ডিজিটেল ডেস্কঃ এটা সময়ত দেশত ইন্দিৰাৰ ৰাজ চলিছিল৷ ইন্দিৰা ইজ ইণ্ডিয়া, ইণ্ডিয়া ইজ ইন্দিৰা শ্ল’গান দিছিল কংগ্ৰেছৰ নেতা দেৱকান্ত বৰুৱাই৷ ৰাজনীতিৰ ভূ ৰখা মহলে ইন্দিৰাৰ শাসন কালৰ ঘটনা প্ৰবাহ আজিও পাহৰিব পৰা নাই৷ সেই সময়ত ৰাজনীতিৰ পথাৰত পৰিপক্ক ৰাজনীতিবিদ হিচাপে জনাজাত আছিল শক্তিশালী মহিলা নেত্ৰী ইন্দিৰা গান্ধী৷ ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী আছিল দেশৰ৷ অপাৰ শক্তি আৰু সংখ্যাগৰিষ্ঠতাপূৰ্ণ সাংসদৰ সমৰ্থনৰ নেত্ৰী আছিল৷ একপ্ৰকাৰ নিজ ইচ্ছামতে শাসন কৰিছিল দেশ৷ দেশৰ বিৰোধী দলৰ নেতা জেইলত ভৰোৱাৰ লগতে জৰুৰী অৱস্থা ঘোষণা কৰাত আহুকালৰ সৃষ্টি হৈছিল৷ 

৪১ বছৰ পূৰ্বে ইন্দিৰা গান্ধীৰ জৰুৰী অৱস্থাৰ কথা দেশৰ জ্যেষ্ঠসকলে আজিও পাহৰা নাই৷ দেশৰ ইতিহাসৰ কলা অধ্যায় আছিল জৰুৰী অৱস্থা৷ খোদ কংগ্ৰেছেও জৰুৰী অৱস্থাৰ কথা আজিলৈ পাহৰিব পৰা নাই৷ চৰকাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা ক্ষোভ নিয়ন্ত্ৰণ কৰিবলৈ এই পন্থা অৱলম্বন কৰা হৈছিল বুলি আজিও কয় কংগ্ৰেছে৷ দেশত দৰিদ্ৰতা বৃদ্ধি, সামগ্ৰীৰ মূল্য বৃদ্ধি, কৃষকৰ দুৰৱস্থা, শ্ৰমিকৰ দুৰৱস্থাৰ বাবে জনতা জনাৰ্দন ৰাজ পথলৈ ওলাই অহাত মহা ক্ষমতাশালী কংগ্ৰেছ চৰকাৰে দেশত জৰুৰী অৱস্থা ঘোষণা কৰি প্ৰতিবাদ দমন কৰিছিল৷ মানুহে ইন্দিৰা গান্ধীৰ বিৰুদ্ধে শ্ল’গান দিবলৈ আৰম্ভ কৰিছিল৷ 

প্ৰতিবাদ ৰুদ্ধ কৰাৰ বাবে নিশাৰ পৰাই জৰুৰীকালীন অৱস্থা ঘোষণা কৰে৷ দিল্লীৰ ৰামলীলা মৈদানত জয় প্ৰকাশ নাৰায়নৰ নেতৃত্বত এখন বিশাল সমাৱেশ অনুষ্ঠিত হোৱাৰ কথা আছিল৷ ৰামলীলা ময়দানত দেশৰ বহু বিৰোধী একত্ৰিত হোৱাৰ লগতে হাজাৰ হাজাৰ জনসাধাৰণে ক্ষমতাৰ পৰা ইন্দিৰা গান্ধীক ওফৰাই পেলাবলৈ সংকল্প হৈছিল৷ ১৯৭৫ চনৰ ২৯ জুনত সমগ্ৰ দেশত আন্দোলন কৰাৰ আহ্বান কৰে কংগ্ৰেছ বিৰোধী দল-সংগঠনে৷ তাৰ পূৰ্বে চৰকাৰে ভয় আৰু আশংকাত ১৯৭৫ চনৰ ২৫ জুনত জৰুৰী অৱস্থা ঘোষণা কৰে৷ যিটো সময়ত দেশৰ অৱস্থা বহু বেয়া আছিল৷ 

দেশৰ ৰাজ পথ কৃষক শ্ৰমিকে উত্তাল কৰি ৰাখিছিল৷ মানুহৰ বাক স্বাধীনতা হৰণ কৰা হৈছিল৷ সেনা-আৰক্ষীৰ হতুৱাই অত্যাচাৰ কৰা হৈছিল৷ ইন্দিৰা গান্ধীৰ বিশ্বাস আছিল তেওঁক জনসাধৰণে পুনৰ শাসনৰ গাদীত বহুৱাব৷ কিন্তু সময় সলনি হ’ল৷ ইন্দিৰাই শাসনৰ পৰা আতৰিব লগা হ’ল৷ ইন্দিৰাৰ যুগৰ অৱসান ঘটিল৷ দেশত এতিয়া মোডী যুগ আৰম্ভ হৈছে৷ ইন্দিৰাৰ সময়ত ছচিয়েল মিডিয়া নাছিল৷ কিন্তু মোডী যুগত ছচিয়েল মিডিয়া যোগে সম্পৰ্ক স্থাপন কৰিব পৰা হ’ল৷ 

