৱাৰ কুণ্ডলী। এই ধোৱাৰ কুণ্ডলীয়ে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ ৰাজনৈতিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়খিনিক অস্থিৰ কৰি তুলিছিল।

১৪ আগষ্টৰ ঠিক যি সময়ত সূৰ্য অস্তগামী হৈছিল ঠিক সেই সময়তে দুজন সন্যাসী এখন গাড়ীত আহি নেহৰুৰ ১৭ য়াৰ্ক ৰোডস্থিত ঘৰৰ সমুখত ৰৈছিল। সন্যাসী দুজনৰ হাতত আছিল পাট-মুগাৰ পীতবস্ত্ৰ, তামিলনাডুৰ তাঞ্জোৰ নৈৰ পৱিত্ৰ পানী, ভস্ম আৰু মাদ্ৰাজৰ নটৰাজ মন্দিৰত পুৱাৰ ভাগত ছটিয়াই দিয়া চাউল।

যেতিয়াই নেহৰুৱে তেওঁলোকৰ বিষয়ে জানিব পাৰিলে তেওঁ বাহিৰলৈ ওলাই আহিল। তেওঁলোকে নেহৰুক পীতবস্ত্ৰ পিন্ধালে, তেওঁৰ শৰীৰত পৱিত্ৰ পানী ছটিয়ালে আৰু মূৰত ভস্ম লগালে। এনেধৰণৰ বিশ্বাসজনিত নীতি-নিয়মৰ ওৰে জীৱন বিৰোধিতা কৰি অহা নেহৰুৱেও সেইদিনা হাঁহিমুখেৰে সন্যাসী দুগৰাকীৰ প্ৰতিটো কাৰ্যক মূৰ দুপিয়াই সন্মতি জনাই গৈছিল।

সন্যাসী দুগৰাকীয়ে নিজ কাৰ্য সমাপন কৰি বিদায় লোৱাৰ পিছতে নেহৰুৱে মূৰত লগা ভস্ম ধুই ইন্দিৰা গান্ধী, ফিৰোজ গান্ধী আৰু পদ্মজা নাইডুৰ সৈতে খাবলৈ বুলি খোৱা মেজত বহে। সেই সময়তে হঠাৎ বাজি উঠে কাষৰ কোঠাত থকা টেলিফোন।

ফোন লাইন ইমানেই দুৰ্বল আছিল যে নেহৰুৱে সিটোমূৰত থকা ব্যক্তিজনক অলপ আগতে কোৱা কথাখিনি আকৌ ক’বলৈ কৈছিল। যেতিয়া কথাখিনি শুনি নেহৰুৱে ফোনটো থৈছিল তেতিয়া ম্লান হৈ পৰিছিল তেওঁৰ সমগ্ৰ মুখমণ্ডল।

তেওৰ মুখৰ পৰা টু শব্দ এটাও ওলোৱা নাছিল আৰু দুহাতেৰে মুখ ঢাকি ধৰিছিল। মুখমণ্ডলৰ পৰা হাত দুখন আতৰাই অনাৰ পিছত তেওঁৰ দুচকুৰে বৈ আহিছিল চকুলো। সেই দৃশ্য দেখি কন্যা ইন্দিৰাই কি হ’ল বুলি প্ৰশ্ন কৰাত নেহৰুৱে কৈছিল যে ফোনটো লাহোৰৰ পৰা আহিছে।

পাকিস্তানৰ হাতলৈ যোৱা লাহোৰৰ নতুন প্ৰশাসনে হিন্দু আৰু শিখ বসতিপ্ৰধান অঞ্চলসমূহত পানীৰ যোগান বন্ধ কৰি দিছিল। তাত বাস কৰা লোকসকলে এটুপি পানীৰ অভাৱত ছটফটাবলৈ বাধ্য হৈ পৰিছিল। যিসকল মহিলা আৰু শিশুৱে পিয়াহত ৰ’ব নোৱাৰি পানীৰ সন্ধানত বাহিৰলৈ ওলাই আহিছিল সকলোকে এজন এজনকৈ হত্যা কৰা হৈছিল। একাংশ লোকে হাতত তলোৱাৰ লৈ ৰেল ষ্টেশ্যনত টহল দি ফুৰিছিল যাতে তাৰ পৰা পলায়ন কৰিবলৈ চেষ্টা চলোৱা শিখ আৰু হিন্দুসকলক হত্যা কৰিব পৰা যায়। 

