Printer-friendly version

বলিষ্ঠ আৰু বাস্তৱসন্মত অভিনয়ৰে সমগ্ৰ বিশ্বতে সুকীয়া স্থান দখল কৰিবলৈ সমৰ্থ হোৱা অভিনেতা ইৰফান খান আৰু নাই। বুধবাৰে পুৱাৰ ভাগত দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে। অস্কাৰজয়ী দুখনকৈ চলচিত্ৰত অভিনয় কৰা ইৰফান খানে অভিনয়ৰ বাবে কেবাবাৰো অসমলৈকো আহিছিল। ক্ৰিকেটাৰ হোৱাৰ সপোন দেখি মেকানিকৰ পৰা গৈ অপৰিসীম ত্যাগ আৰু কষ্টৰে অভিনয় জগতৰ শিখৰত আৰোহণ কৰিবলৈ সমৰ্থ এইগৰাকী অভিনেতাৰ জীৱনৰ বিষয়ে সবিশেষ সামৰি লিখিছে প্ৰাণজিৎ ডেকা


♦ মন মেলিছিল তেওঁ ক্ৰিকেটৰ পথাৰলৈ। সম্ভাৱনাৰ অনেক স্বপ্নই তেওঁক ক্ৰিকেটৰ জগতলৈ আগবাঢ়ি যোৱাৰ অনুপ্ৰেৰণা যোগাইছিল। পিছে সময়ৰ নিজস্ব গতিত শৈশৱৰ পৰাই ক্ৰিকেটাৰ হোৱাৰ স্বপ্নই খেদি ফুৰা এই ব্যক্তিগৰাকীয়েই কালক্ৰমত হৈ উঠিল এগৰাকী ব্যতিক্ৰমী ধাৰাৰ শক্তিশালী অভিনেতা। নিজৰ অভিনয় ক্ষমতা অকল দেশতেই সীমাৱদ্ধ নাৰাখি এই খ্যাতি বিয়পাই দিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ। এই সাফল্য কিন্তু থাউকতে অহা নাছিল। খ্যাতিৰ শীৰ্ষলৈ আৰোহণ কৰিবলৈ তেওঁ স্বীকাৰ কৰিবলগীয়া হৈছিল অপৰিসীম ত্যাগ আৰু কষ্ট।

সপোনৰ হাতত ধৰি হাঁড়ে-হিমজুৱে কষ্ট কৰিবলৈ সাজু হৈ নিজক গঢ় দিবলৈ বুলি এটা সময়ত তেওঁ ৰাজস্থানৰ জয়পুৰৰ পৰা ঢাপলি মেলিছিল সপোনৰ নগৰী মুম্বাইলৈ। কিন্তু লক্ষজনৰ স্বপ্নৰ মুম্বাইৰ বাস্তৱ এয়াই যে যিয়ে তিষ্ঠি থাকি পাৰিব সিহে জিলিকিব পাৰিব। এই বাস্তৱক অতিক্ৰম আগবাঢ়ি যাবলৈ অহৰহ প্ৰচেষ্টা চলোৱাটোৱেই আছিল মুম্বাইত বসবাস কৰা লোকসকলৰ মূলঃমন্ত্ৰ। এই মন্ত্ৰক তেওঁ বুজি পাইছিল। সূদুৰ ৰাজস্থানৰ পৰা আহি মুম্বাইয়ে তেওঁক আঁকোৱালি ল’বনে নাই সেই লৈ এটা সময়ত সন্দিহানো হৈ পৰিছিল তেওঁ। প্ৰথম অৱস্থাত মুম্বাইত টিকি থাকিবলৈ ইৰফানে আৰম্ভ কৰিছিল জীৱিকাৰ অন্য এক পথ। এয়াৰ কণ্ডিচনাৰ মেৰামতি কৰা এগৰাকী মেকানিক হিচাপে তেওঁ নিজৰ জীৱিকাৰ আৰম্ভণি ঘটাইছিল মুম্বাইত।

এনে এটা দিনো আহিছিল যে, এই ব্যক্তিগৰাকীয়ে সেই সময়ৰ ছুপাৰ ষ্টাৰ অভিনেতা ৰাজেশ খান্নাৰ বাসগৃহত গৈ এয়াৰ কণ্ডিচনাৰ মেৰামতি কৰি আহিছিল। সেইদৰে অতীত জীৱন তিক্ততা পূৰ্ণ হৈ উঠাৰ বাবেই এটা সময়ত তেওঁ অভিনয়ৰ জগত অৰ্থাৎ সৰু পৰ্দাৰ পৰা অব্যাহতি লম বুলিও ঠিৰাং কৰিছিল। সেয়া আছিল ১৯৯৪ চনৰ পৰা ১৯৯৯ চনৰ সময়ছোৱাৰ কথা। 

