ৰোমঃ চীনৰ পিছতে কৰ’না মহামাৰীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰা দেশখনেই হৈছে ইটালী। ইউৰোপ মহাদেশৰ দেশসমূহৰ ভিতৰত ইটালীতেই প্ৰথমে কৰ’নাই ধাৰণ কৰিছিল ভয়াৱহ ৰূপ। মহামাৰী কৰ’নাত দেশখনত ২ লাখ ৩৬ হাজাৰতকৈ অধিক লোক আক্ৰান্ত হোৱাৰ লগতে প্ৰাণ হেৰুৱাইছে অতি কমেও ৩৪ হাজাৰ লোকে। 

কি কাৰণত ইটালীত কৰ’নাই এনে ভয়াৱহ ৰূপ ল’বলৈ পালে আৰু কৰ’না ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ চৰকাৰে সঠিক ব্যৱস্থা কৰিছিল নে নাই সেয়া যাতে নাগৰিকসকলে জানিব পাৰে তাৰ বাবে শুকুৰবাৰে বিচাৰকে (prosecutors)ৰ প্ৰশ্নৰ সন্মুখীন হ’বলৈ বাধ্য হয় দেশখনৰ প্ৰধানমন্ত্ৰী জিউস্পি কণ্ট আৰু স্বাস্থ্যমন্ত্ৰী ৰবাৰ্ট’ স্পাৰেঞ্জা। প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰী  তিনিওগৰাকী শীৰ্ষ নেতাক দেশখনৰ উত্তৰ প্ৰান্তৰ নগৰ বাৰ্গামোৰ আদালতৰ বিচাৰকে কেবাঘণ্টা ধৰি প্ৰশ্ন কৰে।

ৰয়টাৰ্ছত প্ৰকাশিত বাতৰি মতে, কৰ’না মহামাৰীৰ আৰম্ভণি অৱস্থাত এই নগৰখনত লকডাউন ঘোষণা কৰা হোৱা নাছিল। ফলত দ্ৰুত গতিত ভাইৰাছবিধে নগৰখনৰ হাজাৰ হাজাৰ লোকক সংক্ৰমিত কৰিছিল। এই লৈ বাৰ্গামোৰ নগৰৰ প্ৰছিকিউটৰে ৰাজধানী ৰোমত উপস্থিত হৈ প্ৰধানমন্ত্ৰী কণ্টক ৩ ঘণ্টা সময় ধৰি সোধ-পোচ কৰে।

পিছত সংবাদ মাধ্যমৰ আগত মুখপাত্ৰৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে যে সমগ্ৰ বিচাৰ প্ৰক্ৰিয়াত তেওঁ সম্পূৰ্ণভাৱে সহযোগিতা আগবঢ়াই যাবলৈ প্ৰস্তুত আছে। 'মই বিচাৰকক যিমানখিনি জানো সেই সকলোখিনি বিৱৰি কম। যদিহে মোক ব্যক্তিগতভাৱেও তদন্তৰ আওতালৈ অনা হয় তেতিয়াও মই সাজু আছো।’-ইটালীৰ সংবাদ মাধ্যমৰ আগত প্ৰধানমন্ত্ৰী কণ্টে কয়।

একেদৰে স্বাস্থ্যমন্ত্ৰী স্পাৰেঞ্জায়ো বিচাৰ প্ৰক্ৰিয়াও পূৰ্ণ সহযোগিতাৰ আশ্বাস প্ৰদান কৰে। তেওঁ কয়, 'আমি সংক্ৰমণ ৰোধৰ বাবে কি কি কৰিছিলো সেই সকলোখিনি জনাম। যদি কিবা আসোৱাহ ৰৈ গৈছে তেন্তে সেয়া মানি ল’বই লাগিব। কিন্তু আমি সাধ্যানুযায়ী কোনো আসোৱাহ ৰৈ নোযোৱাকৈ কাম কৰি গৈছিলো।’


•প্ৰধানমন্ত্ৰীক সোধ-পোচ কৰি ওলাই অহাৰ পিছত প্ৰছিকিউটৰ ক্ৰিষ্টিনা

আনহাতে, ৩ ঘণ্টা ধৰি সোধ-পোছ কৰাৰ অন্তত প্ৰছিকিউটৰ মাৰিয়া ক্ৰিষ্টিনা ৰ’টাই উপস্থিত সাংবাদিকসকলক জানিবলৈ দিয়ে যে সকলো আইনৰ নিয়মমতে হৈ গৈছে আৰু দেশৰ বিচাৰ ব্যৱস্থাৰ প্ৰতি সন্মান জনাই প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ে সহযোগিতা আগবঢ়াইছে। ইফালে, কৰ’নাক লৈ প্ৰধানমন্ত্ৰীগৰাকী বিচাৰ প্ৰক্ৰিয়াৰ আওতালৈ অহাৰ পিছতে দেশখনৰ ৰাজনীতিত ইয়াৰ স্পষ্ট প্ৰভাৱ পৰাৰ সম্ভাৱনাই দেখা দিছে। 

বিচাৰ প্ৰক্ৰিয়ালৈ কিয় আহিছে প্ৰধানমন্ত্ৰী?

