sourse from internate

ডিজিটেল ডেস্কঃ সুদীৰ্ঘ দহ বছৰৰ পিছত হেৰোৱা খিতাপ ঘুৰাই পাবলৈ সক্ষম হৈছে ভৰতীয় হকী দলে৷ ঢাকাত অনুষ্ঠিত হোৱা এছিয়া কাপ হকী প্ৰতিযোগীতাৰ ফাইনেলত ভাৰতে মালয়েছিয়াক ২-১ গলত পৰাস্ত কৰে৷ এইটো হৈছে ভাৰতৰ তৃতীয়টো খিতাপ, ইয়াৰ আগতে ভাৰতে ২০০৩ আৰু ২০০৭ ত এই এছিয়া কাপ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল৷ পূৰ্বে ২০১১ চনৰ এছিয়া কাপ প্ৰতিযোগিতাৰ ফাইনেলত দক্ষিণ কোৰিয়াৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিব লগীয়া হৈছিল৷

দেওবাৰৰ ফাইনেল প্ৰতিযোগিতাখনত ভাৰতে মালয়েছিয়াৰ বিৰুদ্ধে কঠিন প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লগা হয়৷ কিন্তু ফাইনেল খেলখনতকৈ চুপাৰ ফ’ৰ পৰ্যায়ত মালয়েছিয়াৰ বিৰুদ্ধে উন্নত প্ৰদৰ্শন আগবঢ়াইছিল ভাৰতে৷

ৰমণদীপ সিঙে তিনি মিনিটত আৰু ললিত উপাধ্যায়ে উনত্ৰিশ মিনিটত ভাৰতৰ হৈ দুটা গল দিয়ে৷ আনহাতে ছাহৰিল ছাবায়ে পঞ্চাচ মিনিটত মালয়েছিয়াৰ হৈ একমাত্ৰ গ’লটো কৰে৷ আকাশদ্বীপ সিং মেন অৱ দা মেচ নিৰ্বাচিত হয়৷