জয়পুৰঃ কৰ’না ভাইৰাছত আক্ৰান্ত লোকক সুস্থ কৰি তুলিব পাৰে বুলি দাবী কৰি কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ৰ অনুমতি অবিহনেই বজাৰত কৰ’নিল নামৰ আয়ুৰ্বেদিক ঔষধ মুকলি কৰিছিল যোগগুৰু বাবা ৰামদেৱৰ সংস্থা পতঞ্জলিয়ে। ইয়াৰ পিছতে বিষয়টোক লৈ দেশজুৰি সূত্ৰপাত হয় বিতৰ্কৰ। এনে বিতৰ্কৰ মাজতে শনিবাৰে যোগগুৰুগৰাকীৰ বিৰুদ্ধে ৰাজস্থানত দাখিল কৰা হৈছে এফআইআৰ।

ৰামদেৱৰ লগতে পতঞ্জলি আয়ুৰ্বেদৰ চিইঅ' আচাৰ্য বালকৃষ্ণ, জয়পুৰৰ নেশ্যনেল ইনষ্টিটিউট অব মেডিকেল এণ্ড ৰিচাৰ্ছৰ সঞ্চালক বিএছ টোমৰ, তেওঁৰ পুত্ৰ অনুৰাগ টোমৰ আৰু জ্যেষ্ঠ বিজ্ঞানী অনুৰাগ ভাৰ্শ্বনেৰ বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ। জয়পুৰৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত অশোক গুপ্তাই জনোৱা মতে শনিবাৰে নগৰখনৰ জ্যোতিনগৰ থানাত ৰুজু হৈছে এই গোচৰ।

কোনে ৰুজু কৰিছে গোচৰ?

আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা মতে, ৰাজস্থান উচ্চ ন্যায়ালয়ৰ এগৰাকী অধিবক্তাই ৰুজু কৰিছে উক্ত গোচৰ। ৰামদেৱৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা অধিবক্তাজন হৈছে বলৰাম জাখৰ। তেওঁৰ লগতে ভিন্ন থানাত আৰু বহু লোকে বাবা ৰামদেৱসহ অন্যানসকলৰ বিৰুদ্ধে জনতাক বিভ্ৰান্ত কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে বুলি জানিবলৈ দিছে আৰক্ষী আয়ুক্তগৰাকীয়ে।

'বাবা ৰামদেৱসহ ৫ জনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৪২০ ধাৰাৰ লগতে ড্ৰাগ এণ্ড মেজিক ৰিমেডিছ (আপত্তিকৰ বিজ্ঞাপন) আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। নিজৰ লাভালাভৰ বাবে তেওঁলোকে উদ্দেশ্যপ্ৰণোদিতভাৱে মানুহক বিভ্ৰান্ত কৰিছে। এয়া নিশ্চিতভাৱে এক জঘন্য অপৰাধ।’-গোচৰ ৰুজু কৰাৰ অন্তত এইদৰে কয় অধিবক্তা জাখৰে।

উল্লেখ্য যে, সমগ্ৰ বিশ্বতে যোৱা প্ৰায় ৫ মাহ ধৰি কৰ’নাৰ প্ৰতিষেধক প্ৰস্তুতৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে বিজ্ঞানীসকলে। আগশাৰীৰ মেডিকেল ৰিচাৰ্ছ ইনষ্টিটিউটসমূহে একাধিক ট্ৰায়েল সম্পন্ন কৰিছে। কিন্তু এই পৰ্যন্ত ১০০ শতাংশ নিশ্চয়তা থকা কোনো ঔষধ বা প্ৰতিষেধক বজাৰলৈ অহা নাই। এনে পৰিস্থিতিত যোৱা ২৩ জুনত হৰিদ্বাৰৰ পতঞ্জলি ৰিচাৰ্ছ ইনষ্টিটিউটত অনুষ্ঠিত কৰা সংবাদমেলত কৰ’না ভাইৰাছৰ ঔষধ কৰ’নিল (coronil) উদ্ভাৱন কৰা বুলি বাবা ৰামদেৱে দাবী কৰাত দেশজুৰি সৃষ্টি হয় ব্যাপক প্ৰতিক্ৰিয়াৰ। সংবাদমেলত এই ঔষধ সেৱন কৰিলে কৰ’নাত আক্ৰান্ত লোক মাত্ৰ ৩ দিনতে সুস্থ হৈ উঠিব বুলিও দাবী কৰিছিল বাবা ৰামদেৱে। 

সংবাদমেলত বাবা ৰামদেৱৰ সংস্থা পতঞ্জলিয়ে আৰু দাবী কৰি কয়, 'অহা এসপ্তাহৰ ভিতৰত বজাৰত কৰ’নাৰ আয়ুৰ্বেদিক ঔষধ মুকলি কৰা হ’ব। ৫৪৫ টকা মূল্যৰ এই কৰ’নিল কিটৰ জৰিয়তে দুসপ্তাহৰ ভিতৰতে ৰোগী সুস্থ হৈ পৰিব।’

আয়ুষ মন্ত্ৰণালয়ৰ নিৰ্দেশ

বাবা ৰামদেৱৰ এই দাবীৰ পিছতে চৰকাৰো অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হয়। পৰৱৰ্তী সময়ত যোগগুৰুগৰাকীৰ কৰ’নাৰ উক্ত ঔষধৰ বিজ্ঞাপন বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ে। উক্ত ঔষধ প্ৰয়োজনীয় নীতি মানি চলি প্ৰস্তুত কৰা হোৱা নাই বুলিও সদৰী কৰে কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ে। ঔষধবিধৰ কম্পোজিশ্যনৰ তথ্যও বিচাৰে আয়ুষ মন্ত্ৰণালয়ে।

