দিল্লীঃ দুৰ্নীতিত প্ৰথম ভাৰত৷ ট্ৰেন্সপাৰিন্সী ইন্টাৰনেচনেলে চলোৱা এক সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য৷ সংস্থাটোৱে এছিয়া মহাদেশৰ ১৬ খন দেশত চলাইছিল এই সমীক্ষা৷ প্ৰায় ১০ জনৰ ৭ জনেই উৎকোচ দিয়ে ভাৰতবৰ্ষত৷ পঞ্চাশ শতাংশ ভাৰতীয়ই দুৰ্নীতি সম্পৰ্কত চৰকাৰৰ ভূমিকাক প্ৰশংসা কৰিছে৷ ৪০% ই প্ৰকাশ কৰে যে বিগত ১২ মাহত বৃদ্ধি হৈছে দুৰ্নীতি৷  ৭ মাৰ্চত বাৰ্লিনত সংস্থাটোৱে প্ৰকাশ কৰিছে এই তথ্য৷

ভাৰতৰ লগতে দুৰ্নীতিগ্ৰস্তৰ তালিকাখনত নাম আছে পাকিস্তান আৰু থাইলেণ্ডৰ৷ ভাৰতত উৎকোচ দিয়াসকলৰ ৭৩% দৰিদ্ৰ৷ এই ক্ষেত্ৰত পাকিস্তানৰ ৬৪% আৰু থাইলেণ্ডৰ ৪৬% লোক দৰিদ্ৰ৷ ভাৰতত ৫৯% লোকে চৰকাৰী স্বাস্থ্যসেৱা আৰু পৰিচয় পত্ৰ বিষয়ক দস্তাবেজৰ বাবে উৎকোচ দিয়ে৷ শিক্ষাৰ ক্ষেত্ৰত এই হাৰ ৫৮ শতাংশ৷

সমীক্ষাত প্ৰকাশ হোৱা তথ্য অনুসৰি আটাইতকৈ কম দুৰ্নীতি হোৱা দেশখন হৈছে জাপান৷ জাপানত  কেৱল 0.2% লোকে উৎকোচ দিয়ে৷