মুম্বাইঃ কল’ন ইনফেকশ্যনত আক্ৰান্ত হৈ মাত্ৰ ৫৪ বছৰ বয়সতে গুচি গ’ল কিম্বদন্তি অভিনেতা ইৰফান খান। মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পতালত বুধবাৰে পুৱা শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। শ্লামডগ মিলিয়নাৰ, লাইফ অব পাইৰ দৰে ছবিত অভিনয় কৰি ভাৰতৰ লগতে সমগ্ৰ বিশ্ববাসীৰ হৃদয় জয় কৰিবলৈ সমৰ্থ হোৱা এইগৰাকী অভিনেতাৰ অকালতে জীৱন বন্তি নুমাই পেলোৱা কি এই কল’ন ইনফেকশ্যন?  

কল’ন অৰ্থাৎ আমাৰ শৰীৰৰ পাচনতন্ত্ৰৰ অংশ বৃহদন্ত্ৰ। এই বৃহদন্ত্ৰৰ ভিতৰত যেতিয়া ঘা হয়, তেতিয়া বৃহদন্ত্ৰ ফুলি যায়, ৰঙা হৈ পৰে। তেতিয়া তাক কোৱা হয় ক’লাইটিছ। আমি খোৱা খাদ্যসমূহ হজম হোৱাৰ পিছত এই বৃহদন্ত্ৰৰ মাজেৰেই পায়ুপথলৈ আহে। কিন্তু যেতিয়া বৃহদন্ত্ৰতেই ঘা হৈ থাকে তেন্তে সমগ্ৰ প্ৰক্ৰিয়াটোৱে বাধাপ্ৰাপ্ত হয় আৰু জটিল সমস্যাই দেখা দিয়ে। ইয়াৰ ফলত শৰীৰৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায় আৰু বৃহদন্ত্ৰৰ ভিতৰত জ্বলা-পোৰা অনুভৱ হয়।

এই ৰোগবিধৰ ভাগ দুটা। এটা হৈছে আলছাৰেটিভ ক’লাইটিছ আৰু আনটো ক্ৰন’ছ ডিজিছ। আলছাৰেটিভ ক’লাইটিছৰ ক্ষেত্ৰত পায়ুপথৰ পৰা আৰম্ভ কৰি গোটেই বৃহদন্ত্ৰত সৰু সৰু ঘা বা আলছাৰ হয়। ক্ৰন’ছ ডিজিছত আকৌ বৃহদন্ত্ৰৰ লগতে ক্ষুদ্ৰান্তলৈকো ঘা বিয়পি পৰে। ঘাবোৰ বহুত ডাঙৰ আৰু গভীৰ হয়।

সাধাৰণতে খোৱা-বোৱাত অনিয়মৰ বাবেই আলছাৰ হয় বুলি বহুতে ধাৰণা কৰে। অৱশ্যে আলছাৰৰ ইয়েই একমাত্ৰ কাৰণ নহয়। চিকিৎসা বিজ্ঞানীসকলৰ মতে এই ৰোগ হৈছে যথেষ্ট পৰিমাণে বংশগত। এই ৰোগ ২ বছৰ বয়সৰ পৰা শিশুৰ পৰা আৰম্ভ কৰি একেবাৰে ৮০ বছৰীয়া লোকৰো হ’ব পাৰে। ইয়াৰ লক্ষণসমূহ হৈছে সঘন পেটৰ বিষ, সঘন পায়খানা, তেজযুক্ত শৌচ আৰু দ্ৰুতগতিত ওজন হ্ৰাস।

ক’লাইটিছ ইনফেকশ্যন আৰম্ভণিতে ধৰা পৰিলে কিছুদিন এণ্টিবায়’টিক খালেই ৰোগী সুস্থ হৈ উঠে। কিন্তু আলছাৰেটিভ ক’লাইটিছ হ’লে ৰোগৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰে চিকিৎসা। অধিক জটিল হ’লে ৰোগীক ষ্টেৰ’ইড দিয়া হয়। কোনো ঔষধেই কাম নিদিলে শেষ অস্ত্ৰ হিচাপে অস্ত্ৰোপচাৰ কৰি সম্পূৰ্ণ কল’ন বা বৃহদন্ত্ৰকেই কাটি পেলোৱা হয়। আনহাতে প্ৰতিৰোধ ক্ষমতাকে আদি কৰি বিভিন্ন কাৰণত পৰিস্থিতিৰ অধিক অৱনতি ঘটিলে ৰোগীক সুস্থ কৰি তোলাতো অসম্ভৱ হৈ পৰে।