গুৱাহাটীঃ/হাইলাকান্দিঃ খাকী পোছাকৰ গুন্দাগিৰি-বৰ্বৰতা নতুন কথা নহয়৷ একাংশ লোকে খাকী পোছাক পৰিধান কৰাৰ পিছত গুৰু গোঁসাই নমনা হৈ পৰে৷ এই কথাৰ উদাহৰণ বিশ্বৰ বিভিন্ন দেশত দেখা গৈছে। ভাৰতৰো বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলত তথা অসমত এনে ঘটনা নিতৌ ঘটিব ধৰিছে। 

কিছুদিন পূৰ্বে অসমত হোমিঅ’পেথিক মেডিকেল কলেজৰ ছাত্ৰৰ ওপৰত অসম আৰক্ষীয়ে বৰ্বৰভাৱে লাঠিৰে প্ৰহাৰ কৰাৰ ফলত কেইবাগৰাকী ছাত্ৰ-ছাত্ৰী আহত হৈছিল৷ আনকি পুৰুষ আৰক্ষীয়ে ছাত্ৰীক লাঠিৰে বৰ্বৰতাৰে প্ৰহাৰ কৰিছিল৷ কিন্তু বিষয়টো বিশেষ চৰ্চালৈ অহা নাছিল। এইবাৰ অসম আৰক্ষীৰ বৰ্বৰতাৰ এনেধৰণৰেই ঘটনাৰ চৰ্চা চুবুৰীয়া ৰাজ্যত ব্যাপক ৰূপত আৰম্ভ হৈছে৷ 

চুবুৰীয়া ৰাজ্য মিজোৰামত এগৰাকী অসহায় মহিলা সাংবাদিকক অসম আৰক্ষীয়ে বৰ্বৰভাৱে খেদি খেদি আক্ৰমণ কৰাৰ ঘটনাই ৰাজ্যখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। চুবুৰীয়া ৰাজ্যখনৰ কেইবাটাও সংগঠনে সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দি এই ঘটনা সংঘটিত কৰা আৰক্ষীক আটক কৰি উপযুক্ত শাস্তি দিয়াৰ দাবী উত্থাপন কৰিছে৷ MizoWorldNews নামৰ ৱেবছাইটোৱে ঘটনাক গৰিহণা দিছে৷ মিজো ছাত্ৰ সংগঠন, মিজো ছিনিয়ৰ চিটিজেন নামৰ সংস্থাটোৱেও আৰক্ষীৰ এনে নিদাৰুণ কাণ্ডৰ গৰিহণা দিয়ে৷ 

অসম আৰক্ষীৰ বৰ্বৰতাৰ চৰ্চা এতিয়া মিজোৰামত৷ মিজো লোকে অসমৰ ভূমি বেদখল কৰাত অসম-মিজোৰাম সীমান্ত তীব্ৰ উত্তেজনা অব্যাহত আছে৷ ৯ মাৰ্চত কেইবাটাও মিজো সংগঠনে অসম-মিজোৰাম সীমান্ত ভিৰ কৰে৷ এই খবৰ এদিন পূৰ্বে লাভ কৰিছিল সাংবাদিক আৰু প্ৰশাসনে৷ লগে লগে সীমান্তত অসমৰ প্ৰশাসনে নিৰাপত্তা বৃদ্ধি কৰা হয়৷ অৰ্ধসামৰিক বাহিনী মোতায়েন কৰাৰ লগতে আৰক্ষীৰো অতন্দ্ৰ পহৰা চলে এলেকাটোত। 

এদিন পূৰ্বে সাজু হয় অসম আৰক্ষী৷ আৰক্ষীয়ে সমানে সমানে ঘটনাটোক লৈ উত্সুক হৈ থকা সাংবাদিকসকলো সাজু আছিল বাতৰি সংগ্ৰহ কৰাৰ বাবে৷ পুৱাৰে পৰা সীমান্তৰ মিজো লোক ওলাই আহিছিল৷ 

