বাণিজ্য ডেস্কঃ এইবাৰ বজাৰলৈ আহিব ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজ লিমিটেডৰ বিনামূলীয়া ৪ জি সেৱা সংযুক্ত ফিচাৰ ফোন হেণ্ডছেট। শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ বাৰ্ষিক সাধাৰণ সভাত এই ঘোষণা কৰিছে মুকেশ আম্বানিয়ে।

নতুন 'জিঅ ফোন’ সন্দৰ্ভত মুকেশ আম্বানিৰ ভাষ্য, ''ক’বলৈ গ’লে জিঅ’ ফোনৰ দাম বৃদ্ধি পাইছে শূন্য টকাকৈ। গ্ৰাহকসকলে কেৱল এককালীন ছিকিউৰিটি ডিপোজিট হিচাপে ৩ বছৰৰ বাবে ৰিটাৰ্ণেবল ১৫০০ টকা দিলেই হ’ব।’’

জানিব পৰা মতে, মাহিলি ১৫৩ টকা প্লেনত বিনামূলীয়াকৈ ভইচ আৰু ডাটা পোৱা যাব। ইয়াৰ লগতে সাপ্তাহিক ৫৪ টকা প্লেনতো এই সকলোবোৰ সুবিধা উপলব্ধ হ’ব। আনকি ২ দিনৰ বাবে ২৪ টকা প্লেনতো পোৱা যাব এই সমস্ত সুবিধা।

''জিঅ’ ফোনত ভইচ কল সকলো সময়তে বিনামূলীয়া হ’ব। কিন্তু দেশৰ ৫০ কোটি ফিচাৰ ফোন ব্যৱহাৰকাৰী ন্যুনতম ইণ্টাৰনেট সেৱাৰ পৰা আজিও বঞ্চিত। আমি উপলব্ধি কৰিছো যে আজি প্ৰতিজন ভাৰতীয় বিশেষকৈ নৱ প্ৰজন্মই আঙুলিৰ টিপতে সকলো তথ্য আহৰণ কৰিব পৰাকৈ সুবিধা পোৱা উচিত। কিয়নো এয়া হৈছে সময়ৰ আহ্বান। আৰু এয়াই সম্ভৱ কৰি তুলিব জিঅ’ ফোনে। কম খৰছত ডিজিটেল জীৱন সকলোৰে প্ৰাপ্য। সেয়ে অহা ১৫ আগষ্ট অৰ্থাৎ আমাৰ দেশৰ স্বাধীনতা দিৱসৰ দিনটোৰ পৰা দেশৰ প্ৰতিজন ফিচাৰ ফোন ব্যৱহাৰকাৰীয়ে অৰ্জন কৰিব এই ডিজিটেল স্বাধীনতা।’-শুকুৰবাৰৰ বিশেষ অনুষ্ঠানটোত এইদৰে কয় আম্বানিয়ে।

উল্লেখ্য যে প্ৰতি সপ্তাহে ৫০ লাখ জিঅ’ ফোন বজাৰত মুকলি কৰি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৰিলায়েন্সে। এই ফোনত গ্ৰাহসকলকে কেৱল স্মাৰ্ট টিভিয়েই নহয়, পুৰণি কেথড ৰে টিভি চেনেলো চাব পাৰিব। টিভিৰ পৰ্দাত নিজৰ জিঅ’ ফোন কনটেন্টো চাব পাৰিব গ্ৰাহকসকলে। ইতিমধ্যে টুইটাৰত টিজাৰ টুইট কৰিবলৈ আৰম্ভ কৰিছে ৰিলায়েন্স জিঅ’ই।