নাগপুৰঃ সাৱধান! এতিয়া আপোনাৰো আশে-পাশে থাকিব পাৰে আই এছ আইৰ এজেন্ট৷ সন্ত্ৰাস বিয়পোৱা এওঁলোকেই সমগ্ৰ দেশতেই কোনোবা একোণত বহি আপোনাৰ চৌপাশৰ গোপন বাৰ্তা প্ৰেৰণ কৰে শত্ৰু ৰাষ্ট্ৰলৈ৷ 

ইতিমধ্যে মুম্বাইৰ আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰৰ ভালদাৰপুৰত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ দুজন এজেন্টক গ্ৰেপ্তাৰ কৰে৷ মুম্বাইৰ বিশেষ আৰক্ষী দল আৰু নাগপুৰ আৰক্ষীৰ দলে অভিযান চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰু আন তিনিজন সন্দহযুক্ত লোক সন্ধানহীন হৈ আছে।

কেইবাদিনো ধৰি আই এছ আইৰ চোৰাংচোৱা দলটো মহাৰাষ্ট্ৰ চহৰত গোপনে বাস কৰি আছিল। আনহাতে দলটোৱে বাহৰ পাতি থকা স্থানৰপৰা উদ্ধাৰ কৰা বিভিন্ন তথ্য-পাতিৰ আলমত আৰক্ষীয়ে তদন্তৰ আৰম্ভ কৰিছে৷ 

এক গোপন সূত্ৰৰ পম খেদি আই এছ আইৰ দলটোৰ শ্লীপৰ চেলে সমগ্ৰ দেশতে সন্ত্ৰাস বিয়পোৱাৰ পৰিকল্পনা কৰিছিল বুলি অনুমান কৰিছে। 

উল্লেখ্য, নিশান্ত অাগৰৱাল নামৰ আন এজন ডি আৰ ডি অ’ৰ বিজ্ঞানীয়ে ফেচবুকত নেহা শৰ্মা আৰু পূজা ৰঞ্জন নামেৰে ভুৱা একাউন্ট খুলি পাকিস্তানলৈ বাৰ্তা প্ৰেৰণ কৰা কাৰ্যত লিপ্ত থকাৰ অপৰীধত কিছুদিনৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল৷