পূৰ্বে জৰুৰী অৱস্থা সেনা আৰক্ষীৰ দ্বাৰা কৰা হৈছিল৷ এতিয়া ছচিয়েল মিডিয়াত একাংশ সমৰ্থকে অশ্লীল ভাষাৰে, অপপ্ৰচাৰেৰে জৰুৰী অৱস্থা সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰে৷ যদি শাসকৰ বিৰুদ্ধে যুক্তিগত ভাৱে সমালোচনা কৰা হয় তথাপিও অভব্য, অবাইচ, ভাষাৰে গালি দি জৰুৰী অৱস্থা সদৃশ পৰিস্থিতি সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰে৷ হয়তো ইন্দিৰাৰ সময়ত ছচিয়েল মিডিয়া থাকিল জৰুৰী অৱস্থাৰ ঘোষণা কৰাৰ প্ৰয়োজন নাথাকিল হেতেন৷ প্ৰতিবাদ কৰা মানুহৰ বিষেয়ে অপপ্ৰচাৰ আৰু গালি-গালাজ আৰু একাংশ সংবাদ মাধ্যম মেনেজ কৰি গালি-গালাজ কৰি সকলো পক্ষক তচনচ কৰিলে হেতেন৷ 

বৰ্তমান সময়তো ভাৰতবৰ্ষত কেইবাখনো বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি কৰা হৈছে৷ চৰকাৰৰ বিৰুদ্ধে কথা কোৱা লেখক, সাংবাদিকে বন্দুকৰ গুলীত মৃত্যুক আকোৱালি লব লগা হৈছে৷ বিৰোধীৰ বিৰুদ্ধে চিবিআইক অপব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ গো-হত্যা ৰোধ কৰাৰ নামত দলিত-মুছলনামক হত্যা কৰা গৈছে৷ লাভ জেহাদৰ নামত মানুহক হত্যা কৰা গৈছে৷ খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি, পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধিয়ে মানুহক কোঙা কৰিছে৷ কৃষকে আন্দোলন কৰিব লগা হৈছে৷ শেহতীয়াকৈ দেশত প্ৰতিবাদ আৰম্ভ হৈছে শাসক পক্ষৰ বিৰুদ্ধে৷ বিশেষকৈ কৃষকৰ আন্দোলনে কঁপাইছে চৰকাৰক৷

কৃষক আন্দোলনে দেশৰ একো একোখন চৰকাৰক সংকটৰ মুখলৈ ঠেলি দিব পাৰে সেই কথা সকলোৱে জানে৷ কৃষকে ৰাজ পথলৈ ওলাই আহিলে চৰকাৰৰ ভিতৰচৰাত জৰুৰীকালীন অৱস্থাৰ দৰে পৰিৱেশৰ সৃষ্টি হয়৷ চৰকাৰে এই কথা ভালদৰেই জানে দেশৰ কৃষক আৰু ছাত্ৰৰ একতাত নিহিত হৈ থাকে অপাৰ শক্তি৷ কৃষকৰ হাতত অদম্য শক্তি থকাৰ বাবে খাদ্য উৎপাদন কৰিব পাৰে৷ এই কৃষকৰ যেতিয়া খং উঠিব আৰম্ভ কৰে তেতিয়া এই খঙে ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ তাৰ পিছতেই একো একো খন চৰকাৰৰ জনপ্ৰিয়তাৰ গ্ৰাফ নিম্নগামী হ’ব ধৰে৷ 

কৃষকৰ সৈতে ফেৰ মাৰি একো একোখন চৰকাৰে ভুল কৰে৷ আন দেশৰ কথা নকও আমাৰ দেশৰ চৰকাৰে কৃষক প্ৰতিবাদকাৰীক কাবু কৰি, দাবী সমূহক বিভিন্ন সময়ত তৰল যুক্তি প্ৰদান কৰি উৰুৱাই দিব খোজে৷ প্ৰতিবাদক মষিমূৰ কৰাৰ বাবে বিৰোধীৰ ষড়যন্ত্ৰ আখ্যা দিব খোজে শাসকীয় দলে৷ আৰক্ষীৰ হতুৱাই লাঠিচালনা, কন্দুৱা গেছ, প্ৰয়োগ কৰি সংগ্ৰাম বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰে যদিও সময়ত সকলোবোৰ প্ৰচেষ্টাই কেতিয়াবা সফল হয় আৰু কেতিয়াবা বিফল হয়৷ কিন্তু সেই সকল কৃষকৰ ওচৰলৈ ৫ বছৰৰ মূৰকত আকৌ আঠু লবলৈ যাব লগা হয় চৰকাৰ৷ 

