বিশেষ প্ৰতিবেদনঃ আকৌ সলনি কৰিব লগীয়া হ'ব পাৰে SIMকাৰ্ড আৰু মোবাইল হেণ্ডছেট। অচিৰেই আউটডেটেড হৈ পৰিব পাৰে 4G ইণ্টাৰনেট! ফেচবুক আৰু গুগলৰ হাতত ধৰি ভাৰতত 5G সেৱা আৰম্ভ কৰিবলৈ ওলাইছে মুকেশ আম্বানিৰ ৰিলায়েন্স জিঅ’ই। দ্ৰুত গতিত ইণ্টাৰনেটৰ পৃথিৱীলৈ অহা পৰিৱৰ্তনৰ সোৱাদ ভাৰতবাসীক প্ৰদান কৰাৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে জিঅ’। বুধবাৰে ৪৩ সংখ্যক বাৰ্ষিক সাধাৰণ সভাত 4Gৰে তথ্য-প্ৰযুক্তিৰ ক্ষেত্ৰত বিপ্লৱৰ সৃষ্টি কৰা  প্ৰতিষ্ঠানটোৰ অধ্যক্ষ মুকেশ আম্বানিয়ে অহা বছৰৰ পৰা 5G সেৱাৰ কাম আৰম্ভ কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে।

শূন্যৰ পৰা আৰম্ভ কৰি 5Gৰ পৰ্যয়াত আহি ভৰি থোৱাৰ কথা উল্লেখ কৰি আম্বানিয়ে জনাই যে তেওঁৰ প্ৰতিষ্ঠানটোৱে সম্প্ৰতি এই 5Gৰ সৈতে জড়িত প্ৰযুক্তিও নিজাববীয়াকৈ আয়ত্ব কৰিবলৈ সমৰ্থ হৈছে। আজিৰ ভাৰ্চুৱেল অনুষ্ঠানত ৰিলায়েন্স জিঅ’ৰ অধ্যক্ষগৰাকীয়ে জনোৱা মতে অহা ২০২১ বৰ্ষৰ পৰা পূৰ্ণগতিত আৰম্ভ হ’ব 5Gকে ধৰি অনেক নতুন পদক্ষেপ। 

যোৱা মাৰ্চ মাহতেই জিঅ’ই ২০২১ চনত ভাৰতত 5G সেৱা আৰম্ভ কৰিব বুলি বাতৰি প্ৰকাশ পাইছিল। অৱশেষত উক্ত বাতৰি সত্য প্ৰমাণিত কৰি আজি এই ঘোষণা কৰে মুকেশ আম্বানিয়ে। জানিব পৰা মতে, জিঅ’ৰ এই 5G প্ৰযুক্তি ঘৰুৱা কাম-কাজৰ পৰা আৰম্ভ কৰি নিৰাপত্তা, চোৰাংচোৱাগিৰি আদি ক্ষেত্ৰতো ব্যৱহাৰ কৰা হ’ব। 5G সেৱাৰ পৰীক্ষামূলক কাম আৰম্ভ কৰিবৰ বাবে প্ৰয়োজনীয় অনুমতি বিচাৰি চৰকাৰৰ সংশ্লিষ্ট বিভাগলৈ অনুমতি জনোৱাৰ কথাও আজিৰ সভাখনত আম্বানিয়ে সদৰী কৰে।  

গুগলৰ বৃহৎ বিনিয়োগ

5G প্ৰযুক্তিৰ লগতে আজিৰ বাৰ্ষিক সভাত কৰা গুৰুত্বপূৰ্ণ ঘোষণাসমূহৰ অন্যতম আছিল গুগলৰ সৈতে চুক্তি। প্ৰেছ বিবৃতিযোগে জনোৱা মতে জিঅ’ প্লেটফৰ্মৰ ৭.৭ শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিছে গুগলে। মুঠ ৩৩,৭৩৭ কোটি টকাৰ বিনিময়ত এই অংশীদাৰিত্ব ক্ৰয় কৰে মাৰ্কিন তথ্য প্ৰযুক্তি সংস্থাটোৱে। গুগলৰ সৈতে সম্পন্ন হোৱা এই চুক্তিৰ ফলত জিঅ’ত বিনিয়োগৰ পৰিমাণ বৃদ্ধি পাই ১৫২,০০০ কোটি টকা হৈছেগৈ।

আজিৰ বাৰ্ষিক সভাখনত আম্বানিয়ে Jio-Google যুগলবন্দীয়ে ভাৰতক আগন্তুক বৰ্ষত ভাৰতক সম্পূৰ্ণৰূপে 2G মুক্ত দেশত পৰিণত কৰিব বুলিও ঘোষণা কৰে। গুগলৰ লগতে দিনদিয়েক পূৰ্বে ফেচবুকৰ সৈতে হোৱা চুক্তিৰ প্ৰসংগও উল্লেখ কৰে জিঅ’ৰ অধ্যক্ষজনে। উল্লেখ্য যে, গুগলৰ পূৰ্বে ফেচবুকে জিঅ’ প্লেটফৰ্মৰ ৯.৯৯ শতাংশ শ্বেয়াৰ ক্ৰয় কৰিছে। এই অনুযায়ী ইতিমধ্যে হোৱাটছএপৰ সৈতে মিলি JioMart মুকলি কৰিছে ৰিলায়েন্স জিঅ’ই।

