যোৰহাটঃ ৰাজ্য চৰকাৰে অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব বিচৰাৰ বিৰুদ্ধে ৰাজ্যত দল-সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে৷ ৰাজ্য চৰকাৰক ছাত্ৰ বিৰোধী আখ্যা দি ৰাজ পথলৈ ওলাই আহিছে ৰাজ্যৰ ছাত্ৰ-ছাত্ৰী৷

শুকুৰবাৰে যোৰহাটত ৰাজ্য চৰকাৰক ছাত্ৰ বিৰোধী আখ্যা দি ৰাজ পথলৈ ওলাই আহে কৃষক মুক্তি আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ৷ 

সংগঠন দুটাই যোৰহাটৰ ৰাজপথ কপাই তোলে৷ ৰাইজৰ মত জানিবলৈ গণ স্বাক্ষৰ সংগ্ৰহ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ যোৰহাট সমিতিয়ে৷

আনহাতে বিশ্ববিদ্যালয়খনৰ ছাত্ৰীৰ উপস্থিতিত চৰকাৰৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰি ৰাজপথ উত্তাল কৰে কৃষক মুক্তিয়ে৷ দুয়োটা সংগঠনে কোনো কাৰণত নাৰীৰ উচ্চ শিক্ষানুষ্ঠান খন বন্ধ কৰিব নিদিয়াৰ হুংকাৰ দিয়ে৷   

২০১৬ চনত চৰকাৰ গঠন কৰাৰ পিছৰে পৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে বাংলাদেশী সংস্থাপনকে ধৰি চৰকাৰে কেইবাটাও জনবিৰোধী নীতি গ্ৰহণ কৰিব বিচৰাৰ বিৰুদ্ধে ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ এইবাৰ পুনৰ ৰাইজ জাঙুৰ খাই পৰিছে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে৷

এইবাৰ বেটী পঢ়াও বেটী বচাও শ্ল’গান দিয়া বিজেপি দলৰ চৰকাৰে এখন নাৰী শিক্ষানুষ্ঠান বন্ধ কৰিব খোজাত জাঙুৰ খাই উঠিছে অসমৰ ৰাইজ৷ উজনি-নামনিৰ লোকে এতিয়া নাৰী উচ্চ শিক্ষানুষ্ঠানখন বন্ধ কৰাৰ বিৰুদ্ধে প্ৰতিবাদত নামি পৰিছে৷

চৰকাৰখনৰ এতিয়া এটাৰ পাছত আন এটা যেন হঠকাৰী সিদ্ধান্তই ৰাইজক ক্ষোভিত কৰি ৰাখিছে৷ এইবাৰ নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰি তাৰ ঠাইত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ৰূপে গঢ় দিয়াৰ বাবে উঠিপৰি লাগিছে চৰকাৰ৷ এই সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজ সোচ্চাৰ হৈ পৰিছে৷ প্ৰতিবাদৰ জোৱাৰ আৰম্ভ হৈছে ৰাজ্যত৷