ডিজিটেল ডেস্কঃ সুদীৰ্ঘ আঢ়ৈটা দশকৰ মুৰত ভাৰতৰপৰা ইজৰাইল ভ্ৰমণৰ বাবে সাজু হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাবে আগ্ৰহেৰে বাট চাই ৰৈছে দেশখনৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। নেতায়ানহুক হিব্ৰু ভাষাত অভিনন্দন যাঁচি টুইটাৰত মোদীয়ে টুইট কৰাৰ পিছতে অধীৰ আগ্ৰহেৰে বাট চাই ৰোৱাৰ কথা ব্যক্ত কৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰীজনে। 

'মোৰ বন্ধু, ছুটীৰ বাবে অভিনন্দন যঁচাৰ কাৰণে ধন্যবাদ। আপোনাৰ ঐতিহাসিক সাক্ষাতৰ বাবে ইজৰাইলবাসীয়ে আগ্ৰহেৰে বাট চাই ৰৈছে’- এনেদৰে নিজৰ আনন্দ ব্যক্ত কৰে ইজৰাইলী প্ৰধানমন্ত্ৰীজনে। 

২০১৪ বৰ্ষৰ ছেপ্তেম্বৰ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বৈঠকত পৰস্পৰে সাক্ষাত হৈছিল। ২০০৬ বৰ্ষত গুজৰাটৰ মুখ্যমন্ত্ৰী ইজৰাইল ভ্ৰমণত যোৱা মোদীয়ে নেতানিয়াহুক লগ পোৱাৰ পিছতে সম্পৰ্ক পুনৰ গঢ়ি উঠে। ১৯৯২ চনতে ভাৰত আৰু ইজৰাইলৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ আৰম্ভণি হৈছিল।

উল্লেখ যে শেহতীয়াকৈ ভাৰতে মধ্যপ্ৰাচ্যৰ দেশখনৰ সৈতে প্ৰায় ১২ হাজাৰ কোটি টকাৰ প্ৰতিৰক্ষা সংক্ৰান্ত চুক্তিত স্বাক্ষৰ কৰিছে। এই চুক্তিৰ অধীনত ভাৰতে ইজৰাইলৰপৰা মিছাইল ডিফেন্স চিষ্টেম আমদানী কৰিব।

এই প্ৰযুক্তিৰ জৰিয়তে শত্ৰুপক্ষৰ বিমান, মিছাইল আৰু ড্ৰোণ ৭০ কিলোমিটাৰৰ পৰিসীমাৰ ভিতৰত লক্ষ্যভেদ কৰিবপৰা যাব। উল্লেখ্য যে ভাৰতক প্ৰতিৰক্ষা বিষয়ক যোগানৰ ক্ষেত্ৰত প্ৰথম তিনিটা স্থানৰ ভিতৰত আছে ইজৰাইল। 

মোদীৰ প্ৰস্তাৱিত ভ্ৰমণে দেশখনৰ সৈতে প্ৰতিৰক্ষা বিষয়ক ব্যৱসায়িক সুচলতা বৃদ্ধি কৰাৰ লগতে আন্তৰাষ্ট্ৰীয় সম্পৰ্ক উন্নীত কৰিব বুলি আশা কৰা হৈছে।