⚫ চিৰিয়াখানাত কেনাইন ডিছটেম্পাৰ আতংকঃ কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

 ⚫ যিকোনো মূহুৰ্ততে নিশ্চিহ্ন হৈ যাব পাৰে উত্তৰ পূৱৰ প্ৰথমখন চিৰিয়াখানা

 ⚫ কেনাইন ডিছটেম্পাৰ ভাইৰাছৰ কৱলত চিৰিয়াখানাখন

 

newsnextone.com । গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখনত যোৱা দহ দিনত কেনাইন ডিছটেম্পাৰ ভাইৰাছৰ সংক্ৰমণত মৃত্যু মুখত পৰিছে ৮টা শিয়াল। ঘটনা সন্দৰ্ভত চিৰিয়াখানাৰ বিষয়াৰ সৈতে আলোচনা মুখ্যমন্ত্ৰীৰ। ভাইৰাছৰ সংক্ৰমণৰ ফলত মৃত্যু হৈছে শিয়ালৰ ।

ভাইৰাছত আক্রান্ত হৈ মৃত্যু হোৱা এই ৮টা শিয়ালৰ ভিতৰত ৫টা শিয়ালৰ বয়স ১ বছৰৰ ভিতৰত। ভাইৰাছত আক্ৰান্ত হৈ হঠাৎ ইমান সংখ্যক শিয়ালৰ মৃত্যু হোৱাৰ লগে লগে সষ্টম হৈ পৰিছে চিৰিয়াখানা কর্তৃপক্ষ। এই ভাইৰাছ যাতে আন জন্তুৰ শৰীৰলৈ সংক্ৰমণ নহয় ইয়াৰ বাবে চিৰিয়াখানা কৰ্তৃপক্ষই হাতত লৈছে কেইবাটাও ব্যৱস্থা। বাঘ, সিংহ, নাহৰফুটুকী, লতামাকৰী, হায়েনাকে ধৰি এই ভাইৰাছৰ আক্রান্ত হ'ব পৰা জন্তু সমূহক প্ৰদান কৰা হৈছে ভেকচিন।

উল্লেখ্য কেনাইন ডিছটেম্পাৰ ভাইৰাছ সাধাৰণতে পদপথত থকা কুকুৰৰ শৰীৰত দেখিবলৈ পোৱা যায় যদিও কেতিয়াবা এই ভাইৰাছ মানুহৰ দ্বাৰা অন্য প্ৰাণীৰ শৰীৰলৈকো সংক্ৰমিত হয়। এই ভাইৰাছে সাধাৰণতে মানুহৰ ক্ষতি কৰিব নোৱাৰিলেও ইয়াৰ সংক্ৰমণৰ ফলত বন্য জীৱ-জন্তুৰ মৃত্যু পৰ্যন্ত হয় বুলি পশু বিশেষজ্ঞ সকলে জানিবলৈ দিছে।

ইতিমধ্যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চিৰিয়াখানাত উপস্থিত হৈ সমগ্ৰ ঘটনা সৰ্ন্দভত চিৰিয়াখানা কৰ্তৃপক্ষৰ সৈতে আলোচনাতো মিলিত হয়। অসম ৰাজ্যিক চিৰিয়াখনৰ পূৰ্বেও দিল্লী তথা দেশৰ অন্য কিছুমান চিৰিয়াখানাত কেনাইন ডিছটেম্পাৰ ভাইৰাছৰ আক্ৰান্ত হৈ বন্য জন্তুৰ মৃত্যু হৈছিল।

দক্ষিণ আফ্ৰিকাৰ এখন বন্যপ্ৰাণী উদ্যানতো কেনাইন ডিছটেম্পাৰত ভাইৰাছৰ আক্রান্ত হৈ মৃত্যু হৈছিল বহু সিংহৰ। কেনাইন ডিছটেম্পাৰত ভাইৰাছ সাধাৰণতে কুকুৰৰ শৰীৰত পোৱা যায় যদিও কেতিয়াবা এই ভাইৰাছে মহামাৰীৰ ৰূপো ধাৰণ কৰিব পাৰে।