ফোন কৰা ব্যক্তিজনে নেহৰুক কৈছিল যে লাহোৰৰ গলিয়ে গলিয়ে এতিয়া কেৱল জুই আৰু জুই জ্বলিছে। এই কথা জানিব পাৰি হতাশ হৈ পৰা নেহৰুৱে কন্যা ইন্দিৰালৈ চাই কৈ উঠিছিল, 'মই আজি কেনেকৈ দেশবাসীক সম্বোধন কৰিব পাৰিম। মই কেনেকৈ দেশৰ স্বাধীনতা প্ৰাপ্তিত যে সুখী হৈছো সেয়া দেখুৱাব পাৰিম? মই যেতিয়া জানিব পাৰিছো আমাৰ একালৰ চালে চকুৰোৱা লাহোৰ জ্বলি গৈছে, লাহোৰত আমাৰ আপোন লোকসকলৰ তেজৰ নৈ বৈছে মই কেনেকৈ হাঁহিব পাৰিম?’

খোৱা মেজৰ পৰা উঠি আহি বিমৰ্ষ হৈ পৰা পিতৃ নেহৰুক তেতিয়া সান্ত্বনাৰ বাণী শুনাইছিল কন্যা ইন্দিৰাই। 'দেউতা, আপুনি আজি দেশবাসীক সম্বোধন কৰিবলগীয়া ভাষণত গুৰুত্ব দিয়ক। এই সকলোবোৰ নাইকিয়া হৈ পৰিব। কিন্তু ভাষণ যে আপুনি আজি দিবই লাগিব। আপোনাৰ ভাষণৰ বাবে আজি সকলো ৰৈ আছে।’ কন্যা ইন্দিৰাৰ এই আশ্বাসবাণীয়েও সেই বিশেষ দিনটোত নাইকিয়া কৰিব পৰা নাছিল নেহৰুৰ মুখমণ্ডল ছানি ধৰা লাহোৰৰ পৰা আকাশলৈ কুণ্ডলী পকাই উৰি যোৱা ধোৱাৰ আন্ধাৰ৷

ট্ৰিষ্ট উইথ ডেষ্টিনি

নেহৰুৰ সচিব এম অ’ মথাইয়ে তেওঁৰ কিতাপ 'ৰেমিনিছেঞ্জেজ অব নেহৰু এজ’ত উল্লেখ কৰা অনুযায়ী ১৫ আগষ্টৰ দিনটোত দেশবাসীক সম্বোধন কৰিবলগীয়া ভাষণৰ বাবে তিনি-চাৰিদিন আগৰে পৰা প্ৰস্তুতি চলাইছিল নেহৰুৱে। যেতিয়া তেওঁৰ ব্যক্তিগত সহায়কে ভাষণটো টাইপ কৰি মথাইক দিছিল তেতিয়া তেওঁ দেখিছিল যে নেহৰুৱে এঠাইত 'ডেট উইথ ডেষ্টিনি’ ফকৰা-যোজনাৰ প্ৰয়োগ কৰিছিল।

মথাইয়ে কেবাখনো ইণ্টাৰনেশ্যনেল শব্দকোষ মেলি চাই ডেট শব্দটোৰ সবিশেষ জানি লোৱাৰ পিছত নেহৰুক কয় যে উক্ত শব্দটোৰ তাত সঠিক প্ৰয়োগ হোৱা নাই। কিয়নো আমেৰিকাত 'ডেট’ শব্দটো প্ৰেমিক-প্ৰেমিকাই আছুতীয়াকৈ ফুৰিবলৈ যোৱাতো বুজাবলৈ এই শব্দ ব্যৱহাৰ কৰে। সেয়ে মথাইয়ে ডেটৰ পৰিৱৰ্তে ৰাণ্ডেবু (rendezvous) নতুবা ট্ৰিষ্ট (tryst) শব্দ ব্যৱহাৰৰ পৰামৰ্শ আগবঢ়ায়। লগতে তেওঁ এইটোও কয় মাৰ্কিন ৰাষ্ট্ৰপতি ৰজভেল্টে যুদ্ধৰ সময়ত দিয়া ভাষণত ৰাণ্ডেবু শব্দটো ব্যৱহাৰ কৰিছিল।

