ডিজিটেল ডেস্কঃ নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হৈছে মোডী চৰকাৰ। ২০১৪ চনৰ নিৰ্বাচনত পাকিস্তানে এটা মূৰ কাটিলে ১০টা মূৰ কাটি আনিম বুলি কোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যকালত পাকিস্তানে সকলো সীমা অতিক্ৰম কৰে। 

নিতৌ যুদ্ধ বিৰত চুক্তি উলংঘন কৰি ভাৰতৰ সেনাক লক্ষ্য কৰি গুলীবৰ্ষণ কৰাৰ লগতে সীমান্তৰ নাগৰিকক লক্ষ্য কৰি বসতি প্ৰধান এলেকাত গুলীবৰ্ষণ-মৰ্টাৰ আক্ৰমণ কৰি আহিছে পাকিস্তানে।

দেওবাৰে পুৱতি নিশা পুনৰ যুদ্ধ বিৰতি চুক্তি উলংঘন কৰি জম্মু কাশ্মীৰৰ পুঞ্জ এলেকাৰ বালাকোটত গুলীবৰ্ষণ কৰাত একেটা পৰিয়ালৰ ৫গৰাকী লোকৰ মৃত্যু হয়৷ দুগৰাকী কিশোৰ বুলি জানিব পৰা গৈছে৷

ৰাজ্যৰ আৰক্ষীৰ সঞ্চালক প্ৰধান এছপি বৈদে টুইট কৰি পাকিস্তানৰ গুলীবৰ্ষণত মহম্মদ ৰমজান নামৰ লোকজনৰ পত্নী আৰু তিনি সন্তানৰ মৃত্যু হয় বুলি কয়৷ দুগৰাকী লোকৰ আহত হয়৷ পাকিস্তানৰ গুলীবৰ্ষণত এটা গোলা পৰিয়ালৰ ঘৰৰ ওপৰত পৰাৰ ফলত ৫গৰাকী লোক থিতাতে নিহত হয়৷ 

ঘটনা সংঘটিত হোৱাৰ পিছতেই ভাৰতীয় সেনাই প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে৷ গুলীবৰ্ষণত আহত লোকক হেলিকপ্তাৰেৰে চিকিৎসালয়ৈ নিয়া হয়৷ পাকিস্তানে বৰ্তমানেও গুলীবৰ্ষণ অব্যাহত ৰাখিছে৷

পাকিস্তানৰ ঘৃণনীয় কাণ্ড এয়াই নহয় বাৰে বাৰে সীমান্তৰ সাধৰণ নাগৰিকক লক্ষ্য কৰি গুলীবৰ্ষণ কৰি আহিছে পাকিস্তানে৷ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে নিয়ন্ত্ৰণ ৰেখাত মোডী চৰকাৰ অহাৰে পৰা এনে ঘটনা বৃদ্ধি হৈছে৷