জাকাৰ্টাঃ প্লাষ্টিক পৰিৱেশৰ বাবে ভাবুকি স্বৰূপ৷ এই কথা আমি সকলোৱে জানো, কিন্তু হৃদয়ংগম নকৰোঁ৷ শ শ বছৰ পচি নোযোৱা এই প্লাষ্টিক আমি য’তে ত’তে পেলাই দিয়াৰ ফলত বিভিষিকা নামি আহিছে জৈৱ-বৈচিত্ৰলৈ৷ এনে এক ঘটনাই ভবাই তুলিছে পৰিৱেশকৰ্মীসকলক৷

ইন্দোনেছিয়াৰ কাপোটা দ্বীপৰ ৱাকাটোবি নামৰ ৰাষ্ট্ৰীয় উদ্যানত উদ্ধাৰ হৈছে ৯.৫ মিটাৰ দৈৰ্ঘৰ এটা তিমি মাছৰ মৃতদেহ। কিন্তু মাছটোৰ পেটত যি পোৱা গৈছে, সেয়া এতিয়া পৰিৱেশবিদসকলৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে৷ 

মৃত মাছটোৰ পেটৰপৰা উদ্ধাৰ হয় প্ৰায় ৬ কেল’গ্ৰাম প্লাষ্টিক আবৰ্জনা। 

কাপোটা দ্বীপৰ ওচৰত উপঙি থকা মাছটোৰ মৃত্যুৰ কাৰণ এতিয়ালৈ জনা হোৱা নাই যদিও ইয়াৰ পেটত উদ্ধাৰ হৈছে প্লাষ্টিকৰ বটল, বেগ, চেন্দেলৰ লগতে ১,০০০তকৈ অধিক প্লাষ্টিকৰ ৰচীৰ টিকিৰা৷ প্লাষ্টিক আবৰ্জনা ভক্ষণ কৰাৰ ফলত ইয়াৰ মৃত্যু হ’ব পাৰে সন্দেহ কৰা হৈছে।   

উল্লেখ্য যে, ইণ্ডোনেছিয়াকে ধৰি চীন, ফিলিপিনছ, ভিয়েটনাম আৰু থাইলেণ্ডে ইয়াৰ প্লাষ্টিক আবৰ্জনাৰ ৬০ শতাংশ সমুদ্ৰত পেলাই দিয়ে৷ এনে ভুল ব্যৱস্থাপনাৰ ফলত সামুদ্ৰিক জীৱকুললৈ ভাবুকি কঢ়িয়াই আনিছে৷