সচিব মথাইৰ কথাখিনি শুনি নেহৰুৱে কিছু সময় থিৰ হৈ চিন্তা কৰিছিল আৰু শেষত নিজ হাতেৰে টাইপ কৰা ডেট শব্দটো কাটি তাৰ ঠাইত 'ট্ৰিষ্ট’ লিখি দিছিল। নেহৰুৰ ভাষণৰ সেই কাগজখিনি বৰ্তমানো নেহৰু মিউজিয়ামত সংৰক্ষিত হৈ আছে।

যেতিয়া সমগ্ৰ বিশ্ব শুই আছে তেতিয়া...

সংসদৰ চেণ্ট্ৰেল হলত ঠিক ১১ বাজি ৫৫ মিনিটত ধ্বনিত হৈছিল পণ্ডিত নেহৰুৰ কণ্ঠ, 'বহু বছৰ পূৰ্বে আমি নিয়তিৰ ওচৰত এক প্ৰতিজ্ঞা কৰিছিলো। এতিয়া সেই প্ৰতিজ্ঞা পূৰ্ণ কৰাৰ সময় আহি উপস্থিত হৈছে... হয়তো সম্পূৰ্ণৰূপে পূৰ্ণ নহ’ব, কিন্তু যিমান সম্ভৱ সিমানখিনি নিশ্চিতভাৱে কৰা হ’ব। মাজনিশাৰ এই সময়ত যেতিয়া সমগ্ৰ বিশ্বই শুই আছে তেতিয়া ভাৰতে ল’বলৈ আৰম্ভ কৰিছে স্বাধীনতাৰ উশাহ।’

পিছদিনা বাতৰি কাকতৰ বাবে নেহৰুৱে নিজৰ ভাষণত আৰু দুটা শাৰী সংযোগ কৰি দিয়ে। সেই শাৰী দুটা হৈছে, 'ৰাজনৈতিক সীমাৰ বাবে যিসকল ভাই-ভনী আমাৰ পৰা দূৰতে ৰৈ গৈছে আৰু স্বাধীনতাৰ আনন্দত ভাগ ল’ব নোৱাৰিলে তেওঁলোকৰ কথাও আমি কোনো কাৰণতে পাহৰি যোৱা নাই। সেইসকলোৱেই আমাৰ অংশ আৰু পৰিস্থিতি যিয়েই নহওক কিয় সদায় তেওঁলোক আমাৰেই হৈ ৰ’ব।’

ঘড়ীৰ কাটাই যেতিয়াই ১২ৰ ঘৰ স্পৰ্শ কৰিছিল লগে লগে বাজিল উঠিছিল শংখ। তাত উপস্থিত প্ৰতিজনৰে চকু আনন্দত সেমেকি উঠিছিল আৰু মহাত্মা গান্ধী কী জয় ধ্বনিৰে মুখৰিত হৈ পৰিছিল চেণ্ট্ৰেল হলৰ চৌদিশ। ষাঠিৰ দশকত উত্তৰ প্ৰদেশৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা সূচেতা কৃপালিনীয়ে সেই বিশেষ মুহূৰ্তত প্ৰথমে ইকবালৰ চাৰে জহা ছে অচ্ছা আৰু পিছত বন্দে মাতৰম গাইছিল। সদনৰ ভিতৰত ছ্যুট পৰিহিত এংলো-ইণ্ডিয়ান নেতা ফ্ৰেংক এণ্টনীয়ে আনন্দতে সাবতি ধৰিছিল জৱহাৰলাল নেহৰুক।