কৰ’না কালত  JioMartক জনপ্ৰিয় কৰি তুলিবলৈ ইয়াৰ জৰিয়তে প্ৰথমবাৰ অৰ্ডাৰ দিয়া গ্ৰাহকসকলক মাস্ক আৰু ছেনিটাইজাৰ কিট বিনামূলীয়াকৈ প্ৰদান কৰি আহিছে। এনেদৰে JioMart প্ৰথমে মুম্বাইত আৰম্ভ কৰি অনাগত সময়ত সমগ্ৰ দেশৰ সৰু-বৰ প্ৰতিখন চহৰতে উপলব্ধ হোৱাৰো ব্যৱস্থা কৰিছে মুকেশ আম্পানিৰ প্ৰতিষ্ঠানটোৱে।  JioMart-এ কেনেদৰে কাম কৰিব সেয়া জানিবলৈ ইয়াত ক্লিক কৰি আমাৰ পূৰ্বৰ প্ৰতিবেদন চাব পাৰে।

ইফালে, আজিৰ বিশেষ অনুষ্ঠানত  Jio TV আৰু Jio Glass সন্দৰ্ভতো গুৰুত্বপূৰ্ণ তথ্য দেশবাসীক অৱগত কৰে ৰিলায়েন্স জিঅ’ৰ হৰ্তা-কৰ্তাগৰাকীয়ে। এই অনুযায়ী   Jio Glass-ত কেবলৰ মাধ্যমেৰে স্মাৰ্টফোন সংযুক্ত কৰিব পৰা যাব। এই Jio Glass-ত আছে ২৫টাৰো অধিক অতি প্ৰয়োজনীয় এপ। ইয়াৰ ভিতৰত অন্যতম হৈছে 3D ভাৰ্চুৱেল মিটিং আৰু ভিডিঅ’ কলিং। সম্প্ৰতি ভাৰতত ৫০ লাখ লোকে জিঅ’মিট ডাউনলোড কৰা আৰু ১০ লাখৰো অধিক পৰিয়ালে জিঅ’ ফাইবাৰ ব্ৰডবেণ্ড সেৱাৰে সংযুক্ত হোৱাৰ তথ্যও জানিবলৈ দিয়ে মুকেশ আম্বানিয়ে। 

5Gৰ বিশেষত্বসমূহ

গুগল-ফেচবুকৰ সহায়ত জিঅ’ই ভাৰতত আগন্তুক বৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ ওলোৱা 5G প্ৰযুক্তি বৰ্তমানৰ 4G সেৱাতকৈ ১০০ গুণ শক্তিশালী হ’ব। সহজ ভাষাত ক’বলৈ হ’লে 4G ইণ্টাৰনেট ব্যৱহাৰ কৰি এখন চিনেমা ডাউনলোড কৰিবলৈ যদি ১ৰ পৰা ২ মিনিটৰ প্ৰয়োজন হয় তেন্তে 5G আহিলে সেয়া ডাউনলোড কৰোতে ৩০ ছেকেণ্ডতকৈয়ো কম সময় লাগিব।

5G প্ৰযুক্তিৰ তুলনাত 4G তেনেই অসহায়। অৱশ্যে 5G প্ৰযুক্তিৰ অসুবিধা নোহোৱাও নহয়। এনে অসুবিধাসমূহৰ অন্যতম হৈছে 5G প্ৰযুক্তিৰ তৰংগদৈৰ্ঘ্য ৩০০ মিটাৰতকৈ অধিক দূৰলৈ নাযায়। সেয়ে বেছি দূৰলৈ নেটৱৰ্ক পোৱাৰ ব্যৱস্থা কৰিবলৈ একাধিক ট্ৰান্সমিটাৰ বহুওৱাৰ প্ৰয়োজন হয়। আনহাতে বেয়া বতৰেও এই সেৱাক বহু পৰিমাণে বিঘ্নিত কৰিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে।

আহি আছে জিঅ’ টিভি+

আজিৰ অনুষ্ঠানত মুকেশ আম্বানিয়ে কৰা এক ঘোষণাই সমগ্ৰ দেশতে টিভি চোৱাৰ ব্যৱস্থা চিৰদিনলৈ সলনি কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। এই বিশেষ ঘোষণা হৈছে জিঅ’ টিভি প্লাছ। এই জিঅ’ টিভি+ কোনো নতুন টিভি চেনেল নহয়। এয়া হৈছে এক সেৱা। টিভি চোৱাৰ ধৰণ-কৰণ সলনি কৰা সেৱা গ্ৰাহকসকলে জিঅ’ৰ ছেটটপ বক্সৰ জৰিয়তে ব্যৱহাৰ কৰিব পাৰিব। এই সেৱাৰ জৰিয়তে গ্ৰাহকসকলে টিভিত টিভি চেনেলৰ লগতে অতি সহজে ৱেবছাইটত উপলব্ধ ভিডিঅ’ চাব পাৰিব।

তক্ষৎণাত বুজি পোৱাকৈ ক’বলৈ হ’লে এই জিঅ’ টিভি+ৰ জৰিয়তে গ্ৰাহকসকলে টিভিতে অনায়াসে কোনোধৰণৰ অন্য ডিভাইছ নোহোৱাকৈ এমাজন প্ৰাইম, নেটফ্লিক্স, ইউটিউব, হটষ্টাৰ আদিৰ অনুষ্ঠানো উপভোগ কৰিব পাৰিব। ইয়াৰ লগতে জিঅ’ টিভি+ত ৰিমোটৰ উপৰিও এলেক্সাৰ দৰেকৈ মুখেৰেই শব্দ উচ্চাৰণ কৰি মন পচন্দৰ টিভি চেনেল, নেটফ্লিক্স, প্ৰাইম ভিডিঅ’ৰ চিনেমা আদি ছাৰ্চ কৰি চোৱাৰ সুবিধা লাভ কৰিব।