হাইলাকান্দি জিলাৰ কচুৰতল অঞ্চলৰ পৰা আৰম্ভ কৰি উত্তেজনা আৰম্ভ হৈছিল৷ অসম আৰক্ষী আৰু মিজোৰাম আৰক্ষীৰ উচ্চপদস্থ বিষয়া উপস্থিত আছিল সেই সময়ত৷ ক্ৰমান্বয়ে ভিৰ বাঢ়ি অহাৰ সময়তে উত্তেজনাময় পৰিৱেশ শাম কটাবৰ বাবে অসম আৰক্ষীয়ে লাঠিচালনা কৰে৷  

লাঠিচালনাৰ কৰাৰ সময়তে এগৰাকী মহিলা সাংবাদিকক অসম আৰক্ষীয়ে বৰ্বৰভাৱে আক্ৰমণ কৰে৷ এমি চি ল’বে নামৰ সাংবাদিকগৰাকীক উপৰ্যুপৰি প্ৰহাৰ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হোৱা এমি চি ল’বে নামৰ মহিলাগৰাকীক একাংশ লোকে ততাতৈয়াকৈ বৈৰাবী চিকিৎসালয়ত ভৰ্তি কৰে৷ 

এমি চি ল’বেয়ে আইজালৰ পৰা পুৱা ৬ বজাতে অসম-মিজোৰাম সীমান্তত বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিল কেইবাগৰাকী সাংবাদিকৰ সৈতে৷ মিজোৰামৰ কেইবাটাও ছাত্ৰ সংগঠনে প্ৰতিবাদ কৰিব বুলি খবৰ লাভ কৰি বাতৰি সংগ্ৰহ কৰিবলৈ আহিছিল ল'বে৷ 

প্ৰশাসনে ৭ মাৰ্চত ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ধাৰা ১৪৪ জাৰি কৰিছিল৷ হাইলাকান্দিৰ সীমান্তৰ মিজোৰাম আগ্ৰাসনৰ সম্ভাৱনা থকা কেতবোৰ এলেকাত নিষেধাজ্ঞা জাৰি কৰিছিল প্ৰশাসনে। মিজোৰামৰ সীমান্তৱৰ্তী জিলা কলাশিৱৰ সমীপৰ ৰামনাথপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কিছু এলেকাৰ লগতে কচুৰতলতো হাইলাকান্দিৰ উপায়ুক্ত আদিল খান আৰু প্ৰশাসনিক বিষয়াৰ সাক্ষাতৰ পিছতে নিষেধাজ্ঞা জাৰি কৰা হয়। 

এমি চি ল’বেয়ে উত্থাপন কৰা অভিযোগ মতে, সেনাই সাংবাদিকৰ প্ৰতি কণমানো সন্মান বা সদ্ভাৱ প্ৰদৰ্শন কৰা দেখা নগ’ল। সাংবাদিক বুলি জনাৰ পিছতো তেওঁলোকক অত্যাচাৰ কৰে। সাংবাদিক হিচাপে হোৱা এনে অভিজ্ঞতাক 'ভয়াৱহ’ বুলি অভিহিত কৰি লায়েবিয়ে পৰিস্থিতিৰ কিছু উন্নতি হ’ব বুলি আশা ব্যক্ত কৰে।

তেওঁ বাৰে বাৰে আৰক্ষীক সাংবাদিক বুলি চিনাকী দিয়াৰ পিছতো বৰ্বৰ ভাৱে আক্ৰমণ কৰিছিল৷ সাংবাদিকগৰাকীক পুৰুষ আৰক্ষীয়ে লাঠিৰে বেয়াকৈ প্ৰহাৰ কৰাৰ ফলত বুকু আৰু পিঠিত বেয়াকৈ আঘাত পায়৷ উল্লেখ্য যে ল'বে নিউজ-১৮ নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ আইজলৰ সাংবাদিক। আনপিনে অসম আৰক্ষীৰ গুলীচালনাৰ ফলত গুলীবিদ্ধ হৈ গুৰুতৰভাৱে আহত হোৱা 'মিজো জিৰলাই পাউল’ৰ সম্পাদক ৰিকি বৰ্তমান চিকিৎসাধীন হৈ আছে।

