গুৱাহাটীঃ কংগ্ৰেছ চৰকাৰৰ দিনত ২০০৯ চনৰ ডিচেম্বৰ মাহত সোণাপুৰৰ হাৰ্চ চিটিৰ সমীপত যোগ দলত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া খৰতকীয়া হোৱা পৰিলক্ষিত হৈছে৷ বিজেপি চৰকাৰে এই ঘটনাক গুৰুত্ব সহকাৰে লৈ অতি জঘণ্য হত্যাকাণ্ডৰ প্ৰকৃত ৰহস্য ফাদিল কৰাৰ লগতে ঘটনাৰ সৈতে জড়িত লোকক শাস্তি দিয়াৰ বাবে কাম কৰি থকা পৰিলক্ষিত হৈছে৷

চিআইডিয়ে ২০০৯ চনত সোণাপুৰৰ আৰক্ষী থানাৰ কৰ্মৰত বিষয়াক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে৷ যোৱা ৬ ডিচেম্বৰৰ নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ ডেকা আৰু বৰগাং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আব্দুল মতলিব চৌধুৰীক গ্ৰেপ্তাৰ কৰাৰ পিছৰে পৰা ঘটনাই নতুন মোৰ লৈছে৷ পুনৰ চৰ্চালৈ আহিছে যোগদল হত্যাকাণ্ডৰ ঘটনা।

সেই সময়ৰ সোণাপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ ডেকা আৰু আব্দুল মতলিব চৌধুৰীৰ বিৰুদ্ধে হৰকান্ত দলৈৰ ঘৰ জ্বলাই দি তথ্য নষ্ট কৰাৰ লগতে গোচৰৰ বহু নথি নষ্ট কৰাৰ অভিযোগ উত্থাপন হয়৷ ইমানে নহয় হাৰ্ট চিটত অগ্নি সংযোগ কৰিবৰ বাবে পৰিকল্পনা কৰাৰ লগতে পৰিস্থিতিৰ সৈতে মোকাবিলা নকৰাৰ অভিযোগ উত্থাপন হয়৷ উত্তেজিত ৰাইজক ক্ষান্ত কৰাৰ লগতে অগ্নি নিৰ্বাপনৰ ব্যৱস্থা নকৰাৰ অভিযোগ উত্থাপন হয়৷

হৰকান্ত দলৈৰ ঘৰ জ্বলি থকাৰ সময়ত অগ্নি নিৰ্বাপনৰ ব্যৱস্থা নকৰাৰ লগতে দুয়োগৰাকী বিষয়াই ঘটনাৰ সৈতে ওতঃপ্ৰোত ভাবে জড়িত থকা বুলি বিজেপি নেত্ৰী বিজয়া চক্ৰৱৰ্তী আৰু দুলাল বৰাই অভিযোগ উত্থাপন কৰিছিল৷ তাৰ মাজতে চিআইডিয়ে ঘটনাৰ তথ্য তথা প্ৰমাণ লাভৰ পৰা ৰাইজৰ পৰা সাক্ষ্য গ্ৰহণ কৰিব৷ শুকুৰবাৰে চিআইডিৰ দলে সোণাপুৰত উপস্থিত হৈ যোগদল হত্যাকাণ্ডৰ সৈতে কোনো তথ্য-প্ৰমাণ কোনো লোকৰ হাতত থাকিলে সেয়া সংগ্ৰহ কৰিব৷

চিআইডিৰ দলে ১৮ ডিচেম্বৰলৈ সোণাপুৰৰ ৰাইজৰ সাক্ষ্য গ্ৰহণ কৰিব৷ সোণাপুৰৰ গড়কাপ্তানি পৰিদৰ্শন বঙলাত অনুষ্ঠিত কৰিছে সাক্ষ্য গ্ৰহণ কৰিব৷ স্থানীয় যিকোনো লোকে লোকে ঘটনা সন্দৰ্ভত সাক্ষ্য দিব পাৰিব৷ সাক্ষ্যত তথ্য প্ৰমাণ দিয়াৰ লগতে সেই সময়ৰ যিকোনো প্ৰমাণ দলটোক ৰাইজে দিব পাৰিব৷ কোনো লোকে তথ্য প্ৰমাণ দি নিজৰ নাম গোপনে ৰাখিব বিছাৰিলে চিআইডিৰ দলে গোপনে ৰাখিব৷ প্ৰয়োজনত ৯৪০১৫-১৫৬০৭ নম্বৰৰ মোবাইল যোগেও সাক্ষ্য দিব পাৰিব চিআইডিক৷

একেটা পৰিয়ালৰ ৫গৰাকী লোক সহ মুঠ ৬গৰাকী লোকক হত্যা কৰা হৈছিল যোদদল কাণ্ডত৷ এটি দৰিদ্ৰ পৰিয়ালৰ ৬গৰাকী লোকক হত্যা কৰিছিল৷ সেই সময়ৰ বিতৰ্কিত হাৰ্ট চিটিৰ কৰ্মচাৰী হৰকান্ত দলৈ আৰু স্বপ্না দলৈয়ে তিনি সন্তান সহ হাৰ্ট চিটিৰ সমীপতে সাধাৰণ ঘৰ এটাত বাস কৰিছিল৷ শ্ৰমিক হিচাপে কাম কৰি পোৱা টকা কেইটাৰে ঘৰ চলোৱাৰ লগতে সন্তানক চৰকাৰী বিদ্যালয়ত পঢ়ুৱাই আছিল৷

২০০৯ চনৰ ১৩ ডিচেম্বৰৰ নিশা তেওলোকৰ জীৱনৰ বাবে কাল নিশা হৈ নামি আহিছিল৷ তেওলোকৰ বাবে সেই নিশা আছিল যন্ত্ৰণাৰ নিশা৷ ২০০৯ চনিৰ ১৩ ডিচেম্বৰৰ নিশা আছিল তেওলোকৰ অন্তিম নিশা৷ নিশা হয়তো তেওলোকে আহাৰ গ্ৰহণ কৰি বিছনাত বাগৰ দিছিল৷ তেতিয়াই ঘাটকে জমদূত হৈ প্ৰবেশ কৰিছিল তেওলোকৰ ঘৰত৷ চোকা অস্ত্ৰৰে আঘাত কৰি হানি-খুচি হত্যা কৰিছিল তেওলোকৰ পৰিয়ালটোক৷

হৰকান্ত দলৈ (৪৫) পত্নী স্বপ্না দলৈ (৪০) কন্যা চবিতা দলৈ (১২) প্ৰতিভা দলৈ (৯) পুত্ৰ অতুল দলৈ(৬) আৰু আত্মীয় টুকেন দলৈক হত্যা কৰিছিল৷ এই ঘটনাৰ সৈতে প্ৰাক্তন মন্ত্ৰী অকণ বৰা জড়িত থকাৰ অভিযোগ উত্থাপন হৈ আহিছি৷ অকণ বৰাৰ প্ৰৰোচনাতে যোগদল হত্যাকাণ্ড সংঘটিত হোৱা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