কোকৰাঝাৰঃ  জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীৰ প্ৰতি ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰদৰ্শন কৰা শেহতীয়া স্থিতিত ক্ষুণ্ণ হৈ পৰিছে সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছু। কোকৰাঝাৰ প্ৰেছ ক্লাৱত অাজি অনুষ্ঠিত এক সংবাদমেলত অাক্ৰাছুৰ সভাপতি প্ৰদীপ ৰায় অাৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে কয় যে কোচ ৰাজবংশীসকলৰ সমস্যা সমাধানত পূৰ্বৰ কংগ্ৰেছ আৰু বৰ্তমানৰ বিজেপি চৰকাৰৰ মাজত কোনো পাৰ্থক্য নাই ।

  • ২১ মাৰ্চৰ পৰা ৩৬ ঘন্টীয়া প্ৰস্তাৱিত কমতাপুৰ বন্ধ 
  • ৩০ মাৰ্চত ১২ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
  • ১২ এপ্ৰিলত ১২ ঘন্টীয়া ৰে'লপথ অৱৰোধ 
  • ২৪ এপ্ৰিলৰ পৰা  ১০০ ঘন্টীয়া চকা বন্ধৰ আহ্বান 

কংগ্ৰেছ দলে যেনেকৈ বিভিন্ন সময়ত কোচ ৰাজবংশীৰ সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দি আহিছিল বিজেপি দলেও একেই পন্থাৰ আশ্ৰয় লৈছে। সংগঠনৰ নেতাদুগৰাকীয়ে ক্ষোভ উজাৰি সংবাদ মাধ্যমৰ আগত কয় যে যোৱা লোকসভা নিৰ্বাচনৰ সময়ত বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰিলেই ৬ মাহৰ ভিতৰতে জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছত বিজেপিয়ে ওলোটাই জনজাতিকৰণৰ ক্ষেত্ৰত পূৰ্বৰ চৰকাৰৰ অামোলত হোৱা সকলো অনুমোদন নাকচ কৰি নতুন আৰ্হি সলনিৰ জৰিয়তে জনজাতিকৰণৰ প্ৰস্তাৱ ল'লে যদিও বৰ্তমানেও আৰ্হি সলনিৰ প্ৰতিবেদন দাখিল নহ'ল ।

আনহাতে ৰাজ্য চৰকাৰৰ হাততো জনজাতিকৰণ সন্দৰ্ভত কোনো তথ্য নাই বুলি চলিত বিধান সভাত মন্ত্ৰী প্ৰমীলা ৰানী ব্ৰহ্মই স্পষ্ট কৰি দিয়া ঘটনাই প্ৰকৃততে যে কোচ ৰাজবংশীৰ সমস্যা সমাধানত চৰকাৰৰ সদিচ্ছা নাই সেয়া স্পষ্ট কৰি তুলিছে। তেনেক্ষেত্ৰত জনজাতিকৰণ অাৰু পৃথক কমতাপুৰ ৰাজ্য গঠন সন্দৰ্ভত ত্ৰিপাক্ষিক অালোচনাৰ দাবী উত্থাপন কৰি  অহা ২০ মাৰ্চৰ ভিতৰতে ত্ৰিপাক্ষিক আলোচনা সম্পন্ন নহ'লে ২১ মাৰ্চৰ পৰা ৩৬ ঘন্টীয়া প্ৰস্তাৱিত কমতাপুৰ বন্ধ, ৩০ মাৰ্চত ১২ ঘণ্টীয়া ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ১২ এপ্ৰিলত ১২ ঘন্টীয়া ৰে'লপথ অৱৰোধ, ২৪ এপ্ৰিলত ১০০ ঘন্টীয়া চকা বন্ধ আৰু এপ্ৰিল মাহৰ শেষত আইন অমান্য আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি সংবাদমেলত সদৰী কৰে আক্ৰাছুৰ সভাপতি প্ৰদীপ ৰায় অাৰু সাধাৰণ সম্পাদক গোকুল বৰ্মনে। 

ইপিনে আক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে সংস্কৃত ভাষাক বাধ্যতামূলক কৰিবলৈ কেবিনেটে লোৱা সিদ্ধান্ত সন্দৰ্ভতো নিজ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । চৰকাৰে পৰিকল্পিতভাৱে জনগোষ্ঠীসমূহৰ নিজ নিজ মাতৃ ভাষাক নি:শেষ কৰি বলপূৰ্বকভাৱে ভাৰতীয়কৰণ কৰিব বিচাৰিছে বুলি মন্তব্য কৰি সংস্কৃত ভাষাক বাধ্যতামূলক নকৰি তেওঁ অষ্টমশ্ৰেণীলৈ সকলো জাতি-জনগোষ্ঠীৰ মাতৃ ভাষাক বাধ্যতামূলক কৰাৰ অাহ্বান জনায়।

মৌলিক অধিকাৰ খৰ্ব কৰি নিজ মাতৃভাষাত শিক্ষা গ্ৰহণৰ পৰা কোনো চৰকাৰে কাকো আঁতৰাই ৰখাৰ অধিকাৰ নাই অাৰু অপ্ৰয়োজনীয় ভাষা এটা জাপি দিয়াটো কোনোপধ্যে সমৰ্থনযোগ্য নহয় বুলি উল্লেখ কৰি গোকুল বৰ্মনে অালফা (স্বাধীন)ই সংস্কৃত ভাষাৰ পৰিৱৰ্তে অসমত বড়ো ভাষা প্ৰৱৰ্তন কৰিবলৈ উপদেশ দিয়াটোও হাস্যকৰ বুলি মন্তব্য কৰে। এনে উপদেশ অালফা(স্বাধীন)ৰ অপৰিপক্ক, অদূৰদৰ্শী চিন্তাৰ এক প্ৰতিফলন বুলিও মত প্ৰকাশ কৰে অাক্ৰাছুৰ সাধাৰণ সম্পাদক গোকুল বৰ্মনে ।