এতিয়াৰ পৰা আম্পায়াৰৰ হাতত থাকিব ফিটা-লাল কাৰ্ড

Printer-friendly versionSend by email
In The Loose
In The Loose

ডিজিটেল ডেস্কঃ আইচিচিয়ে সলনি কৰিলে ক্ৰিকেটৰ নিয়ম৷ ২৮ ছেপ্তেম্বৰৰ পৰা আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত নতুন নিয়মসমূহ কাৰ্যকৰী হ’ব৷ আইচিচিয়ে বেটৰ জোখ সলনি কৰিছে বুলিও জানিব পৰা গৈছে৷ খেলুৱৈয়ে দুৰ্ব্যৱহাৰ কৰিলে খেল পথাৰৰ ভিতৰতে শাস্তি ঘোষণা কৰিব পাৰিব আম্পায়াৰে৷ ফুটবলৰ দৰে লাল কাৰ্ড দেখুৱাব পাৰিব ক্ৰিকেটত৷ নতুন নিয়ম কাৰ্যকৰী হ’ব দক্ষিণ আফ্ৰিকা বনাম বাংলাদেশ, পাকিস্তান বনাম শ্ৰীলংকা টেষ্টত৷

আইচিচিয়ে ‘এমচিচি লট’ছ অৱ ক্ৰিকেট’ ২০১৭-কোডত এই নিয়ম সমূহ অন্তৰ্ভুক্ত কৰিব৷ আইচিচিৰ মহা প্ৰৱন্ধক জিওফ আলৰ্ডাইচে আম্পায়াৰ সকলক লৈ এখন কৰ্মশালা অনুষ্ঠিত কৰা বুলি কৈ এমচিচিৰ প্ৰস্তাৱৰ ভিত্তিত নিয়ম সলনি কৰাৰ কথা উল্লেখ কৰে৷ আম্পায়াৰসকলক লৈ এই নিয়মসমূহ বুজাবলৈ কৰ্মশালা অনুষ্ঠিত কৰাৰ কথা উল্লেখ কৰি এতিয়া আমি প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ সাজু বুলি কয় জিওফে৷

বেট-বলৰ ভাৰসাম্য ৰক্ষা কৰিবৰ বাবে বেট-বলৰ কিছু সাল-সালনি কৰা বুলিও কয় আইচিচিৰ মহা প্ৰৱন্ধকগৰাকীয়ে৷ এতিয়াৰ পৰা আম্পায়ৰৰ হাতত থাকিব জোখ-মাখৰ ফিটা৷ বেটৰ থিকনেছ ৪০ মিলিমিটাৰৰ বেছি নকৰিবলৈ আৰু ডেপ্থ ৬৭ মিলিমিটাৰৰ বেছি নকৰিবলৈ নিৰ্দেশ দিয়ে৷ এই অনুযায়ী আম্পায়ৰৰ সৈতে বেট জুখিবলৈ ফিটা এপাতো থাকিব৷ আম্পায়ৰৰ সন্দেহ উপজিলে বেট জুখি চাব পাৰিব৷

নতুন নিয়ম মতে কোনো খেলুৱৈই দুৰ্ব্যৱহাৰ কৰিলে খেলৰ পৰা উলিয়াই দিয়াৰ লগতে আন তিনিখন মেচত অংশ গ্ৰহণ কৰিব নোৱাৰিব৷ আইচিচিয়ে এই নিয়মৰ নাম দিছে ‘লেভেল ফৰ অফেন্স’৷ ইয়াৰ পূৰ্বে কোড অৱ কণ্ডাক্ট ‘লেভেল-১’ আৰু ‘লেভেল-৩’ নীতি অৱলম্বন কৰিছিল আইচিচিয়ে৷

আম্পায়াৰক দুৰ্ব্যৱহাৰ, কাজিয়াত লিপ্ত হ'লে নতুন নিয়মৰ আধাৰত শাস্তিৰ সন্মুখীন হ’ব খেলুৱৈ৷ ডিআৰএছ নিয়ম অনুযায়ী আম্পায়াৰে শাস্তি দিলেও দলৰ ৰিভিউ কমি নাযায়৷ আম্পায়াৰে শাস্তি দিলেও যিকোনো মেচত ডিআৰএছৰ ক্ষেত্ৰত ৮০ অভাৰ হ'লে নতুনকৈ দুটি ৰিভিউ নাপায় দলটোৱে৷

যিকোনো ইনিংছত মাত্ৰ দুটি ৰিভিউ থাকিব বুলি কৈছে আইচিচিয়ে৷ এতিয়াৰ পৰা টি-২০টো ডিআৰএছ কাৰ্যকৰী হ’ব৷ ৰান আউটৰ ক্ষেত্ৰটো নতুন নিয়ম কাৰ্যকৰী কৰিব আইচিচিয়ে৷ ৰান লোৱাৰ সময়ত বেটছমেনগৰাকীয়ে ড্ৰাইভ কৰি ক্ৰিজ পালে নতুবা ক্ৰিজত বেট থৈ পুনৰ শূন্যত বেট উঠিলেও বল উইকেট লগালেও বেটছমেনেক আউট দিব নোৱাৰিব৷

পূৰ্বৰ নিয়ম অনূসৰি বেটছমেনে ক্ৰিজত বেট থোৱাৰ পাছত শূন্যত বেট উঠিলে বল উইকেটত লগালে আউট দিয়া হৈছিল৷ ষ্টাম্পিংৰ ক্ষেত্ৰটো একেই নিয়ম কাৰ্যকৰী কৰিছে আইচিচিয়ে৷ বেটছমেনৰ হেলমেটত লাগি গৈ ফিল্ডাৰে কেচ ধৰিলে আউট বুলি গণ্য কৰা হ’ব৷ এনেদৰেই এতিয়া নতুন ৰূপ লাভ কৰিব ক্ৰিকেটে।