প্ৰকৃততে ভাল অভিনয়ৰ সুযোগৰ অপেক্ষাত আছিল যদিও তেওঁৰ ভাগ্যৰ দুৱাৰ সেই সময়লৈ ভালদৰে মুকলি হোৱা নাছিল।অৱশ্যে ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ডিপ্ল'মাধাৰী এইগৰাকী অভিনেতাই ১৯৮৪চনত শিক্ষানুষ্ঠানত যোগদানৰ সময়ত প্ৰতিভাৰ বলতেই বৃত্তি লাভ কৰিছিল। এন এছ ডি চি ৰ শেষ বৰ্ষৰ ছাত্ৰ হিচাপে অৰ্থাৎ ১৯৮৮ চনত এই শিক্ষাৰ্থী গৰাকীৰ সাক্ষাৎ ঘটিছিল প্ৰসিদ্ধ চলচ্চিত্ৰ নিৰ্মাতা মীৰা নায়াৰৰ সৈতে। তেওঁৱেই এই গৰাকী ব্যক্তিক 'ছালাম মুম্বাই' চলচ্চিত্ৰত অভিনয়ৰ সুযোগ প্ৰদান কৰিছিল।

এনে এক সুযোগেই তেওঁক কিছু পৰিমাণে বলিউডৰ ফিল্ম ইণ্ডাষ্ট্ৰীত চিনাকি কৰায় দিয়াত সহায় কৰিছিল। উক্ত চিনেমাখনত সাৱলীল অভিনয় কৰা এইগৰাকী অভিনেতাই আছিল চাহেবজাদে ইৰফান খান। এটা সময়ত কামৰ সন্ধানত মুম্বাইলৈ ঢাপলি মেলা অভিনেতা ইৰফান খান সমগ্ৰ আন্তৰ্জাতিক চলচ্চিত্ৰৰ এক সুপৰিচিত নাম। যি নামে তেওঁলৈ লৈ আহিছিল অপাৰ সফলতা। 

বলীউড কিম্বা হলীউডত নিজস্ব অভিনয়ৰ চাপ যুগ যুগৰ বাবে এৰিবলৈ সক্ষম হোৱা এই প্ৰখ্যাত অভিনেতাগৰাকীৰ আজি পুৱা মাত্ৰ ৫৪ বছৰ বয়সত মৃত্যু হয়। বিগত কেবামাহ ধৰি কল’নৰ সংক্ৰমণ আৰু নিউৰ'এণ্ডক্ৰাইনৰ দৰে জটিল ৰোগত আক্ৰান্ত হৈ থকা শক্তিশালী অভিনেতা ইৰফানৰ মৃত্যুই বলীউড জগতৰ অপূৰণীয় ক্ষতি সাধন কৰিলে। যথেষ্ট চিকিৎসাৰ অন্তত আগতকৈ কিছু সুস্থ হৈ উঠা ইৰফানে আজি নিয়তিৰ ওচৰত হাৰ মানিলে। তেওঁৰ এই মহাপ্ৰস্থানে একপ্ৰকাৰ উকা কৰি থৈ গ'ল সমগ্ৰ বলীউড।

নক'লেও হ'য় যে,তেওঁৰ সেই জীৱন্ত অভিনয়ৰ চাপ সকলো চিনে দৰ্শকৰ মন মগজুত আজিও আন্দোলিত কৰি আহিছে। ভাল পাইছিল তেওঁৰ অভিনয় সকলো স্তৰৰ লোকেই। এক প্ৰকাৰে একাত্ম হৈ পৰিছিল চিনেমাৰ নিজস্ব চৰিত্ৰৰ সৈতে ইৰফান। যাৰবাবেই ইখনৰ পিচত সিখনকৈ সফল চলচ্চিত্ৰ উপহাৰ দি গৈছিল দৰ্শকক। তেওঁৰ অভিনয়ে সদায়ে সকলোকে মোহাচ্ছন্ন কৰিছিল। 'হিন্দী মিডিয়াম'ৰ দৰে বলিউডৰ অন্য ধাৰাৰ সফল চলচ্চিত্ৰত অভিনয় কৰা ইৰফানৰ অভিনীত শেহতীয়া চিনেমাখন আছিল 'অংৰেজী মিডিয়াম'।

১৯৬৬ চনৰ ৭ জানুৱাৰীত জন্মগ্ৰহণ কৰা অভিনেতা ইৰফান খানে নিজৰ নামত থকা ইংৰাজী 'আৰ' আখৰটোৰ সৈতে নিজৰ পচন্দ অনুসৰি আৰু এটা 'আৰ' বেছিকৈ সংযোগ কৰিও লৈছিল। আনহাতে বলীউডৰ এই দীৰ্ঘকায়ী অভিনেতাগৰাকীৰ অভিনীত হিন্দী চিনেমা 'লাঞ্চবক্স' হৈছে একমাত্ৰ ভাৰতীয় চলচ্চিত্ৰ যি নেকি, ট'ৰন্টো ফিল্ম ক্ৰিটিকচ্ এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি এই চিনেমাখনেই কাঁ চলচ্চিত্ৰ মহোৎসৱত 'ক্ৰিটিকচ ভিৱাৰ্চ চয়ছ এৱাৰ্ডো' লাভ কৰিছিল।

