জাইকা ভাইৰাছত আক্ৰান্ত হ’ল জয়পুৰৰ সাতজন লোক
আক্ৰান্ত সকলৰ মাজৰ এগৰাকী বিহাৰৰ  
প্রধানমন্ত্রী মোডীয়ে অতি সোনকালে ইয়াৰ প্ৰতিৱেদন বিচাৰিছে

newsnextoneজয়পুৰ, ৯অক্টোবৰঃ জিকা ভাইৰাচত আক্রান্ত হ’ল ৰাজস্থানৰ জয়পুৰৰ সাতজন লোক৷ প্রধানমন্ত্রী মোডীয়ে অতি সোনকালে এই ঘটনাৰ বিস্তাৰিত প্ৰতিৱেদন বিচাৰিছে। বাতৰি অনুসৰি যোৱামাহৰ ২৪ তাৰিখে জয়পুৰৰ এগৰাকী মহিলাৰ শৰীৰত এই মাৰাত্মক ভাইৰাছবিধৰ সন্ধান পোৱা গৈছিল৷ ইয়াৰ পিচত জয়পুৰৰ শান্তিনগৰ এলেকাৰ আৰু ২২ গৰাকী লোকৰ তেজৰ নমুনা পৰীক্ষা কৰা হৈছিল৷ ইয়াৰে ভিতৰত ৭ গৰাকীৰ তেজৰ নমুনাত এই মাৰাত্মক জাইকা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে৷
এই বাতৰি পোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ এটি দল লগে লগে ৰাজস্থান অভিমুখে ৰাওনা হৈছে৷

এই বাতৰি বিয়পি পৰাৰ লগে লগে বিহাৰতো এক আতঙ্কৰ পৰিৱেশে দেখা দিছে কাৰন ৰাজস্থানৰ জয়পুৰত জাইকা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা ৭ গৰাকীৰ ভিতৰৰ এগৰাকী লোক বিহাৰৰ বাসিন্দা আৰু তেওঁ যোৱা আগষ্ট মাহত ঘৰলৈ আহি গৈছে৷ সেইকাৰনে এতিয়া বিহাৰৰ ৩৮ খন জিলাতেই সতৰ্কতা (ৰেড এলাৰ্ট) জাৰী কৰা হৈছে৷

আনহাতে ৰাজস্থানৰ স্বাস্থ্য বিভাগে জনাইছে যে এই জাইকা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত আটাইকেইজন লোককেই জয়পুৰৰ এচ এম এচ হস্পিতালত ভৰ্তি কৰোৱা হৈছে৷ ইতিমধ্যে জয়পুৰলৈ অহা কেন্দ্ৰীয় চৰকাৰৰ দলটোত ৭ জন বিশেষজ্ঞ আহিছে আৰু পৰিস্থিতিৰ মোকামিলাৰ কাৰনে সাজু হৈছে ৷

ইতিমধ্যে ভাৰতবৰ্ষ সহ বিশ্বৰ ৮৬ খন দেশত জাইকা ভাইৰাছে আক্ৰমন কৰিছে৷

মনকৰিবলগীয়া যে জাইকা ভাইৰাছৰ লক্ষনবোৰ ভাইৰেল জ্বৰৰ লক্ষনবোৰৰ সৈতে প্ৰায় একেই৷

গতিকে ভাইৰেল জ্বৰৰ লক্ষন শৰীৰত দেখা দিলে আমি সাবধান হোৱা উচিত৷ উল্লেখযোগ্য যে যোৱা বছৰ এইবিধ ভাইৰাছে তানিলনাডু আৰু গুজৰাটত দেখা দিছিল৷