মুছলপুৰ/ডিব্ৰুগড়/গুৱাহাটীঃ অসম-মিজোৰাম সীমান্তত এগৰাকী মহিলা সাংবাদিকক অসম আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ সময়তে পুনৰ এগৰাকী সাংবাদিকক ভাবুকি দিয়াৰ অভিযোগে উত্থাপন হোৱাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এইবাৰ সাংবাদিকক ভাবুকি বিটিএডিৰ বাক্সা জিলাৰ সদৰত৷ যোৱা ৭ মাৰ্চত বিটিএডিৰ সদৰত এগৰাকী সাংবাদিকক বন্ধ বিৰোধীয়ে আক্ৰমণ কৰাৰ পিছতেই পুনৰ সাংবাদিকক ভাবুকি দিয়াৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি হৈছে৷

ভূমি নীতি, বিটিচি চুক্তি বাতিলৰ দাবীত কোঁচ ৰাজবংশী ছাত্ৰ সন্থা, আদিবাসী ছাত্ৰ সন্থা, নাথ যোগী ছাত্ৰ সন্থা আৰু গোৰ্খা ছাত্ৰ সন্থাৰ যৌথ মঞ্চই আহ্বান জনোৱা বিটিএডি বন্ধৰ সময়ছোৱাত কোকৰাঝাৰৰত জ্যেষ্ঠ সাংবাদিক ধনঞ্জয় নাথক একাংশ বন্ধ বিৰোধীয়ে বেয়াকৈ মাৰ ধৰ কৰিছিল৷ 

এইবাৰ একেখন বিটিএডিৰ আন এখন জিলা বাক্সা জিলাৰ সদৰ মুছলপুৰত সংঘটিত হৈছে সাংবাদিকক অপহৰণ কৰি নিয়াৰ চেষ্টা কৰাৰ লগতে গত্যাৰ ভাবুকি দিয়াৰ ঘটনা সংঘটিত হৈছে৷ জানিব পৰা মতে, দিল্লীৰ এটা প্ৰতিষ্ঠানে সাংবাদিক নিযুক্তিৰ নামত মুছলপুৰত লুন্ঠনৰাজ চলাই থকাৰ অভিযোগ উত্থাপন হোৱাত বাতৰি পৰিৱেশন কৰিছিল মুছলপুৰৰ জ্যেষ্ঠ সাংবাদিক উৎপল কুমাৰ কলিতাই৷ 

জানিব পৰা মতে, যোৱা ৪ ফেব্ৰুৱাৰীত গণ অধিকাৰ নামৰ গুৱাহাটীৰ পৰা প্ৰকাশিত কাকতত একাংশ লোকে জালিয়াতিৰে ১৫০০ টকাৰ বিনিময়ত চেইন চিষ্টেমত সাংবাদিক নিযুক্তি দি প্ৰেছ কাৰ্ড প্ৰদান কৰা বুলি বাতৰি পৰিৱেশন কৰিছিল৷ কাকতখনে ১৫০০ টকাৰ বিনিময়ত একোখনকৈ প্ৰেছ কাৰ্ড দি লুন্ঠন চলাই আহিছে বুলিও অভিযোগ উত্থাপন কৰিছিল৷ আনহাতে একাংশ অসমৰ ঠগবাজক এজেন্ট হিচাপে নিযোগ কৰা বুলি অভিযোগ উত্থাপন কৰিছিল৷

এই বাতৰি প্ৰকাশ পোৱাৰ পিছতেই ১১ মাৰ্চৰ আবেলি প্ৰায় ৫বজাত দুখন বিলাসী বাহনত প্ৰায় ২০জনীয়া দল এটাই একাংশ স্থানীয় প্ৰাক্তন ছালফাৰ সৈতে সাংবাদিক উৎপল কুমাৰ কলিতাৰ মুছলপুৰৰ সুৱনশ্ৰীৰ বাসগৃহলৈ আহে৷ ২০ জনীয়া দলটোৱে ‘আমাৰ বিৰুদ্ধে কিয় বাতৰি লিখিছা, তোক উঠাই লৈ যাম, তোক চাই লম’ বুলি ভাবুকি দিয়া বুলি অভিযোগ উত্থাপন কৰে সংবাদিকগৰাকীক৷ 

সাংবাদিকগৰাকীৰ বাসগৃহত দলটোৱে উপস্থিত হৈ ভাবুকি দিয়ে ক্ষান্ত নাথাকি পুনৰ মোবাইল যোগে ফোন কৰি হিন্দী ভাষাত কথোপ কথন কৰি ভাবুকী প্ৰদান কৰে। ইতিমধ্যে ঘটনা সন্দৰ্ভত সাংবাদিক কলিতাই মুছলপুৰ সদৰ থানাৰ অন্তৰ্গত নিকাছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। সাংবাদিক সুৰক্ষা মঞ্চ অসমকে ধৰি বিভিন্ন সংগঠনে সাংবাদিক জনৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লগতে এই ক্ষেত্ৰত উচিত তদন্ত কৰি ব্যৱস্থা গ্ৰহনৰ দাবী জনায়।

আনহাতে একেটা অভিযোগকে উত্থাপন কৰিছে সাংবাদিক সুৰক্ষা মঞ্চই৷ সাংবাদিক সুৰক্ষা মঞ্চ ভাৰপ্ৰাপ্ত সভাপতি ছিৰাজুল ইছলাম, কাৰ্যকৰী সভাপতি হেমন্ত শৰ্মা আৰু সাধৰণ সম্পাদক জ্যোতিষ কুমাৰ পাতিৰে সাংবাদিকৰ কাৰ্ড দিয়াৰ নামত ৰাজ্যৰ যুৱকৰ পৰা লুন্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰে৷ 

আনহাতে, সাংবাদিক সংগঠনটোৱে মুছলপুৰৰ সাংবাদিক উৎপল কুমাৰ কলিতাক ভাবুকি দিয়া কাৰ্যক গৰিগণা দিয়ে৷ ভ্ৰষ্টচাৰী বিৰোধী মঞ্চ নামৰ এটা দিল্লীৱালা নামৰ অনুষ্ঠানে টকা লুন্ঠন কৰাৰ অভিযোগ উত্থাপন কৰাৰ লগতে সাংবাদিকক ভাবুকি দিয়া লোকসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই সাংবাদিক সংগঠনটোৱে৷