Printer-friendly version

গুৱাহাটীঃ গুৱাহাটীৰ জ্যোতিনগৰত ‘জ্যোতিনগৰ সংঘ’ৰ উদ্যোগত কৰ’না প্ৰতিৰোধৰ বাবে চৰকাৰে ঘোষণা কৰা লকডাউনৰ ফলত কৰ্মহীন হৈ পৰা দিনহাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ৰাইজক কিছু সকাহ দিয়াৰ উদ্দেশ্যে খাদ্য-বস্তু বিতৰণ কৰা হয়।

মহানগৰীৰ জ্যোতিনগৰ অঞ্চলৰ অগ্ৰণী সামাজিক অনুষ্ঠান ‘জ্যোতিনগৰ সংঘ’ নামৰ এই সংঘটোৱে প্ৰতিষ্ঠাকালৰে পৰা বিগত প্ৰায় ৫০ বছৰেই বিভন্ন দুৰ্য্যোগৰ সময়ত এনেদৰে ৰাইজক সহায় কৰি আহিছে৷ 

সাধাৰণ সম্পাদক হৰেকৃষ্ণ তালুকদাৰে জনোৱা মতে যোৱা শনিবাৰে অঞ্চলটোৰ ১০০টাৰো অধিক পৰিয়ালৰ মাজত চাউল-দাইল, শাক-পাচলি, গাখীৰ-বিস্কুট আদি বিতৰণ কৰে সংঘৰ সদস্যসকলে। সংঘৰ এই কাৰ্যৰ শলাগ লৈছে স্থানীয় ৰাইজে।