মোৰাঝাৰঃ কাবাডী খেলৰ প্ৰচাৰ তথা হোজাই জিলাৰ যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় কৰিবলৈ নুৰ উদ্দিন আহমেদ ফাউণ্ডেছনৰ অনুষ্ঠিত কৰে কাবাডী প্ৰতিযোগিতা৷ হোজাই জিলাৰ  মোৰাঝাৰত অনুষ্ঠিত হোৱা কাবাডী প্ৰতিযোগিতাৰ চূড়ান্ত খেল খন দেওবাৰে নিশা অনুষ্ঠিত হয়৷

মোৰাঝাৰ গাইডেন্স জুনিয়ৰ কলেজ চৌহদত অনুষ্ঠিত খেল খনত মোৰাঝাৰ অমৰজোতি দল আৰু চৌধৰী বজাৰ দলৰ মাজত অনুষ্ঠিত হয়৷ তীব্ৰ উত্তেজনা পূৰ্ণ খেল খনত অমৰজোতি দলে চূড়ান্ত বিজয়ীৰ সন্মান অৰ্জন কৰে৷ ৰানাৰ্চ আপ খিতাপ অৰ্জন কৰে চৌধৰী বজাৰ দলে৷

খেলখন উপভোগ তথা বঁটা বিতৰণি সভাত উপস্থিত থাকে প্ৰকৃতিপ্ৰেমী ড০ ৰহমত আলী লস্কৰ, যুৱ সমাজসেৱী ৰেহান উদ্দিন, মোৰাঝাৰ ক্ৰীড়া সন্থাৰ সভাপতি অলিউৰ ৰহমান, মোৰাঝাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অজিত তেৰাং, জাতীয় একাডেমীৰ সঞ্চালক বিলাল উদ্দিনকে ধৰি নুৰ উদ্দিন আহমেদ ফাউণ্ডেচনৰ স্বাত্বাধীকাৰী মাষ্টাৰ নুৰ উদ্দিন আহমেদ।

বৰহাওৰস্থিত নুৰ উদ্দিন আহমেদ ফাউণ্ডেছনৰ দ্বাৰা পৰিচালিত নৈশ কাবাডী প্ৰতিযোগিতা খনৰ প্ৰথম পুৰস্কাৰ ১২০০০ টকা আৰু দ্বিতীয় পুৰস্কাৰ ৮০০০টকাৰ লগতে বঁটা প্ৰদান কৰা হয়। খেল পৰিচালনা সমিতিৰ সম্পাদক ছাদিকুজ জামানে আঁত ধৰে বঁটা প্ৰদান অনুষ্ঠানৰ৷ খেল আৰম্ভ হোৱাৰ পূৰ্বে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ এটি গীতেৰে খেলৰ শুভাৰম্ভ কৰা হয়৷