কলিয়াবৰঃ পঞ্চায়ত নিৰ্বাচনলৈ কেই ঘন্টামান বাকী৷ কলিয়াবৰৰ জখলাবন্ধাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে বিজেপিৰ প্ৰভাৱ শালী নেতা হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁৰ লগত উপস্থিত থাকে দ্বীপলু ৰঞ্জন শৰ্মা, কলিয়াবৰ সভাপতি অনিল শইকীয়াৰ আৰু বহু কেইজন নেতাই অংশগ্ৰহণ কৰে এই সভাত।

বিশাল জন সভাত উপস্থিত হৈয়ে ক্ষুৰ ধাৰ সমালোচনাত মন্ত্ৰী গৰাকীয়ে কলিয়াবৰৰ বিধায়ক তথা জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে কংগ্ৰেছৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ বিষয়ে সমালোচনা কৰে৷ লগতে মন্ত্ৰীগৰাকীয়ে অসমীয়াৰ স্বাৰ্থত বিজেপিয়ে যিকোনো পৰ্যায়লৈ যাবলৈ সাজু আছে বুলি বুকু দাঠি কয়৷

বিভিন্ন প্ৰতিশ্ৰুতিৰে জনসাধাৰণক আৰ্কষণ কৰিবলৈ সক্ষম হয় বুলি একাংশ লোকে অৱগত কৰে৷ আনহাতে, প্ৰাথমিক বিদ্যালয়েত নহয়, এইবাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰৰ ছাত্ৰ-ছাত্ৰী সকলেও বিনামূলীয়া ইউনিফৰ্ম পাব বুলি হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰচাৰত ৰাইজৰ আগত প্ৰতিশ্ৰুতি দিয়ে৷