কোকৰাঝাৰঃ কোকৰাঝাৰ জিলা কাৰাগাৰত সংঘটিত হৈ থকা অবৈধ কাৰ্যকলাপৰ তদন্ত বিচাৰি  অাজি কোকৰাঝাৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিৎ কুমাৰ বৰুৱাই কোকৰাঝাৰ সদৰ থানাত এক এজাহাৰ দাখিল কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

জিলা মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিৎ কুমাৰ বৰুৱাই এজাহাৰত উল্লেখ কৰা মতে ২৭ ফেব্ৰুৱাৰীৰ বিয়লি ৪:০০বজাত তেওঁ জেল পৰিদৰ্শন কৰাৰ সময়ত কেবাগৰাকী কয়দীয়ে গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল । জিলা কাৰাগাৰত বন্দী হৈ থকা কয়েদী ক্ৰমে দিলীপ ৰায়, মংগল হেমব্ৰম, দুখীয়া কুজুৰে জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আগত তেওঁলোকক জেলৰ কৰ্মচাৰীয়ে প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ উপৰিও জোনাছ মুৰ্মু, জয়নাল আলি, অচিন্ত বসুমতাৰী, আখাৰামে ধৰি অান কেবাজন কয়েদীয়ে পৰিয়ালৰ লোক তেওঁলোকক দৰ্শন কৰিব আহিলে কাৰাগাৰ কৰ্তৃপক্ষই দৰ্শনাৰ্থীৰ পৰা টকা লয় বুলিও গুৰুতৰ অভিযোগ কৰে।

জিলা কাৰাগাৰৰ ভিতৰত কয়দীক প্ৰহাৰ কৰা , কয়েদীৰ দৰ্শনাৰ্থীৰ পৰা টকা বিচৰা আৰু লোৱা আদি অভিযোগসমুহ জিলা মুখ্য ন্যায়িক দণ্ডাধীশে নিজ মুখে কয়েদীৰ পৰা শুনি অাজি কোকৰাঝাৰ সদৰ থানাত এজাহাৰ দাখিল কৰি আৰক্ষীক ঘটনাটো তদন্ত কৰিবলৈ আৰু জিলা কাৰাগাৰত তেনে অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ জিলা মুখ্য ন্যায়িক দণ্ডাধীশ অভিজিৎ কুমাৰ বৰুৱাই এজাহাৰত উল্লেখ কৰে। 

এগৰাকী জিলা মুখ্য ন্যায়িক দণ্ডাধীশে জিলা কাৰাগাৰ পৰিদৰ্শন কৰাৰ পিছত জেল কৰ্তৃপক্ষৰ বিৰুদ্ধে তদন্ত কৰিবলৈ থানাত এজাহাৰ দাখিল কৰা ঘটনাই প্ৰকৃততে জেলৰ ভিতৰৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে ।