গুৱাহাটীঃ ত্ৰিপুৰা ষ্টেট ৰাইফৰলছৰ ২নং বেটেলিয়ানে নিজ কেম্পলৈ মাতি নি সাংবাদিক সুদীপ্ত দত্ত ভৌমিকক নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰা ঘটনাই উত্তাল কৰি ৰাখিছে ত্ৰিপুৰাক৷ ছেন্দন পত্ৰিকাৰ সাংবাদিক সুদীপ্তই ত্ৰিপুৰা ষ্টেট ৰাইফলছৰ ২নং বেটেলিয়ানত সংঘটিত বিয়াগোম কেলেংকাৰী ফাদিল কৰি বহু কেইটা প্ৰতিবেদন প্ৰকাশ কৰিছিল। যাৰ ফলত সুদীপ্ত বেটেলিয়ানৰ বিষয়াৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছিল৷

মঙলবাৰে ত্ৰিপুৰা ষ্টেট ৰাইফৰলছৰ কামাণ্ডেন্ট ৰতন দেৱবাৰ্মাই সাংবাদিক সুদীপ্তক ধমকি দিয়াৰ লগতে কেম্পলৈ মাতি পঠিয়াই৷ সাংবাদিকগৰাকীয়ে কেম্পত প্ৰবেশ কৰাৰ লগে লগে বেয়াকৈ প্ৰহাৰ কৰে৷ তাৰ পিছতে সাংবাদিকগৰাকীয়ে কেম্পৰ ভিতৰৰ পৰা আহিব খোজেতেই নিচেই ওচৰৰ পৰা নন্দগোপাল ৰিয়াং নামৰ ত্ৰিপুৰা ষ্টিট ৰাইফলছৰ জোৱান জনে সাংবাদিকগৰাকীক লক্ষ্য কৰি গুলীচালনা কৰে৷ কেম্পতে মৃত্যু হয় সুদীপ্তৰ।

প্ৰথমে সাংবাদিকগৰাকীক বেয়াকৈ প্ৰহাৰ কৰাৰ ফলত ৰক্তক্ষৰণ হোৱাৰ অভিযোগ উত্থাপিত হয়৷ ৰক্তক্ষৰণ তথা গুলীয়াই হত্যা কৰি কেইবাঘন্টা পিছতহে আৰক্ষীক খবৰ দিয়ে ত্ৰিপুৰা ষ্টেট ৰাইফৰলছে৷ আৰক্ষীয়ে এই হত্যাকাণ্ড ২ বজাৰ পিছত সংঘটিত হোৱা বুলি সদৰী কৰিলেও ত্ৰিপুৰাৰ সাংবাদিকে এই ঘটনা ১২ বজাতে সংঘটিত হোৱা বুলি দাবী কৰে৷ সাংবাদিকগৰাকীক হত্যা কৰি তথ্য লুকুৱাৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন হয়৷

ইতিমধ্যে এই ঘটনাৰ চিআইডিৰ তদন্ত ঘোষণা কৰিছে ৰাজ্য চৰকাৰে৷ এই ঘটনা সংঘটিত হোৱাৰ পিছতে ৰাজ্য খনত উত্তেজনাই বিৰাজ কৰে৷ একাংশ সাংবাদিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাণ্ডৰ চিবিআইৰ তদন্তৰ দাবী কৰে৷ ছেন্দন পত্ৰিকাৰ সম্পাদক চুবল দে’য়ে সাংবাদিকজন নিকৃষ্ট ষড়যন্ত্ৰৰ বলি হোৱা বুলি কৈ ক্ষোভিত হৈ গৰিহণা দিয়ে।

সাংবাদিকগৰাকীক হত্যা কৰাৰ লগতে তেওৰ দায়েৰী কলম আদি জ্বলাই দিয়া ৰো অভিযোগ উত্থাপন কৰে সম্পাদকগৰাকীয়ে৷ চুবুৰীয়া ৰাজ্যত সংঘটিত হোৱা এই ঘটনাক তীব্ৰ গিৰহণা দিয়ে অসমৰ সাংবাদিক সংগঠন সমূহে৷ সাংবাদিক কৰ্ম পৰিষদ-অসম, জাৰ্ণেলিষ্ট ফৰাম অসম, সাংবাদিক সুৰক্ষা মঞ্চ আদিয়ে তীব্ৰ গৰিহণা দি দোষীক শাস্তি প্ৰদানৰ দাবী জনায়৷ তাৰ মাজতে গুৱাহাটী মহানগৰীৰ সমীপৰ যোৰাবাটত বুধবাৰে পুৱাই ৰাজ পথলৈ ওলাই আহে সাংবাদিক৷ ইণ্ডিয়ান ৰিপ’ৰ্টাৰ্ছ এছ’চিয়েছনৰ, স্থানীয় আছু, জাৰ্নেলিষ্ট ইউনিয়ন আদি সংগঠনে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক চৰকাৰৰ প্ৰতিকৃতি দাহ কৰে৷

ইয়াৰ পূৰ্বে যোৱা ২০ ছেপ্তেম্বৰত সাংবাদিক শান্তনু ভৌমিকক হত্যা কৰিছিল। ইন্ডিজেনিয়াছ পিপ’লছ ফ্ৰণ্ট অব ত্ৰিপুৰা (IPFT)-এ অব্যাহত ৰখা পথ অৱৰোধ কাৰ্যসূচীৰ বাতৰি সংগ্ৰহত ব্যস্ত থকাৰ সময়তে 'দিনৰাত’ নামৰ চেনেলটোত কৰ্মৰত সাংবাদিক শান্তনু ভৌমিক মণ্ডাই নামৰ ঠাইত বাতৰি সংগ্ৰহ কৰি থাকোতেই তেওঁক কোনোৱে পিছফালৰ পৰা আক্ৰমণ কৰি অপহৰণ কৰে।

পিছত সাংবাদিকগৰাকীক কিছু দূৰৈত গুৰতৰভাৱে আঘাতপ্ৰাপ্ত হৈ পৰি থকা অৱস্থাত উদ্ধাৰ কৰে একাংশ লোকে। লগে লগে তেওঁক আগৰতলা চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰিছিল।