ফটো সৌজন্যঃ cloudfront
ফটো সৌজন্যঃ cloudfront

ডিজিটেল ডেস্কঃ জিঅ’ৰ বিনামূলীয়া সেৱাৰ ম্যাদৰ অন্ত পৰিছে যোৱা ১৫ এপ্ৰিলতে ৷ যিসকলে জিঅ’ ছিম লৈও প্ৰাইম অফাৰ গ্ৰহণ কৰা নাই, সেই সকলৰ বাবেও কোনো বিকল্প ব্যৱস্থা আছেনে?

ট্ৰাইৰ নিষেধাজ্ঞাৰ পিছত ইতিমধ্যে প্ৰাইম অফাৰৰ ম্যাদ উকলিছে৷ যিসকলে ইতিমধ্যে ছিম ৰিচাৰ্জ কৰোৱা নাই সেইসকল গ্ৰাহকৰ অচিৰেই সংযোগ বিচ্ছিন্ন কৰা হ’ব বুলিয়েই জনাইছে জিঅ’ই৷ সহজ কথাত, ইয়াৰ পিছত আৰু বিনামূলীয়াকৈ পোৱা নাযাব জিঅ’ৰ সেৱা৷ সমস্যা হৈছে, ইয়াৰ মাজতে বজাৰত টেলিকম প্ৰতিষ্ঠানটোৱে একাধিক প্লেন মুকলি কৰিছে আৰু সেয়া ওভতায়ো লৈছে৷ ফলত টকা খৰছ কৰিও ছিম ৰিচাৰ্জ কৰিবলৈ গৈ বিবুধিত পৰিছে বহু গ্ৰাহক৷ কিন্তু এনে পৰিস্থিতিত পৰিলেও চিন্তাৰ কোনো কাৰণ নাই৷ কিয়নো সহজ কেইটিমান পদক্ষেপ লৈ আগবাঢ়িলেই নিশ্চিন্ত মনে ব্যৱহাৰ কৰিব পৰা যাব জিঅ’ ছিম৷ 

১৷ প্ৰথমেই এটা কথা জানি থোৱা ভাল যে যিকোনো ধৰণৰ জিঅ’ সেৱাৰ বাবে এতিয়াৰে পৰা ধন খৰছ কৰিবই লাগিব৷ যোৱা সপ্তাহত ছামাৰ ছাৰপ্ৰাইজ অফাৰ শেষ হোৱাৰ পিছত শেহতীয়াকৈ বজাৰলৈ আহিছে জিঅ’ ধন ধনা ধন অফাৰ৷

২৷ ছামাৰ ছাৰপ্ৰাইজ বন্ধ হৈ গ’লেও যিসকলে এই প্লেন ১১ এপ্ৰিলৰ ভিতৰত ছাবছক্ৰাইপ কৰিছে, সেইসকলে জিঅ’ৰ প্ৰতিশ্ৰুতি অনুযায়ী পূৰ্ব ঘোষিত মতেই সমস্ত সেৱাৰ সুবিধা লাভ কৰিব৷ যিসকলে জিঅ’ ১৪৯ বা তাতকৈয়ো কম মূল্যৰ প্লেন ছাবছক্ৰাইপ কৰিছে, সেইসকলক পিছত ভাউছাৰ উভতাই দিয়া হ’ব৷ অৱশ্যে এতিয়ালৈকে ভাউছাৰ দিয়াৰ তাৰিখ উল্লেখ কৰা হোৱা নাই৷

৩৷ বাকী গ্ৰাহসকলে জিঅ’ ধন ধনা ধন অফাৰৰ অধীনত ২টি লাভ পাব৷ এটা হৈছে প্ৰাইম ইউজাৰসকলৰ বাবে আৰু আনটো নন প্ৰাইম ইউজাৰসকলৰ বাবে৷

৪৷ আপুনি যদি প্ৰাইম ইউজাৰ হৈ আছে, তেন্তে যিকোনো এটি প্লেন বাছি ল’ব পাৰে- প্ৰতিদিনে ১ জিবি ৪জি ডাটা অথবা ২ জিবি ৪জি ডাটা৷ প্ৰথমটোৰ বাবে৩০৯ টকা আৰু দ্বিতীয়টোৰ বাবে ৫০৯ টকা খৰছ কৰিব লাগিব৷ দুয়োটা প্লেনতে আছে আনলিমিটেড কলছ, এছ এম এছ আৰু অন্যান্য জিঅ’ সেৱা৷ প্লেনৰ ম্যাদ ৮৪ দিন৷ হ’লেও এই অফাৰ হৈছে ওৱান টাইম ৰিচাৰ্জৰ বাবে৷ পৰৱৰ্তী ৰিচাৰ্জৰ বাবে আৰু কম ডাটা আৰু ম্যাদ বলৱৎ হ’ব৷

৫৷ নন-প্ৰাইম ইউজাৰসকলেও দুয়োটা অফাৰৰ ভিতৰৰ পৰা যিকোনো এটা বাছি ল’ব পাৰিব৷ প্ৰথমটো হৈছে প্ৰতি দিনে ১জিবি ৪জি ডাটা আৰু দ্বিতীয়টো প্ৰতিদিনে ২জিবি ৪জি ডাটা৷ ইয়াৰ বাবে খৰছ কৰিব লাগিব যথাক্ৰমে ৪০৮ টকা আৰু ৬০৮টকা৷ ইয়াতো আছে আনলিমিটেড কলছ, এছ এম এছ আৰু ভিন্ন জিঅ’ সেৱাসমূহ৷ অফাৰৰ ম্যাদ ৮৪ দিন৷