কোকৰাঝাৰঃ বিটিএডিৰ চিৰাং জিলাৰ বিজনীৰ বাগদুৱাৰ নগৰত অহা ১৬ মাৰ্চৰ পৰা ৮ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হটব আন্ত:ৰাষ্ট্ৰীয় গ্ৰন্থ মেলা,সাহিত্য উৎসৱ , সাংস্কৃতিক সমাৰোহ, খাদ্য মেলা আৰু বাণিজ্য মেলা ৷ বড়ো লেখক সংস্থাৰ উদ্যোগত তথা সংস্থাৰ ৩৩ তম প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত হ'বলগীয়া আন্ত:ৰাষ্ট্ৰীয় গ্ৰন্থ মেলা,সাহিত্য উৎসৱ, সাংস্কৃতিক সমাৰোহ, খাদ্য মেলা আৰু বাণিজ্য মেলাখনক লৈ আয়োজক সমিতিয়ে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে ৷

আজি বিয়লি কোকৰাঝাৰ প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত বড়ো লেখক সংস্থাৰ কাৰ্যবাহী সম্পাদক উমেশ চন্দ্ৰ ব্ৰহ্মই সদৰী কৰা মতে ৮ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া আন্ত:ৰাষ্ট্ৰীয় গ্ৰন্থ মেলা,সাহিত্য উৎসৱ আৰু বাণিজ্য মেলাত দেশৰ বিভিন্ন প্ৰান্তৰ উপৰিও বহি:ৰাষ্ট্ৰ থাইলেণ্ড, কোৰিয়া, জাপান, বাংলাদেশ, ভূটান, নেপাল, ম্যানমাৰ, জাকাৰ্টা আদি দেশৰ বিভিন্ন প্ৰতিষ্ঠান তথা সাংস্কৃতিক কলা-কৃষ্টিৰ দলে অংশগ্ৰহণ কৰিব ৷ তদুপৰি সাংস্কৃতিক সমাৰোহত বিটিএডিৰ বিভিন্ন প্ৰান্তৰ লগতে ডিমাচা, মিচিং, তিৱা, দেউৰী, গাৰো, ৰাভা, কাৰ্বি স্বায়ত্বশাসিত পৰিষদৰ সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিব ৷

উল্লেখ্য যে আন্ত:ৰাষ্ট্ৰীয় গ্ৰন্থ মেলা,সাহিত্য উৎসৱ তথা সাংস্কৃতিক সমাৰোহ, খাদ্য মেলা আৰু বাণিজ্য মেলাৰ কাৰ্যসূচী অনুযায়ী ১৬ মাৰ্চৰ বিয়লি ২-৩০ বজাত গ্ৰন্থ মেলা, খাদ্য মেলা আৰু বাণিজ্য মেলাৰ শুভ উদ্বোধন, ১৭ মাৰ্চৰ ৰাতিপুৱা বড়ো লেখক সংস্থাৰ পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণ আৰু পুৱা ১১ বজাত স্মৃতি গ্ৰন্থ, বিভিন্ন পাঠ্যপুথি উন্মোচন কৰা হব ৷ তদুপৰি বিয়লি দুই বজাত বড়ো সকলৰ মল্ল যুদ্ধ "খমলাইনাই" প্ৰদৰ্শন কৰা হব ৷ সন্ধিয়া ৬ বজাত বড়ো লেখক সংস্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিও গঠন কৰা হ'ব ৷

১৮ মাৰ্চত সাহিত্য অকাডেমী,দিল্লীৰ দ্বাৰা এক বিশেষ আলোচনা চক্ৰ অনুষ্ঠিত হব ৷ ১৯ মাৰ্চত নেচনেল বুক ট্ৰাষ্ট অৱ ইন্ডিয়া, দিল্লীৰ দ্বাৰা এক বিশেষ সাহিত্য উৎসৱ অনুষ্ঠিত হব ৷ বিয়লি ১-৩০ বজাত মহিলা সকলৰ মাজত কবি সন্মিলন অনুষ্ঠিত হব ৷ ২০ মাৰ্চত নেচনেল বুক ট্ৰাষ্ট অৱ ইন্ডিয়াৰ বিশেষ সাহিত্য উৎসৱত বড়ো সাধুকথা সন্দৰ্ভত তিনি খনকৈ কৰ্মশালা অনুষ্ঠিত হ'ব ৷

২১ মাৰ্চত বিটিচিৰ সংগ্ৰহালয় আৰু প্ৰত্নতাত্বিক বিভাগৰ পৃষ্ঠপোষকতা " বড়ো সকলৰ আধাৰত প্ৰত্নত্বাতিক অধ্যায়ন" শীৰ্ষক আলোচনা চক্ৰ দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব৷ আনহাতে অন্তিম দিনা অৰ্থ্যাৎ ২৩ মাৰ্চত বিভিন্ন জনগোষ্ঠীৰ সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হ'ব ৷ উক্ত সমাৰোহত মুখ্য অতিথি হিচাপে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিব ৷