ডিব্ৰুগড়ঃ ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰি ৰাজ্যবাসীয়ে পালন কৰিছে ভোগৰ উৎসৱ ভোগালী বিহু৷ দল-সংগঠনে অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জনায়৷ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই অসমবাসীক শুভেচ্ছা যাচে৷

এক বিবৃতি যোগে অসমীয়া সংস্কৃতিৰ অতীজৰ পৰম্পৰাক আমাৰ শক্তি বুলি কয়৷ এই পৰম্পৰাক বিপথে পৰিচালিত নকৰি আমাৰ গীত মাত, সাজ-পোছাকৰ ঐতিহ্যক জীয়াই ৰাখিবলৈ আহ্বান জনাই যুগল বৰুৱাই৷ আনহাতে অসম গণ পৰিষদৰ নেতা নিপুল কোঁৱৰেওঁ  অসমবাসীক বিহুৰ শুভেচ্ছা যাচি সকলোৰে মংগল কামনা কৰে৷