আনহাতে ইৰফানে শ্লামডগ মিলনিয়াৰত কৰা শক্তিশালী অভিনয়ত মুগ্ধ হৈয়ে কোডাক থিয়েটাৰৰ বাহিৰত (অস্কাৰৰ মঞ্চৰ কাষত)তেওঁক শুভেচ্ছা জনাবলৈ ৰৈ আছিল প্ৰখ্যাত হলিউডৰ অভিনেত্ৰী জুলিয়া ৰবাৰ্টচ। সেইদৰে ইৰফান খানেই হৈছে, একাডেমী বঁটা প্ৰাপক দুখন চলচ্চিত্ৰ 'শ্লামডগ মিলনিয়াৰ' (২০০৮) আৰু 'লাইফ অব পাই'(২০১২)ৰ দৰে চিনেমাত অভিনয় কৰা প্ৰথমগৰাকী বলীউডৰ অভিনেতা। ইফালে ২০১৪ চনত তেওঁ এছিয়াৰ শ্ৰেষ্ঠ অভিনেতাৰ খিতাপ লাভ কৰিছিল। নিজৰ সুদীৰ্ঘ ত্ৰিশ বছৰীয়া কেৰিয়াৰত এই গৰাকী জনপ্ৰিয় অভিনেতাই আমাক উপহাৰ দি থৈ গৈছে প্ৰায় শতাধিক মননশীল চলচ্চিত্ৰ। প্ৰতিখন চলচ্চিত্ৰত কৰা তেওঁৰ এই অভিনয়ক সদায়েই স্মৰণ কৰি যাব চিনেমাপ্ৰেমীয়ে।

২০১১ চনত পদ্মশ্ৰী সন্মানেৰে সন্মানিত ইৰফান খানৰ কেবাখনো উল্লেখযোগ্য চলচ্চিত্ৰ হৈছে, মকবুল, পিকু, বিল্লু, হাচিল, পান সিং তোমৰ, লাইফ ইন এ মেট্ৰ, মাদাৰী আদি। আকৌ হলীউডৰ চিনেমাৰ ভিতৰত উল্লেখযোগ্য হৈছে জুৰাচিক ৱৰ্ল্ড আৰু দ্য এমেজিং স্পাইডাৰ মেন। সেইদৰে সৰু পৰ্দাত কৰা কেবাখনো জনপ্ৰিয় ধাৰাবাহিক হৈছে চন্দ্ৰকান্তা, ভাৰত এক খৌজ, জয় হনুমান আদি।

অসমৰ সৈতেও আছিল প্ৰসিদ্ধ অভিনেতাগৰাকীৰ সুসম্পৰ্ক। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ অমৰ সৃষ্টি 'মৃত্যুঞ্জয়'ৰ আধাৰত দূৰদৰ্শন (ডিডি নেশ্যনেল)ৰ বাবে নিৰ্মিত ধাৰাবাহিকত ধনপুৰৰ চৰিত্ৰটোত অভিনয় কৰিছিল ইৰফান খানে। ধাৰাবাহিকখন পৰিচালনা কৰিছিল অসমৰ যশস্বী ছবি পৰিচালক চাৰুকমল হাজৰিকাই। সেই ধাৰাবাহিকখনত ইৰফান খানৰ লগত অভিনয় কৰিছিল অভিনেত্ৰী ভাগীৰথীয়েও। অৱশ্যে ধাৰাবাহিকখন কোনো কাৰণত সম্পূৰ্ণ সম্প্ৰচাৰ নোহোৱাকৈয়ে ৰৈ গ’ল। এনেদৰে ৯০ৰ দশকত দূৰদৰ্শন (ডিডি নেশ্যনেল/পিপিচি এনি)ৰ কমিছনড প্ৰগ্ৰেমত ভাগ ল’বলৈ কেবাবাৰো অসমলৈ আহিছিল অভিনেতাগৰাকী।

দুটি সন্তানৰ পিতৃ অভিনেতা ইৰফানে লেখিকা তথা সহযোগী এন এছ ডি চিৰ শিক্ষাৰ্থী সুতাপা শিকদাৰৰ সৈতে ১৯৯৫ চনত আৱদ্ধ হৈছিল বিবাহপাশত। এইগৰাকী প্ৰখ্যাত অভিনেতাৰ অকাল বিয়োগত মৰ্মাহত হৈ পৰিছে সমগ্ৰ দেশবাসী। এই লেখাৰ জৰিয়তে আমিও শেষ শ্ৰদ্ধাঞ্জলি জনাইছো মৃত্যুৰ পিছতো অমৰ হৈ থকাৰ মন্ত্ৰ শিকাই যোৱা অভিনেতাগৰাকীলৈ।

(লেখাটোৰ কভাৰত ব্যৱহাৰ কৰা ফটোখন চেন্ট্ৰেল বৰ্ড অব ফিল্ম চাৰ্টিফিকেশ্যনৰ প্ৰাক্তন সদস্য তথা অসমৰ চলচিত্ৰ জগতৰ সৈতে জড়িত ববিতা শৰ্মাৰ ফেচবুক পেজৰ পৰা সংগ্ৰহ কৰা হৈছে। লেখকৰ ফোন নংঃ 9854342902 )