জাজৰিঃ অসম সাহিত্য সভাৰ অন্যতম শক্তিশালী শাখা জাজৰি আঞ্চলিক শতদল বশাখাৰ ব্যৱস্থাপনাত সৈনিক শিল্পী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱসটি জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগণত এদিনীয়া কাৰ্যসূচীৰে উদযাপনৰ আয়োজন কৰিছে।

সেই উদ্দেশ্যে বুধবাৰে দিনৰ ১০ বজাত জাজৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জাজৰি শাখাৰ আহ্বানত হোৱা সভাত সভাপতিত্ব কৰে শাখাৰ সভাপতি চফিকুল হকে।

সম্পাদক মনোজ কুমাৰ মহন্তই উদ্দেশ্য ব্যাখ্যা কৰা সভাত অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক থগিত মহন্ত, নগাঁও জিলা সাহিত্য সভাৰ বিষয়ববীয়া আবুল খায়েৰ আহমেদ, উপ-সভাপতি ৰাহুল দেৱ বৰদলৈ, ইমদাদুৰ ৰহমান, ভৰত কেওতকে ধৰি উপস্থিতি সকলে বক্তব্য ৰাখে।

অহা ২০ জুন তাৰিখে অনুষ্ঠিত হ’ব লগা বিষ্ণুৰাভা দিবসলৈ গণশিল্পী সূৰ্য দাস, পদ্মশ্ৰী জয়শ্ৰী গোস্বামী মহন্ত, আৰক্ষী বিষয়া, কবি নন্দ সিং বৰকলাক আমন্ত্রন জনোৱাৰ লগতে চিত্রাংকন, বিষ্ণুৰাভাৰ ৰচিত কবিতাৰ আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰে।