চিলাপথাৰঃ জোনাই মহকুমাৰ ছিগাগাঁও পঞ্চায়তৰ কঠালগুৰী সূলভ মূল্যৰ দোকানত চলিছে ব্যাপক অনিয়ম। প্ৰাপ্ত তথ্য মতে এজেণ্টজনে ২০১৫ চনৰ ২৪ ডিচেম্বৰৰ পৰা অসমত বলবৎ হৈ থকা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন,২০১৩ৰ অধীনৰ আঁচনিৰ চাউল ১নং আৰু ২নং কঠালগুৰী গাঁৱৰ গ্ৰাহকসকলৰ পৰা এক কিলোকৈ চাউল কৰ্তন কৰি আহিছে।

অন্তোদয়া অন্ন যোঁজনা আঁচনিৰ চাউল হিতাধিকাৰীৰ পৰা ১০কিলোকৈ কৰ্তন কৰি আহিছে বুলি গ্ৰাহকে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। ইয়াৰোপৰি এজেণ্ট ভদ্ৰেশ্বৰ কুটুমে কেৰাচিন বিতৰণৰ ক্ষেত্রতো ব্যাপক অনিয়ম সংঘটিত কৰা বুলি গাঁওদুখনৰ গ্ৰাহকসকলে জনায়। দীৰ্ঘদিন ধৰি চলাই অহা এনে অনিয়মৰ বিৰুদ্ধে এজেণ্টগৰাকীৰ প্রতি ৫৫টা পৰিয়ালৰ গ্ৰাহকে অভিযোগ তুলি জোনাই মহকুমাৰ খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্রমা কাৰ্যালয়ত লিখিত অভিযোগ দাখিল কৰে।

কিন্তু বিভাগে ইয়াৰ কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে বিগত বৰ্ষৰ ১৩মে’ত ধেমাজি জিলা উপায়ুক্তৰ কাষ চাপে। গ্ৰাহকৰ আবেদনৰ ভিত্তিত উপায়ুক্তই জোনাই মহকুমাধিপতিক তদন্তৰ নিদেৰ্শ দিয়াৰ পিছত জোনাই খাদ্য-অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্রমা বিভাগে এজেণ্টগৰাকীৰ বিৰুদ্ধে তদন্ত চলায়।

তদন্তত লাভ কৰা সত্য-তথ্যৰ ভিত্তিত No. JNI/ (PDS) pt-1/08/2016/3-8dt11th july 2016 ৰ জৰিয়তে ভদ্ৰেশ্বৰ কুটুমৰ অনুজ্ঞা পএ বাতিল কৰে যদিও ৰহস্যজনকভাৱে মহকুমাধিপতিগৰাকীয়ে ২০১৬ চনৰ ৩০জুলাইত পুনৰ একাংশ গ্ৰাহকক চাউল, কেৰাচিন বিতৰণৰ বাবে লিখিত অনুমতি প্রদান কৰে।