সংসদ ভৱনৰ বাহিৰত তেতিয়া মুষলধাৰ বৰষুণ। সেই বৰষুণকো নেওচি হাজাৰ হাজাৰ ভাৰতীয় বাহিৰত ৰৈ আছিল। যেতিয়াই নেহৰুৱে সংসদ ভৱনৰ পৰা বাহিৰলৈ ওলাইছিল সকলোৱে নেহৰুক এবাৰ কাষৰ পৰা চাবলৈ হেঁচা-ঠেলা কৰি আগুৱাই গৈছিল। সেইদিনা তাত লাহোৰত সকলো এৰি থৈ দিল্লীত ভৰি থোৱা প্ৰখ্যাত লেখক খুশৱন্ত সিঙো উপস্থিত আছিল।  পিছত সেইদিনাৰ অনুভৱ ব্যক্ত কৰি তেওঁ বিবিচিৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছিল, 'আমি সকলোৱে কান্দি আছিলো আৰু চিনাকি-অচিনাকি সকলোৱে এজনে আনজনক আনন্দৰ চকুলোৰে আলিংগন কৰাত ব্যস্ত হৈ পৰিছিল।’

খালী লেফাফা

মাজ নিশা জৱহাৰলাল নেহৰু আৰু ৰাজেন্দ্ৰ প্ৰসাদে লৰ্ড মাউণ্টবেটেনক ভাৰতৰ প্ৰথমগৰাকী গৱৰ্ণৰ জেনেৰেল পদত অধিষ্ঠিত হ’বৰ বাবে আনুষ্ঠানিক অনুৰোধ জনাবলৈ বুলি তেওঁৰ ওচৰলৈ গৈছিল। মাউণ্টবেটেনে সেই অনুৰোধ মানি লৈছিল। তেওঁ পৰ্টৱাইনৰ এটা বটল উলিয়াই নিজ হাতেৰে গিলাচত বাকি দি নেহৰু আৰু ৰাজেন্দ্ৰ প্ৰসাদলৈ আগবঢ়াই দিছিল। শেষত নিজৰ গিলাচ পূৰ্ণ কৰি হাত ওপৰলৈ তুলি কৈছিল, 'টু ইণ্ডিয়া’।

এঢোক পান কৰি নেহৰুৱে মাউণ্টবেটেনৰ ফালে নিজৰ গিলাচটো আগুৱাই দি কৈছিল, 'কিং জৰ্জ ষষ্ঠলৈ বুলি’। তেনেকৈ কৈয়ে নেহৰুৱে মাউণ্টবেটেনৰ হাতত তুলি দিছিল এটা লেফাফা। 'ইয়াত কাইলৈ শপত গ্ৰহণ কৰিবলগীয়া মন্ত্ৰীসকলৰ নাম আছে।’-নেহৰুৱে মাউণ্টবেটেনলৈ চাই কৈছিল।

নেহৰু আৰু ৰাজেন্দ্ৰ প্ৰসাদ ওভতাৰ পিছত মাউণ্টবেটেনে পৰম আগ্ৰহেৰে কাক কাক মন্ত্ৰীত্ব দিয়া হৈছে সেয়া চাবলৈ বুলি লেফাফা খুলি দেখে যে তাত একোৱেই নাই। পিছত জানিব পৰা যায় যে লৰাঢপৰাত নেহৰুৱে মন্ত্ৰীৰ নাম থকা কাগজখন লেফাফাত ভৰাবলৈকে পাহৰি থাকিল।

স্বাধীনতাৰ ৰামধেনু...

পিছদিনা সন্ধিয়া ৫ বজাত আছিল ইণ্ডিয়া গেটত ত্ৰিৰংগা পতাকা উত্তোলনৰ কাৰ্যসূচী। পতাকা উত্তোলন কৰিব লৰ্ড মাউণ্টবেটেনে। এই অনুষ্ঠানত ৩০ৰ পৰা ৪০ হাজাৰ লোক উপস্থিত থাকিব বুলি ধাৰণা কৰা হৈছিল। কিন্তু যেতিয়া ঘোৰাবাগী লৈ পণ্ডিত নেহৰুসহ মাউণ্টবেটেন ইণ্ডিয়া গেটলৈ আগবাঢ়িছিল তেতিয়া সমগ্ৰ ৰাজপথ হৈ পৰিছিল জনসমুদ্ৰ। ৩০ৰ পৰা ৪০ হাজাৰ লোক উপস্থিত থাকিব বুলি ভবা হৈছিল যদিও তাত সেইদিনা সমবেত হৈছিল ৫ লাখৰো অধিক লোক।

