The Indian Express
The Indian Express

গুৱাহাটীঃ মঙলবাৰৰ পুৱাৰে পৰা ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাৰ যৌথ মঞ্চই আহ্বান জনোৱা বিটিএডি বন্ধৰ সময়ছোৱাত কোকৰাঝাৰৰত জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় নাথক একাংশ বন্ধ সমৰ্থকে বেয়াকৈ মাৰ ধৰ কৰাৰ ঘটনাক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ বাতৰি সংগহ কৰিব যোৱাৰ সময়তে একাংশ লোকে মাৰধৰ কৰে সাংবাদিকগৰাকীক৷

বাতৰি সংগহ কৰিব যোৱাৰ সময়তে একাংশ লোকে মাৰধৰ কৰে সাংবাদিকগৰাকীক৷ তাৰোপৰি বালাজান তিনালীত বন্ধ সমৰ্থনকাৰীসকলে শাক পাচলিৰ দোকানসমুহ লণ্ডভণ্ড কৰি থকাৰ সময়তে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক আক্রমণৰ লক্ষ্য কৰি লয় বন্ধৰ সমৰ্থকে। newsnextone.comৰ আৱাসিক সম্পাদক, আছাম টকচৰ কোকৰাঝাৰৰ সংবাদদাতা তথা জনসাধাৰণ আৰু গণঅধিকাৰ কাকতৰ সাংবাদিক ধনঞ্জয় নাথক মুল লক্ষ্য কৰি লয় আৰু শিল ইটাৰে আক্ৰমণ কৰে।

সাংবাদিক সুৰক্ষা মঞ্চ, অসমে জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় নাথ আৰু ৰবিৰাম বৰগয়ৰীক আক্ৰমণ কৰাৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ সাংবাদিক সংগঠনটোৰ ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা, উপ-সভাপতি মহেন্দ্ৰ পগাগ আৰু সাধৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে সংবাদ মাধ্যমৰ ওপৰত এনে আক্ৰমণম সহ্য কৰা নহ’ব বুলি কয়৷

কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ নিন্দনীয় বুলি কৈ সাংবাদিক সংগঠন সমূহে সাংবাদিকৰ নিৰাপত্তাৰ কথা কৈ আহিছে যদিও চৰকাৰে গুৰুত্ব প্ৰদান নকৰা বুলি অভিযোগ উত্থাপন কৰে সাংবাদিক সুৰক্ষা মঞ্চ, অসমে৷ সংগঠনটোৱে বন্ধৰ দ্বাৰা কোনো সমস্যাৰ সমাধান নহয় বুলি কৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক শীঘ্ৰে সাংবাদিকৰ নিৰাপত্তাৰ বাবে আইন প্ৰৱৰ্তন কৰাৰ দাবী জনায়৷ সংগঠন সমূহে আহ্বান জনোৱা বন্ধৰ জৰিয়তে সমস্যাৰ সমাধান নহয় বুলি কৈ জনসাধৰণৰ শাস্তি হোৱা বুলি কয়৷ সকলো পক্ষক সংযম হৈ পুনৰ কৰ্তব্যৰত সাংবাদিকক আক্ৰমণ নকৰিবলৈ সকীয়াই দিয়ে সংগঠনটোৱে৷