২৮২ খন আসন লাভ কৰি একক সংখ্যগৰিষ্ঠতা লাভ কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে কৃষকে আৰম্ভ কৰিছে প্ৰতিবাদ৷ দেশৰ কৃষক, শ্ৰমকি ৰাজ পথলৈ ওলাই অহা পৰিলক্ষিত হৈছে৷ উত্তৰ ভাৰতৰ লগতে মহাৰাষ্ট্ৰ, ৰাজস্থান, মধ্যপ্ৰদেশ আদিৰ কৃষক-শ্ৰমিকে প্ৰতিবাদ কৰি আহিছে৷ নৰেন্দ্ৰ মোডীৰ জনপ্ৰিয়তা অটুত থকা বুলি প্ৰচাৰ হৈ আহিছে যদিও জনপ্ৰিয়তাৰ গ্ৰাফ নিম্ন গামী হোৱা বুলি অনুমান কৰা হৈছে উপ-নিৰ্বাচনৰ জৰিয়তে৷ কেইবাখনো ৰাজ্যৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে ভাল ফলাফল কৰিছে৷ 

কিন্তু ২০১৪ বৰ্ষৰ পিছত যিমান কেইটা লোকসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত বিজেপিয়ে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হোৱা নাই৷ ১৮টা লোকসভা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছে যদিও বিজেপিয়ে মাত্ৰ ২ খন আসনত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ মধ্যপ্ৰদেশ, ৰাজস্থান আদি বিজেপি শাসিত ৰাজ্যত বিজেপিয়ে মুখেথেকেচা খাইছে৷ ১৬ লোক সভা সমষ্টিত বিজেপি বিৰোধীয়ে বিজয়ী হৈছে৷ শেহতীয়াকৈ উত্তৰ প্ৰদেশত ফুলপুৰ আৰু গোৰখপুৰ সমষ্টিত বিজেপিয়ে পৰাজয় বৰণ কৰিছে৷ উত্তৰ প্ৰদেশত বিজেপিয়ে শাসন কৰি আছে৷ 

ইমানে নহয় সমষ্টি দুটা মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ সমষ্টি আছিল৷ ৰতলাম, গুৰদাসপুৰ, আজমীৰ, অলবৰ, গোৰখপুৰ, ফুলপুৰ, শ্ৰীনহৰ আদি লোক সভা আসন বিজেপিৰ দখলত আছিল যদিও উপ-নিৰ্বাচনত আন দলৰ হাতলৈ যায়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰধানমন্ত্ৰী হোৱাৰ লোক সভাৰ উপ-নিৰ্বাচনত ভাল ফলাফল কৰিব পৰা নাই৷ উৰিষ্যাৰ কন্ধামাল লোকসভা সমষ্টি উপ-নিৰ্বাচনৰ জৰিয়তে বিজেডিৰ হাতলৈ যায়৷ তেলেংগনাৰ মেদক সমষ্টিত টিআৰএছ জয়ী হয়৷ উত্তৰ প্ৰদেশৰ মেনপুৰী সমষ্টিত সমাজবাদীৰ হাতত পৰাজয় বৰণ কৰিছিল বিজেপিয়ে৷ 

পশ্চিম বংগ অনুষ্ঠিত হোৱা উপ-নিৰ্বাচনত মমতা বেনাৰ্জীৰ দলে জয়লাভ কৰে৷ বাৰংগলতো বিজেপিৰ ভাল ফলাফল দেখুৱাব নোৱাৰিলে৷ মধ্যপ্ৰদেশৰ ৰতলাম সমষ্টিত কংগ্ৰেছে বিজেপিক হৰুৱাই৷ বিজেপিয়ে মধ্যপ্ৰদেশৰ শ্বাহদৌলত বিজেপিয়ে বিজয়ী হয়৷ শ্ৰীনগৰ আসনত ফাৰুক আব্দুল্লা বিজয়ী হয়৷ পঞ্জাৱৰ গুৰদাস পুৰ আসনত কংগ্ৰেছ বিজয়ী হয়৷ ৰাজস্থানৰ আজমীৰ আসনত কংগ্ৰেছ বিজয়ী হয়৷ বিহাৰৰ আৰৰিয়া সমষ্টি আৰজেডিয়ে দখল কৰে৷ ফুলপুৰ আৰু গোৰখপুৰ সমাজবাদী পাৰ্টিয়ে দখল কৰে৷ বিজেপিৰ ২৮২ খন আসনৰ পৰা শেহতীয়াকৈ বিজেপিৰ হাতত ২৭৩ খন আসন ৰৈ গৈছে৷