newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ নতুন ৰূপত হোৱাটছ এপ৷ জনপ্ৰিয় মেছেজিং এপ হোৱাটছ এপে শেহতীয়াকৈ সংযোজন কৰিব নতুন ফিচাৰ৷ এপটোৰ ফিচাৰৰ জৰিয়তে হোৱাটছ এপ গ্ৰুপৰ এডমিনে নিয়ন্ত্ৰণ কৰিব পাৰিব কোনে মেছেজ দিব পাৰিব নতুবা কোনে দিব নোৱাৰিব৷ হোৱাটছ এপ নতুন সংস্কৰণত এই পদ্ধতি সংযোজন কৰাৰ কথা উল্লেখ কৰিছে হোৱাটছ এপে৷ শেহতীয়াকৈ ঘোষণা কৰা মতে গ্ৰুপ ব্যৱস্থাত কেৱল এডমিনেহে মেচেজ পঠাব পৰা ব্যৱস্থা থাকিব৷

যদি এডমিনে চেটিংছত ‘অনলি এডমিন’ নিৰ্বাচন কৰি থয় তেন্তে কেৱল এডমিনেহে মেছেজ দিব পাৰিব৷ মেছেজ দিয়াৰ অধিকাৰ কেৱল এডমিনৰ থাকিব৷ ইণ্ডিয়ান এক্সেপ্ৰেছত হোৱাটছৰ এপৰ প্ৰৱক্তাৰ এটি সাক্ষাৎকাৰত গ্ৰুপত অবাঞ্চিত খবৰ প্ৰচাৰ এই পদ্ধতিৰ জৰিয়তে বন্ধ হৈ পৰিব বুলি কয়৷

মেছেজ ফৰৱাৰ্ড কৰাৰ বিভিন্ন ঘটনা পোহৰলৈ আহিছে৷ এনেধৰণৰ মেছেজৰ দ্বাৰা বিশেষকৈ অপপ্ৰচাৰ চলোৱা হয়৷ উচিত তথ্য নোহোৱাকৈয়ে মানুহে তেনে মেছেজ ফৰৱাৰ্ড কৰে৷ আৰু সাধাৰণ মানুহে তাকেই সঁচা বুলি ভাবি লয়৷ যাৰ দ্বাৰা সময়ে সময়ে পৰিবেশ বিনষ্ট হয়৷ এতিয়াৰ পৰা গ্ৰুপত কোনো মেছেজ দিব কোনে নিদিব সেই কথা নিৰ্ধাৰণ কৰিব এডমিনে৷

হোৱাটছ এপ কৰ্তৃপক্ষৰ মতে মানুহে এই এপটোৰ জৰিয়তে গুৰুত্বপূৰ্ণ খবৰ লাভ কৰে৷ বিশেষকৈ স্কুলৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী, অভিভাৱক, স্বেচ্ছাসেৱী অনুষ্ঠান আদিয়ে৷ যাৰ বাবে আমি এই ফিচাৰ জড়িত কৰিছোঁ৷ যাৰ দ্বাৰা এডমিনে সকলো নিয়ন্ত্ৰণ কৰিব পাৰে৷ 

►কেনেদেৰে উপলদ্ধ হ’ব ফিচাৰ 

তাৰ বাবে এডমিনে চেটিংছত সাল-সলনি কৰিব লাগিব৷ তেতিয়া গ্ৰুপৰ সদস্যসকলক মেচেজ কৰাৰ পৰা ৰোধ কৰিব পাৰিব৷ হোৱাটছ এপত অপছন চেটিংত কেৱল এডমিন নতুবা সকলো সদস্য বুলি অপছন পাব এতিয়াৰ পৰা৷ যদি এডমিনে কেৱল এডমিন কৰি লয় তেন্তে সকলো মেছেজ দিয়া প্ৰক্ৰিয়া আন আন সদস্যৰ বাবে বন্ধ হৈ যাব৷ মেছেজ দিবৰ বাবে এডমিনৰ পৰা অনুমতি ল’ব লাগিব৷ কোনো সদস্যই মেছেজ দিব বিচাৰিলেও তেওঁৰ মেছেজ দিব পৰা সেৱা বন্ধ কৰা হৈছে বুলি দেখুৱাব৷