স্বাধীনতাৰ আনন্দত উৎফুল্লিত হৈ পৰা লোকৰ ভিৰত বাৰে বাৰে থমকিবলগীয়া হৈছিল নেহৰু আৰু মাউণ্টবেটেনৰ বাগী। সেইদিনটোৰ কথা বৰ্ণনা কৰি মাৰ্কিন লেখক ফিলিপ টালবোটে 'এন আমেৰিকান উইটনেছ’ গ্ৰন্থখনত লিখিছে, 'ভিৰ ইমানেই আছিল যে মাউণ্টবেটেনৰ এজন অংগৰক্ষকৰ ঘোঁৰা মাটিত পৰি গৈছিল। যেতিয়া কিছু সময় পিছত ঘোঁৰাসহ অংগৰক্ষকজন নিজে থিয় হৈছিল তেতিয়াহে সকলোৰে মুখলৈ পানী আহিছিল।’

অৱশেষত আকাশ ধিয়াই উৰিছিল স্বাধীনতাৰ ত্ৰিৰংগা। সেইক্ষণত সকলোৱে ১৮৫৭ৰ অত্যাচাৰ, জালিয়ানাৱাগৰ হত্যাকাণ্ডৰ ক’লা অধ্যায় পাহৰি উল্লসিত হৈ পৰিছিল। তাত উপস্থিত লক্ষ লক্ষ লোকে মহাত্মা গান্ধী কী জয় ধ্বনিৰ লগতে লৰ্ড মাউণ্টবেটেন কী জয় ধ্বনিৰেও আকাশ-বতাহ কঁপাই তুলিছিল। এনেকৈয়ে মাউণ্টবেটেনেই হৈ পৰিছিল একমাত্ৰ ব্ৰিটিছ লোক যাৰ নাম লৈ ভাৰতীয়সকলে স্বতঃস্ফূৰ্তভাৱে জয়ধ্বনি দিছিল।

যেতিয়াই ত্ৰিৰংগা সগৌৰৱে উৰিছিল ঠিক সেই সময়তে আকাশত দেখা গৈছিল ৰামধেনু। যেন ভাৰতৰ স্বাধীনতাৰ শুভমুহূৰ্তক স্বাগতম জনাবলৈ প্ৰকৃতিয়েও  আকাশত সানি দিছিল সাতো ৰং। সেই দৃশ্য প্ৰত্যক্ষ কৰি অভিভূত হৈ পৰিছিল তাত উপস্থিত থকা প্ৰতিজন লোক।

তেনে এক শুভ মুহূৰ্তৰ অন্তত পত্নী এডৱিনাসহ বাগীত ঘৰমুৱা হোৱাৰ পৰত মাউণ্টবেটেনে দেখিছিল যে তাত উপস্থিত থকা প্ৰতিজন লোক ইমানেই আনন্দিত হৈ পৰিছে যে তেনে আনন্দ তেওঁ ইয়াৰ পূৰ্বে সেইসকল লোকৰ মুখত এদিনো দেখিবলৈ পোৱা নাছিল। তেনেতে মাউণ্টবেটেনৰ চকুত পৰিছিল ৩ গৰাকী মহিলা। তিনিওগৰাকীয়ে খোজকাঢ়ি ইমানেই ভাগৰি পৰিছিল যে কোনোমতে বাগীৰ চকা তেওঁলোকৰ গাৰ ওপৰৰে উঠি নগ’ল।

সেই দৃশ্য দেখি মাউণ্টবেটেনে বাগী ৰখাবলৈ কৈ তিনিওগৰাকী মহিলাক উঠিবলৈ দিয়ে। তিনিওগৰাকী মহিলা বাগীত উঠি ক’লা চামৰাযুক্ত আৰামদায়ক ছীটত বহি পৰে। সেই ছীট আছিল অতিশয় আৰামদায়ক য’ত ভাৰতলৈ আহিলে ইংলেণ্ডৰ ৰজা আৰু ৰাণীও বহিছিল। একেখন বাগীতে আছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰু। মহিলা ৩ গৰাকী উঠাত বহিবলৈ ঠাইৰ অভাৱ ঘটাত নেহৰুৱে বাগীখনৰ হেণ্ডেলতে বহি লয়।