দেশখনৰ লোম্বাৰ্ডী প্ৰদেশৰ বাৰ্গামো চহৰৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যুমুখত পৰা লোকসকলৰ পৰিয়ালে অভিযোগ কৰিছে যে চৰকাৰৰ ভুলৰ বাবেই তেওঁলোকে আপোনজনক হেৰুৱাবলৈ বাধ্য হ’ল। এই অভিযোগ উত্থাপনেৰে ভুক্তভোগী পৰিয়ালসমূহে আদালতৰ দ্বাৰস্থ হোৱাত লোম্বাৰ্ডীৰ স্থানীয় চৰকাৰ-প্ৰশাসনৰ লগতে কেন্দ্ৰ চৰকাৰ তথা প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীয়ো তদন্তৰ আওতালৈ আহে।

ভুক্তভোগী পৰিয়ালসমূহে দাবী কৰিছে যে লোম্বাৰ্ডীত সময়মতে লকডাউন ঘোষণা কৰা হ’লে তেওঁলোকে আপোনসকলক হেৰুৱাবলগীয়া নহ’লহেতেন। এই অভিযোগৰ ভিত্তিত ইতিমধ্যে প্ৰছিকিউটৰে লোম্বাৰ্ডী অঞ্চলৰ স্থানীয় চৰকাৰৰ মূৰব্বী আৰু স্বাস্থ্য বিভাগৰ মূৰব্বীক সোধ-পোছ কৰিছে।

লোম্বাৰ্ডীৰ অঞ্চলৰ স্থানীয় চৰকাৰ আৰু কেন্দ্ৰত থকা চৰকাৰ দুয়োখনেই বেলেগ বেলেগ দলৰ হোৱাত বিষয়টোক লৈ ৰাজনীতি কৰাৰো অভিযোগ উত্থাপিত হৈছে। প্ৰধানমন্ত্ৰী কণ্টে বিৰোধী দলৰ শাসনত থকা লোম্বাৰ্ডীৰ স্থানীয় চৰকাৰলৈ দোষ ঠেলিবলৈ চেষ্টা চলোৱাৰ বিপৰীতে স্থানীয় চৰকাৰে বিষয়টোক লৈ ৰোম অৰ্থাৎ কেন্দ্ৰক দোষাৰোপ কৰা দেখা গৈছে। 

লোম্বাৰ্ডীৰ শাসনত থকা লীগ পাৰ্টীৰ মূৰব্বী মেটিঅ’ ছালভিনিয়ে টুইটযোগে কৈছে যে কৰ’নাৰ সংক্ৰমণৰ আৰম্ভণি অৱস্থাত বাৰ্গামোত তথাকথিত ৰেড জ’ন ঘোষণা নকৰাৰ সিদ্ধান্ত ৰোমেই গ্ৰহণ কৰিছিল। 'ইয়াৰ সম্পূৰ্ণ দায়িত্ব ৰোমে ল’ব লাগিব। আমি আশা কৰিছো প্ৰধানমন্ত্ৰী কণ্টে ভুক্তভোগী বাৰ্গামোবাসীৰ ওচৰত ভুলৰ বাবে ক্ষমা বিচাৰিব।’-ছালভিনিয়ে কয়।

উল্লেখ্য যে, ইটালীত সম্প্ৰতি কৰ’নাৰ সক্ৰমণ নিয়ন্ত্ৰণলৈ আহিছে আৰু দৈনিক মৃত্যুৰ সংখ্যাও কমি গৈছে। তৎসত্বেও যোৱা ৩ মাহত কৰ’নাৰ ফলত উদ্ভৱ হোৱা ভয় আৰু আতংকময় পৰিস্থিতিৰ পৰা এতিয়াও মুক্ত হ’ব পৰা নাই দেশখনৰ নাগৰিকসকল। এনে পৰিপ্ৰেক্ষিতত এতিয়া আপোনজনক হেৰুওৱা পৰিয়ালৰ সদস্যসকলে সন্মিলিত হৈ ন্যায় বিচাৰি চৰকাৰৰ বিৰুদ্ধে দ্বাৰস্থ হৈছে আদালতৰ।