দিল্লীঃ ভাৰতত নিৰ্মিত হ’ব আইফোন। প্ৰতিষ্ঠানটোৱে এই বিষয়ে চৰকাৰৰ সৈতে কথা পাতিছে৷ দেশৰ তথ্য প্ৰযুক্তি বিভাগৰ আগশাৰী বিষয়া অৰুণা সুন্দৰৰঞ্জনে কয় যে এপ্‌লে ভাৰতত প্ৰতিষ্ঠানটোৰ ভালেমান ডিভাইচ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে৷ তদুপৰি সামগ্ৰীসমুহৰ বিতৰণৰ দায়িত্বও ভাৰতত দিয়াৰ সম্ভাৱনা আছে বুলিও বিষয়াগৰাকীয়ে প্ৰকাশ কৰে৷ প্ৰতিষ্ঠানটোৱ ভাৰতত সদ্যহতে আইফোন এচ ই নিৰ্মাণ কৰিব৷