প্ৰকাশিত বাতৰি অনুযায়ী যোৱা মঙলবাৰেই কেন্দ্ৰীয় আয়ুষ মন্ত্ৰণালয়ে কৰ’নিলৰ ঔষধৰ কম্পোজিশ্যনৰ সবিশেষ তথ্য বিচাৰি জাননী প্ৰেৰণ কৰিছিল। আয়ুষ মন্ত্ৰণালয়ৰ সূত্ৰই এক বিবৃতিযোগে জনোৱা মতে, চৰকাৰী পৰীক্ষা অবিহনে ঔষধৰ বিজ্ঞাপন প্ৰচাৰ কৰাতো ড্ৰাগছ আৰু মেজিক ৰিমেডিছ এক্ট, ১৯৫৪ মতে এক অপৰাধ।

বিবৃতিটোত মন্ত্ৰণালয়ে আৰু কৈছে, 'বিভিন্ন সংবাদমাধ্যমৰ জৰিয়তে আমি পতঞ্জলিৰ কৰ’নাৰ ঔষধৰ কথা জানিব পাৰিছো। তেওঁলোকৰ পৰা সবিশেষ তথ্য বিচৰা হৈছে। নিয়ম অনুযায়ী চৰকাৰী পৰীক্ষা অবিহনে এই সম্পৰ্কীয় সকলো বিজ্ঞাপন বন্ধ ৰাখিব লাগিব। ইয়াৰ লগতে কোন কোন চিকিৎসালয়ত গৱেষণা চলোৱা হৈছে, ইনষ্টিটিউশ্যনেল এথিকছ কমিটিৰ অনুমোদন গৱেষণাৰ সময়ত লোৱা হৈছিল নে নাই সেই বিষয়েও আমি পতঞ্জলিক তথ্য জনাবলৈ কৈছো। লাইচেন্স আৰু ঔষধৰ অনুমোদন বিষয়ক নথি-পত্ৰও বিচৰা হৈছে।’

কি দাবী কৰিছিল পতঞ্জলিয়ে?

সংবাদমেলৰ পূৰ্বেই কৰ’নাৰ ঔষধে পৰীক্ষামূলক সাফল্য লাভ কৰিছিল বুলি দাবী কৰিছিল পতঞ্জলিয়ে। সংস্থাটোৰ চিইঅ’ বালাকৃষ্ণই কয়, 'কৰ’না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পিছতে আমি এদল বিজ্ঞানী নিয়োগ কৰিছিলো। ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিয়াৰ উপায় বিচাৰি উলিয়াবলৈকে আমি এই পদক্ষেপ গ্ৰহণ কৰিছিলো। ইয়াৰ পিছতে কৰ’না ৰোগীৰ দেহত সেয়া পৰীক্ষামূলকভাৱে প্ৰয়োগ কৰা হৈছিল। এই ক্ষেত্ৰত আমি ১০০ শতাংশ ইতিবাচক ফল লাভ কৰিছো।’

অৱশেষত সংবাদমেলতো ৰামদেৱে উক্ত ঔষধ মুকলি কৰি একেই দাবী কৰে। তেওঁ কয়, 'আমি প্ৰস্তুত কৰা 'কৰ’নিল আৰু শ্বাসাৰি’ নামৰ এই ঔষধ দেশৰ ২৮০ জন কৰ’না ৰোগীৰ মাজত প্ৰয়োগ কৰি চোৱা হৈছে। ৫৪৫ টকা দামৰ এই ঔষধ মাত্ৰ এসপ্তাহৰ ভিতৰতে সমগ্ৰ দেশতে উপলব্ধ হ’ব। অশ্বগন্ধা, তুলসী সমৃদ্ধ কৰ’নিল খালে কৰ’না ৰোগী ১০০ শতাংশ সুস্থ হৈ উঠিব।’ সংবাদমেলত কৰ’নাৰ চিকিৎসাৰ লগতে ইয়াক সম্পূৰ্ণৰূপে পৰাভূত কৰাৰ ক্ষমতা ভাৰতীয় আয়ুৰ্বেদৰ আছে বুলিও দাবী কৰিছিল বাবা ৰামদেৱে।

তেওঁ এই দাবীও কৰিছিল যে বিজ্ঞানসন্মতভাৱে পৰীক্ষা-নীৰিক্ষা কৰিয়েই উক্ত ঔষধ বজাৰত মুকলি কৰি দিবলৈ পতঞ্জলি সাজু হৈছে। কিন্তু সংবাদমেলৰ পিছতে পোহৰলৈ আহে যে চৰকাৰী নিয়ম অনুযায়ী কোনোধৰণৰ পৰীক্ষা নকৰাকৈয়ে পতঞ্জলিয়ে ঔষধবিধ মুকলি কৰিবলৈ যো-জা চলাইছিল। এনে পৰিপ্ৰেক্ষিততে পতঞ্জলিৰ কৰ’নাৰ ঔষধৰ বিজ্ঞাপন বন্ধ কৰিবলৈ কেন্দ্ৰই নিৰ্দেশ প্ৰদান কৰে।