মুম্বাইঃ টেলিকম জগতত খলকনি তোলা ৰিলায়েন্স জিঅ’ বিনামুলীয়া সেৱাৰ অন্ত পৰিব মাৰ্চ মাহত। ১ এপ্ৰিলৰ আগেয়ে সেয়ে ৰিলায়েন্স জিঅ’ৰ সদস্যভুক্তিৰ বাবে আজিৰেপৰা আৰম্ভ হৈছে প্ৰাইম ছাবচক্ৰিপশ্যন।

মাৰ্চৰ ৩১ লৈ এই সদস্যভুক্তিৰ সুবিধা উপলব্ধ থাকিব৷ বিগত সপ্তাহত প্ৰতিষ্ঠানটোৱে টেৰিফ প্লেনসমুহ ঘোষণা কৰে৷ ছেপ্তেম্বৰ মাহত মুকলি হোৱা টেলিকম প্ৰতিষ্ঠানটোৱে গ্ৰাহকক বিনামুলীয়া ভয়ছ কল আৰু ইন্টাৰনেট সেৱা যোগান ধৰিছিল৷

১৪৯ টকাৰ বোনাচ কাৰ্ডৰ জৰিয়তে গ্ৰাহকে আনলিমিটেড ভয়ছ কল আৰু ২জিবি ৪জি ডাটা লাভ কৰিব৷ আনহাতে ৪৯৯ টকাৰ বোনাচ কাৰ্ডৰ জৰিয়তে ৬০জিবি ৪জি ডাটা আৰু বিনামুলীয়া ভয়চ কলৰ সুবিধা লাভ কৰিব৷ উল্লেখ্য যে সমগ্ৰ দেশতে সম্প্ৰতি ১০০ মিলিয়ন লোকে জিঅ’ ব্যৱহাৰ কৰি আছে৷