মঙলদৈঃ  দৰং জিলাৰ মঙলদৈ সমষ্টিৰ নিজ ডাঁহী গাঁৱত ১৯৮৯ চনতে অগপৰ আমোলত ৰাজ্যৰ উদ্যেগ আৰু বাণিজ্য বিভাগৰ দ্বাৰা স্থাপন কৰা  হৈছিল এখন ঔদ্যোগিক আৰু বাণিজ্যিক পাম। প্ৰায় এবিঘা মাটিত  ১২টা কোঠাৰে সম্পূৰ্ণ হৈ উঠা উদ্যেগিক পামখন কিন্তু বিগত ২৮  বছৰে মুকলি কৰা নহ'ল।

চৰকাৰ আহিছে চৰকাৰ গৈছে। চকু মুদা কুলিৰ ভাও প্ৰতিখন চৰকাৰৰ। সম্প্ৰতি পামখন জহি-খহি যোৱাৰ উপৰিও গাহৰিৰ গৰালত পৰিণত হৈছে। লক্ষণীয় যে পামখন মুকলি নোহোৱাকৈয়ে মেৰামতিৰ নামত অহা চৰকাৰী ধন ঠিকাদাৰে হৰলুকি কৰাৰো অভিযোগ উত্থাপিত হৈছে।

এনে অভিযোগ উত্থাপিত হোৱাৰ পিছতে এই ক্ষেত্ৰত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে। কোটি কোটি টকা ব্যয় কৰি অনুসূচিত জাতি উন্নয়ন পুঁজিৰে নিৰ্মিত উদ্যেগিক পামখন মুকলি কৰিলে অঞ্চলটোৰ নিবনুৱা যুৱক-যুৱতীসকল উপকৃত হ'লহেতেন যদিও সেয়া ভাবিবলৈ আহৰি নাই বিভাগীয় কৰ্তৃপক্ষৰ।

পৰিবৰ্তনৰ শ্লোগান দিয়া বিজেপি চৰকাৰখনে পামখন মুকলি কৰাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশাৰে বাট চাই ৰৈছে স্থানীয় ৰাইজে।