ডিজিটেল ডেস্কঃ বিজেপিৰ নেতৃত্বৰ এনডিএৰ মিত্ৰজোঁটত ক্ৰমান্বয়ে আউল লাগিব ধৰিছে৷ মোডী চৰকাৰৰ ৰাজনৈতিক সমীকৰণত আউল লাগাই ইতিমধ্যে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৰ দল টিডিপিয়ে বিজেপি দলৰ সতে মিত্ৰতা ভংগ কৰাই নহয় এনডিএৰ পৰাই ওলাই আহে৷ জানিব পৰা মতে, টিডিপি দলে ২০১৯ চনৰ নিৰ্বাচনৰ পূৰ্বেই কেন্দ্ৰীয় চৰকাৰৰ সতে সম্পৰ্ক ছেদ কৰে৷

কিয়নো টিডিপি দলে অন্ধ্ৰপ্ৰদেশক বিশেষ ৰাজ্য প্ৰদান কৰাৰ দাবী জনাই আহিছিল৷ চৰকাৰে টিডিপি দলৰ দাবী মানি নোলোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি মোহভংগ হয়৷ ফলত শুকুৰবাৰে অমৰাৱতীত অনুষ্ঠিত বিশেষ বৈঠকত মিত্ৰতা ভংগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ তেলেগু দেশম পাৰ্টিয়ে মুখ্যমন্ত্ৰী সহিতে দলৰ নেতাসকলৰ আলোচনাৰ মৰ্মে এই সিদ্ধান্ত উপনীত হয়৷ এই আলোচনাৰ পূৰ্বে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে কেন্দ্ৰীয় চৰকাৰৰ সৈতে আলোচনা কৰিছিল৷ টিডিপিয়ে অন্ধ্ৰ প্ৰদেশক বিশেষ মৰ্যদা প্ৰদান কৰাক লৈ সংসদত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰি আহিছিল৷

কিন্তু বিজেপিয়ে টিডিপিৰ দাবী মানি লোৱাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশ চৰকাৰে পূৰ্বেতেই যি পাব লগা আছিল সকলোবোৰ পালে বুলি প্ৰত্যুত্তৰ দিছিল৷ কেইদিনমানৰ পূৰ্বে মুখ্যমন্ত্ৰী চন্দ্ৰবাবু নাইডুৱে জানিবলৈ দিয়া মতে, টিডিপি দলৰ দুই মন্ত্ৰী অশোক গজপতি ৰাজু আৰু ৱাইএছ চৌধুৰীয়ে পদত্যাগ পত্ৰ দাখিল কৰিছিল আৰু ইয়াৰ পিছতে টিডিপিয়ে বিজেপিৰ সৈতে সম্পৰ্ক ছেদ কৰিলে৷

উল্লেখ্য যে, ৱাইএছ চৌধুৰী বিজ্ঞান আৰু ঔদ্যোগিক ৰাজ্য মন্ত্ৰী আছিল৷ জানিব পৰা মতে, মন্ত্ৰী দুগৰাকীৰ পদত্যাগৰ পাছত বিজেপিৰ মন্ত্ৰীয়েও অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ পৰা পদত্যাগ কৰে৷ উল্লেখ্য যে, বিশেষ ৰাজ্য প্ৰদান নকৰাৰ বাবেই চন্দ্ৰবাবু চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে৷ এই দাবী লৈ চন্দ্ৰবাবু নাইডুৱে প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰাৰ চেষ্টা কৰিছিল যদিও নৰেন্দ্ৰ মোডীয়ে সময় নিদিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিব পৰা গৈছে৷