বৰপেটাৰোডঃ সম্প্ৰতি ৰাজ্যত জাপানী এনকেফেলাইটিছ ৰোগৰ মহামাৰীৰ ফলত ৪৬ জনৰ মৃত্যু হোৱাৰ উপৰিও শতাধিক লোকে চিকিৎসাধীন হৈ আছে ভিন্ন চিকিৎসালয় সমূহত। কিন্তু এতিয়াও স্বাস্থ্য বিভাগে এনকেফেলাইটিছ প্ৰতিৰোধৰ ব্যৱস্থা নোলোৱাৰ বাবে  শংকিত  হৈছে পৰিছে সাধাৰণ ৰাইজ ।

ঠিক অনুৰূপ ধৰণে নামনি অসমৰ বানিজ্যিক প্ৰধান চহৰ বৰপেটাৰোডৰ লগতে ইয়াৰ সমীপৰ এলেকাত সমূহত স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটিছ ৰোগৰ আগতীয়া প্ৰতিৰোধৰ ব্যৱস্থা তথা বিনামূলীয়া চিকিৎসা শিবিৰ, সজাগতা সভা নকৰাৰ পৰিণতিত সাধাৰণ জনগণ এতিয়া  শংকিত হৈ পৰিছে। 

উল্লেখ্য যে বৰপেটাৰোড পৌৰসভাৰ  অকৰ্মন্যতাৰ  বাবেই চহৰখনৰ বিভিন্ন স্থানত লেতেৰা,গেলা,পঁচা আৱৰ্জনাৰে ভৰি পৰাৰ লগতে সামান্য এজাক বৰষুণ দিলেই কৃত্ৰিম বানপানী লেতেৰা জাৱৰ-জোথৰে দুৰ্গন্ধময় কৰি তোলাৰ লগত পৌৰ সভাই মহ প্ৰতিৰোধৰ বাবে দৈনিক  সন্ধিয়া ধোঁৱা দিয়াৰ ব্যৱস্থা কৰিব লাগে যদিও পৌৰসভাই নকৰা বুলি একাংশ সচেতন বৰপেটাৰোডবাসীয়ে মন্তব্য কৰিছে।