⇒ সংবাদ-মাধ্যমৰ স্বাধীনতাক খৰ্ব কৰিছে অসম আৰক্ষীয়ে

কৰ্তব্যৰত সাংবাদিকে পৰিচয়পত্ৰ দেখুওৱাৰ পিছতো অতি নিৰ্মমভাৱে সাংবাদিকৰ ওপৰত জঁপিয়াই পৰি সংবাদমাধ্যমৰ স্বাধীনতাক খৰ্ব কৰিছে অসম আৰক্ষীয়ে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে পৰিচিত কৰ্তব্যৰত সংবাদমাধ্যমত কৰ্মৰত সাংবাদিকৰ নিৰাপত্তাৰ কথা চৰকাৰে চিন্তা নকৰাৰ ফলতে এইদৰে প্ৰতি মুহূৰ্তত আক্ৰমণৰ বলি হ’বলগীয়া হৈ আহিছে সংবাদিকসকল। 

আনহাতে চৰকাৰে সাংবাদিকসকলৰ নিৰাপত্তাৰ ক্ষেত্ৰত এখন সুকীয়া আইন প্ৰণয়ন কৰি সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰাৰ প্ৰয়োজনীয় আছিল যদিও কোনো এখন চৰকাৰে এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা নাই। 

⇒ সেনা-আৰক্ষী, প্ৰতিবাদকাৰীয়ে চলাই সাংবাদিকক আতিশায্য

অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ কেইবাগৰাকী সাংবাদিকক সেনাই অত্যাচাৰ চলোৱাৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে৷ মণিপুৰ তথা অসমৰ সাংবাদিকক অত্যাচাৰ কৰাৰ অলেখ নজিৰ আছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ চাবুৱাত ১৩ জানুৱাৰীৰ মাজনিশা সেনাৰ পোছাকত অহা দল এটাই ঘৰৰ পৰা উঠাই নিছিল সাংবাদিক এগৰাকীক৷ 

চোৰ, ডকাইত, সন্ত্ৰাসবাদীৰ দৰে এগৰাকী নিষ্ঠাৱান সাংবাদিকক সেনাৰ পোছাকত অহা এটা দলে মাজ নিশা উঠাই অনা ঘটনাক সহজে লব পৰা নাছিল ৰাইজে৷ সাংবাদিকগৰাকীক নিজ ঘৰৰ পৰা মাৰ-ধৰ কৰি উঠাই নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল চাবুৱাৰ  লগতে সমগ্ৰ ডিব্ৰুগড় জিলাখনত ৷ সামৰিক পোছাকাত অহা দলটোৱে নিশা প্ৰথমে সাংবাদিকজনৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰে৷ 

তাৰ পিছত সাংবাদিকগৰাকীক ঘৰৰ পৰা মাতি উলিয়াই আনি বেয়াকৈ মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হয়৷ তাৰ পিছতে গাড়ীত উঠাই লৈ আহে৷ ডিৱাই ৩৬৫ৰ চাবুৱাৰ সংবাদদাতা স্বৰুপজ্যোতি চেতিয়াক নিশা প্ৰায় ১-৩০ বজাত সেনাই উঠাই আনে৷ 

⇒ কোকৰাঝাৰত প্ৰতিবাদকাৰীৰ সাংবাদিকক আক্ৰমণ

শেহতীয়াকৈ কোকৰাঝাৰত এগৰাকী জ্যেষ্ঠ সাংবাদিকক বন্ধৰ সমৰ্থকে আক্ৰমণ কৰে৷ জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় নাথক একাংশ বন্ধ সমৰ্থকে বেয়াকৈ মাৰ ধৰ কৰিছিল৷ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাৰ সময়তে একাংশ লোকে অপদস্থ কৰাতে ক্ষান্ত নাথাকি পিছলৈ মাৰধৰ কৰাৰ ঘটনাটোৱে সাংবাদিক নিগ্ৰহৰ ছবি দাঙি ধৰাৰ লগতে সাংবাদিকৰ নিৰাপত্তাৰ দিশটোকে ভেঙুচালি কৰি আহিছে। 

