• "কেৱল নামত আঁচনি হলে নহব, কামত আঁচনিৰে ৰাইজ লাভাম্বিত হব লাগিব"---- মঙ্গলছিং তিমুং

খেৰণিঃ পশ্চিম কাৰ্বি আংলঙৰ তথা কাৰ্বি পৰিষদীয় হামৰেন সমষ্টিত ৰূপায়ন কাৰ্য্য চলি থকা আৰু ৰূপায়নৰ কাম ইতিমধ্যে সম্পূৰ্ন হোৱা আঁচনিৰ আঁচনিস্থলিত আজি প্ৰখৰ ৰ'দকো আওকাণ কৰি দূৰ্গম অঞ্চলে অঞ্চলে খোজকাঢ়ি আকস্মিকভাৱে কাৰ্বি পৰিষদৰ বিভাগীয় কাৰ্যবাহী সদস্য মঙ্গলছিং তিমুঙে স্বয়ং উপস্থিত হৈ আঁচনিসমূহ পৰিদৰ্শন কৰে। 

অতি পিছপৰা পাহাৰীয়া জিলাখনত গ্ৰাম্যাঞ্চলৰ জনহিতাৰ্থে পৰিষদীয় হামৰেন সমষ্টিৰ বিভিন্ন স্থানত আই ডব্লিউ এম পি যোজনাৰ অধীনত কেবাতাওকৈ গুৰুত্বপূৰ্ণ আঁচনি ইতিমধ্যে প্ৰদান কৰিছে শাসনাধিস্থ বিজেপি চৰকাৰখনে। উল্লেখযোগ্য যে ইয়াৰে ভিতৰত গ্ৰাম্য উন্নয়ন মন্ত্ৰালয়ৰ যোগেদি ২০১৮-১৯  বিত্তীয় বৰ্ষৰ আই ডব্লিউ এম পি যোজনাৰ অধীনত বৃহত্তৰ ২৩ নম্বৰ ডেৰাজুৰি অঞ্চলৰ আৰটো-বংলং বৰ্মন ফাংছ' গাওঁত ৱাটাৰ-হাৰ্বেষ্টিং আঁচনি ৰূপায়ন কৰাৰ লগতে কাবুঙ গাওঁ আৰু হাৰলঙচৰা জে এছ ডেৰা গাওঁতো সেই একেধৰণৰ আঁচনি ৰূপায়ন কৰা হৈছে। আনহাতে চেকার্টু গাওঁ আৰু হাৰলঙচৰা গাওঁত ২০১৮-১৯ বিত্তীয় বৰ্ষৰ আই ডব্লিউ এম পি যোজনাৰ অধীনতে ফাৰ্ম পণ্ড নিৰ্মানৰ কাম কৰা হৈছে। অৱশ্যে উল্লেখিত আঁচনি সমূহৰ ভিতৰত কেইখনমানৰ নিৰ্মাণ কাৰ্য্য ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু কেইখনমান আঁচনিৰ নিৰ্মাণ কাৰ্য্য এতিয়াও চলিত অৱস্থাত আছে। 

উল্লেখযোগ্য যে একমাত্ৰ জনপ্ৰতিনিধিগৰাকীৰ গুৰুত্ব আৰু মনোযোগিতাৰ বাবে অঞ্চলসমূহৰ ৰাইজে লাভ কৰা উল্লেখিত আঁচনিসমূহ প্ৰকৃততে কি পৰ্যায়ত আছে আৰু কামৰ প্ৰকৃতি কি হৈছে তাৰেই বুজ লবলৈ আজি এইদৰে একস্মিকভাৱে আঁচনিস্থলিত গৈ উপস্থিত হয় মঙ্গলছিং তিমুঙে । আৰু প্ৰতিখন আঁচনিৰ নির্মাণ কাৰ্য্য উপযুক্ত, অতি গুণবিশিষ্ট আৰু নিৰ্মাণ কাৰ্য্যৰ মান যাতে প্ৰশংসনীয় হয়, বিপৰীতে ৰাইজেও যাতে ইয়াৰ পৰা লাভাম্বিত হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ নিৰ্মানকাৰীসকল আঙুলিয়াই দিয়ে মঙ্গলছিং তিমুঙে। লগতে উপস্থিত অঞ্চলবাসীক তিমুঙে এইবুলি কয় যে কেৱল নামত আঁচনি হলে নহব, কামত আঁচনিৰ জৰিয়তে ৰাইজ লাভাম্বিত হব লাগিব।