ডিজিটেল ডেস্কঃ জিঅ’ক প্ৰতিহত কৰিবলৈ নতুন অফাৰ এয়াৰটেলৰ৷ দেশৰ আগশাৰীৰ টেলিকম প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ ঘোষণা কৰিছে কেইবাটাও নতুন অফাৰ৷ এই নতুন অফাৰ পেকসমূহ হৈছে ২৪৪ টকা, ৩৪৫ টকা আৰু ৩৯৯ টকাৰ ৰিচাৰ্ছ ভাউছাৰ।

২৪৪ টকাৰ এই নতুন পেকটোৰ জৰিয়তে গ্ৰাহকে দৈনিক ১ জি বি ডাটা লাভ কৰিব৷ উক্ত পেকটোৰ বৈধতা ৭০ দিন৷  আনহাতে এয়াৰটেল নেটৱৰ্কলৈ প্ৰত্যেক দিনে ৩০০ মিনিট পৰ্যন্ত ভইছ কলৰ সুবিধা পাব গ্ৰাহকে৷

৩৪৫ টকাৰ এয়াৰটেলৰ এই নতুন পেকৰ জৰিয়তে  গ্ৰাহকে পুৰ্বৰ ১ জিবি ডাটাৰ পৰিৱৰ্তে প্ৰত্যেক দিনাই লাভ কৰিব ২ জিবি ডাটা৷ নিশা ১২ বজাৰ পৰা পুৱা ৬ বজালৈ গ্ৰাহকে খৰচ কৰিব পাৰিব ৫০০এম বি ডাটা৷ বাকী ৫০০এম বি ব্যৱহাৰ কৰিব লাগিব দিনত৷ উক্ত পেকটোৰ ভেলিডিটি হৈছে ২৮ দিন ৷ তদুপৰি লোকেল আৰু এছ টি ডি কলৰ বাবে ৩ হাজাৰ মিনিট লাভ কৰিব গ্ৰাহকে৷

৩৯৯ টকাৰ এই পেকৰ জৰিয়তে গ্ৰাহকে প্ৰত্যেকদিনাই লাভ কৰিব ১ জিবি ডাটা৷ ৩৪৫টকাৰ দৰেই এই পেকতো দিয়া হৈছে ভইছকলৰ সুবিধা৷ কিন্তু ডাটাৰ ক্ষেত্ৰত সময়ৰ কোনো বাধ্যবাধকতা নাই এই পেকত৷ উক্ত পেকটোৰ ভেলিডিটি হৈছে ৭০ দিন৷

উপৰোক্ত পেকসমুহ কেৱল ৪জি ছিমৰ বাবেহে উপলব্ধ৷ ২৪৪ আৰু ৩৯৯ এই দুই পেক লাভ কৰিবলৈ গ্ৰাহকে লগ ইন কৰিব লাগিব "মাই এয়াৰটেল এপ"৷ কিন্তু এয়াৰটেলৰ নতুন গ্ৰাহকে লাভ কৰিব নোৱাৰিব এই পেকসমুহ৷ মূলত চিৰবৈৰী জিঅ'ৰ ৪০৮ টকাৰ "ধন ধনা ধন" পেকক প্ৰতিহত কৰিবলৈকে এয়াৰটেলে উপৰোক্ত পেকসমুহ মুকলি কৰিছে বুলি অনুমান কৰা হৈছে।