ঘটনাৰ বিৱৰণি মতে ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাকে ধৰি পাঁচটাকৈ ছাত্ৰ সংগঠনে আহবান জনোৱা ২৪ ঘণ্টীয়া বি টি এ ডি বন্ধৰ বাকৰি সংগ্ৰহ কৰাৰ সময়তে সাংবাদিকগৰাকীক আক্রমণৰ লক্ষ্য কৰি লয় বন্ধৰ সমৰ্থকে।

 

⇒ উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত সাংবাদিকক হাৰাশাস্তি

উত্তৰ-পূৰ্বাঞ্চলত বিভিন্ন সময়ত উগ্ৰপন্থীৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰি সাংবাদিকক হাৰাশাস্তি কৰা হয়৷ কোকৰাঝাৰৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক জাইক্লং ব্ৰহ্মক এনডিএফবিৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ২০১৪ চনত৷ গুৱাহাটীৰ এটা টেলিভিছন চেনেলত সংবাদদাতা হিচাপে কৰ্মৰত ব্ৰহ্মক কোকৰাঝাৰ সদৰ আৰক্ষীয়ে ২০১৪ চনত গ্ৰেপ্তাৰ কৰি জেললৈ নিক্ষেপ কৰিছিল৷

⇒ উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিকৰ নিৰাপত্তা কোনে দিব?

ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে সাংবাদিকক আক্ৰমণৰ ঘটনা৷ সমাজখনৰ বাবে ৰ'দ-বৰষুণ কাটি কৰি দিনে-নিশাই কাম কৰা সাংবাদিকসকলক মাৰধৰ কৰাৰ ঘটনা সঘনাই সংঘটিত হৈ অহাত সাংবাদিকৰ নিৰাপত্তাৰ দিশটোক চৰকাৰে সকলো সময়তে উপেক্ষা কৰি অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জড়িত লোকসকল একাংশ দুৰ্নীতিপৰায়ণ লোকৰ বাবে বাটৰ হেঙাৰ হৈ পৰাৰ ফলতে নিৰ্ভিক সাংবাদিকৰ পৰিয়ালৰ টোপনি নহা হৈছে। 

বাটৰ হেঙাৰ আঁতৰাবলৈ সাংবাদিকক আক্ৰমণ কৰাটো ডাঙৰ কথা নহয়৷ কেৱল আক্ৰমণেই নহয়, বিশ্বত তথা আমাৰ দেশত বহু সাংবাদিকে আততায়ীৰ গুলীত প্ৰাণ এৰিছে। কিন্তু তাৰ পিছতো সাংবাদিকৰ সুৰক্ষা সুনিশ্চিত কৰা নহ’ল৷ যাৰ ফলত পুনৰ সাংবাদিকক আক্ৰমণ কৰাৰ ঘটনা সংঘটিত হৈ আহিছে৷ কিন্তু আজিও নিৰ্ভীক মনৰ পৰিচয় দিয়া সাংবাদিকসকলেই সমাজৰ বাবে অতন্দ্ৰ প্ৰহৰী ৰূপে থিয় দি আহিছে৷ 

সমাজ জীৱনৰ বাবে দিনে-নিশাই শ্ৰম কৰিও অনিশ্চয়তাত ভুগিবলগা হোৱাৰ লগতে বিভিন্ন সময়ত ভাবুকি আৰু বিভিন্ন গোচৰৰ সন্মুখীন হ’বলগা হয় সাংবাদিকসকল৷ সংবাদগোষ্ঠীত কৰ্পৰেট আগ্ৰাসনে স্বকীয়তা নাইকিয়া কৰাৰ সময়তে ক'লা আইনে পিছ নেৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলত সাংবাদিকৰ জীৱন দুৰ্বিসহ হৈ পৰিছে। পুৰুষ কি মহিলা, কোনোৱেই চৰকাৰী পৃষ্ঠপোষকতাৰ অথবা দুৰ্নীতিপৰায়ন লোকৰ হাতত দিনে দিনে অপদস্থ হৈ আহিছে।

⇒ ত্ৰিপুৰাত চৰকাৰী বাহিনীয়ে গুলীয়াই হত্যা কৰিছিল সাংবাদিকক

ত্ৰিপুৰা ষ্টেট ৰাইফৰলছৰ ২নং বেটেলিয়ানে নিজ কেম্পলৈ মাতি নি সাংবাদিক সুদীপ্ত দত্ত ভৌমিকক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰিছিল৷ উত্তাল হৈ পৰিছিল সমগ্ৰ  ত্ৰিপুৰা৷ ছেন্দন পত্ৰিকাৰ সাংবাদিক সুদীপ্তই ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ২নং বেটেলিয়ানত সংঘটিত বিয়াগোম কেলেংকাৰী ফাদিল কৰি ভালেমান প্ৰতিবেদন প্ৰকাশ কৰিছিল। যাৰ ফলত সুদীপ্ত বেটেলিয়ানৰ বিষয়াৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল৷

২০১৭ চনৰ ২০ নৱেম্বৰত ত্ৰিপুৰা ষ্টেট ৰাইফৰলছৰ কামাণ্ডেন্ট ৰতন দেৱবাৰ্মাই সাংবাদিক সুদীপ্তক ধমকি দিয়াৰ লগতে কেম্পলৈ মাতি পঠিয়াই৷ সাংবাদিকগৰাকীয়ে কেম্পত প্ৰবেশ কৰাৰ লগে লগে বেয়াকৈ প্ৰহাৰ কৰে৷ তাৰ পিছতে সাংবাদিকগৰাকীয়ে কেম্পৰ ভিতৰৰ পৰা আহিব খোজেতেই নিচেই ওচৰৰ পৰা নন্দগোপাল ৰিয়াং নামৰ ত্ৰিপুৰা ষ্টিট ৰাইফলছৰ জোৱানজনে সাংবাদিকগৰাকীক লক্ষ্য কৰি গুলীচালনা কৰে৷ ফলত কেম্পতে মৃত্যু হয় সুদীপ্তৰ।

২০১৭ চনৰ ২০ ছেপ্তেম্বৰত সাংবাদিক শান্তনু ভৌমিকক হত্যা কৰিছিল। ইণ্ডিজেনিয়াছ পিপ’লছ ফ্ৰণ্ট অব ত্ৰিপুৰা (IPFT)-এ অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহত ব্যস্ত থকাৰ সময়তে 'দিনৰাত’ নামৰ চেনেলটোত কৰ্মৰত সাংবাদিক শান্তনু ভৌমিক মণ্ডাই নামৰ ঠাইত বাতৰি সংগ্ৰহ কৰি থাকোতেই তেওঁক কোনোৱে পিছফালৰ পৰা আক্ৰমণ কৰি অপহৰণ কৰিছিল।

পিছত সাংবাদিকগৰাকীক কিছু দূৰৈত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে একাংশ লোকে। লগে লগে তেওঁক আগৰতলা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল।

ওপৰত উল্লেখ কৰা ঘটনা সমূহ মাথো কেইটামান ঘটনাহে৷ সাংবাদিক নিগ্ৰহৰ ঘটনাক হিচাপ কৰি শেষ কৰিব নোৱাৰি৷ সময় থাকোতেই সাংবাদিকৰ সুৰক্ষাৰ ব্যৱস্থা চৰকাৰে নকৰিলে গণতন্ত্ৰৰ ধমনীস্বৰূপ সাংবাদিকতাৰ লগতে গণতন্ত্ৰৰ ভৱিষ্যত অন্ধকাৰ হৈ পৰাটো ধুৰুপ।